Shuru
Apke Nagar Ki App…
বৰপেটা জিলাৰ কুৰিহা অঞ্চলত এগৰাকী তিনিমহীয়া কণ্যাৰ মাতৃয়ে ন্যায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। তেওঁ কুৰিহাৰ ছাইফুল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
News Headlines 24×7
বৰপেটা জিলাৰ কুৰিহা অঞ্চলত এগৰাকী তিনিমহীয়া কণ্যাৰ মাতৃয়ে ন্যায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। তেওঁ কুৰিহাৰ ছাইফুল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
More news from অসম and nearby areas
- বৰপেটা জিলাৰ কুৰিহা অঞ্চলত এগৰাকী তিনিমহীয়া কণ্যাৰ মাতৃয়ে ন্যায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। তেওঁ কুৰিহাৰ ছাইফুল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।1
- বনবাহাৰ গাঁৱত পিএম কিষাণ যোজনাৰ নামত এক বৃহৎ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে। খাইৰুল নামৰ এজন লোকৰ বিৰুদ্ধে গাঁৱৰ একাংশ সৰলমনা লোকক পিএম কিষাণ যোজনাৰ ধন উলিয়াই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰতিজনৰ পৰা ৩ হাজাৰৰ পৰা ৪ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে। অভিযোগ অনুসৰি, অভিযুক্ত খাইৰুলে চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি পিছত উধাও হৈছিল। ইয়াৰ ফলত গাঁওবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। বুধবাৰে বিয়লিৰ ভাগত বনবাহাৰ গাঁৱৰ ৰাইজে খাইৰুলক জবাবদিহি কৰিবলৈ বাধ্য কৰে, যাৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে গাঁৱৰ সহজ-সৰল আৰু দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি এনে প্ৰতাৰণাৰ জাল পতা হৈছে। ৰাইজে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ঘটনাৰ পাছত স্থানীয় সচেতন মহলে পিএম কিষাণৰ নামত ধন সংগ্ৰহ কৰা কোনো ব্যক্তিক বিশ্বাস নকৰিবলৈ আৰু সন্দেহজনক কাৰ্যকলাপ দেখা পালে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে।1
- PM কিসান আঁচনিৰ সুবিধা দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, যি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। বৰপেটা জিলাৰ কয়াকুছিৰ বনবাহাৰ অঞ্চলত বনবাহাৰৰ খাইৰুল নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। খাইৰুলৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলজুৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত ব্যাপক ক্ষোভ আৰু আলোচনা চলি আছে।1
- বৰপেটা জিলাৰ নবগঠিত মন্দিয়া সমষ্টিৰ ডাউকমাৰীৰ পৰা কাছুকাটী হৈ বাংলীপাৰালৈ যোৱা একমাত্ৰ পথটো বিগত ৫-৬ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই গুৰুত্বপূৰ্ণ পথছোৱা সামান্য বৰষুণতেই একাঠু পৰ্যন্ত পানী আৰু বোকাৰে একাকাৰ হৈ পুখুৰী সদৃশ ৰূপ লয়। ফলস্বৰূপে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়। পথৰ এই শোচনীয় অৱস্থাৰ বাবেই গাঁওখনত কোনো জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব নোৱাৰে। ইয়াৰ পৰিণতিত, জৰুৰী সময়ত চিকিৎসাৰ অভাৱত গাঁৱবাসীয়ে গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, বিগত ৫-৬ বছৰ ধৰি পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ক্ষুব্ধ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবী জনাইছে। তেওঁলোকে স্থানীয় বিধায়ক, পঞ্চায়ত সভানেত্ৰী আৰু জিলা প্ৰশাসনক অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা, অনাগত দিনত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে গাঁৱবাসীয়ে।3
- বঙাইগাঁও জিলাৰ গোলাপাৰাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, য'ত এজন ৬০ বছৰীয়া ব্যক্তিৰ ধানকলত মৃত্যু হৈছে।1
- যোৱা ৰাতিৰে পৰা এটা বিতৰ্কিত ফেচবুক পোষ্টে সমগ্ৰ বকো অঞ্চলত তোলপাৰ সৃষ্টি কৰিছে।1
- কামৰূপ জিলাৰ ছমৰীয়াৰ লটুৰাদিয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সম্প্রীতি ভোজনত ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমী খাদ্য লাভ কৰি উৎফুল্লিত হৈ পৰে। এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীসকলক বতৰৰ ফলসমূহৰ বিষয়ে চিনাকি কৰাই দিয়াৰ লগতে সেইবোৰৰ সোৱাদ ল'বলৈ প্ৰদান কৰে, যাৰ ফলত সকলোৱে যথেষ্ট আনন্দ লাভ কৰে।1
- পিএম কিষাণ আঁচনিৰ কিস্তিৰ টকা উঠাই দিয়াৰ বাবে একাংশই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।1