logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণৰ্থে ১৮ মে’ৰ পৰা ২৫ মে’লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে” শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি কৰা, হিতাধিকাৰী সম্পৃক্তকৰণ সুনিশ্চিত কৰা আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰা। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো জিলা আয়ুক্ত সুমিত ছাত্তাৱানে ১৮ মে’ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়, য'ত যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰত সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক’ৰ আয়োজন কৰা হৈছিল, যাৰ যোগেদি বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়, য'ত ৰাইজে বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে আৰু বিভাগীয় প্ৰতিনিধিসকলে সেইসমূহ লিখিতভাৱে নথিভুক্ত কৰে যাতে পৰৱৰ্তী সময়ত দ্ৰুত সমাধান কৰিব পৰা যায়। এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভিন্ন বিভাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে, আৰু আশা কৰা হৈছে যে এই কাৰ্যসূচীয়ে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

13 hrs ago
user_Sadiya Time
Sadiya Time
Local News Reporter Sadiya, Tinsukia•
13 hrs ago

ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণৰ্থে ১৮ মে’ৰ পৰা ২৫ মে’লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে” শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি কৰা, হিতাধিকাৰী সম্পৃক্তকৰণ সুনিশ্চিত কৰা আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰা। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো জিলা আয়ুক্ত সুমিত ছাত্তাৱানে ১৮ মে’ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়, য'ত যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰত সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক’ৰ আয়োজন কৰা হৈছিল, যাৰ যোগেদি বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়, য'ত ৰাইজে বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে আৰু বিভাগীয় প্ৰতিনিধিসকলে সেইসমূহ লিখিতভাৱে নথিভুক্ত কৰে যাতে পৰৱৰ্তী সময়ত দ্ৰুত সমাধান কৰিব পৰা যায়। এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভিন্ন বিভাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে, আৰু আশা কৰা হৈছে যে এই কাৰ্যসূচীয়ে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

More news from Tinsukia and nearby areas
  • ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণৰ্থে ১৮ মে’ৰ পৰা ২৫ মে’লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে” শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি কৰা, হিতাধিকাৰী সম্পৃক্তকৰণ সুনিশ্চিত কৰা আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰা। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো জিলা আয়ুক্ত সুমিত ছাত্তাৱানে ১৮ মে’ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়, য'ত যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰত সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক’ৰ আয়োজন কৰা হৈছিল, যাৰ যোগেদি বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়, য'ত ৰাইজে বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে আৰু বিভাগীয় প্ৰতিনিধিসকলে সেইসমূহ লিখিতভাৱে নথিভুক্ত কৰে যাতে পৰৱৰ্তী সময়ত দ্ৰুত সমাধান কৰিব পৰা যায়। এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভিন্ন বিভাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে, আৰু আশা কৰা হৈছে যে এই কাৰ্যসূচীয়ে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।
    1
    ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণৰ্থে ১৮ মে’ৰ পৰা ২৫ মে’লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে” শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি কৰা, হিতাধিকাৰী সম্পৃক্তকৰণ সুনিশ্চিত কৰা আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰা। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হৈছিল।

সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো জিলা আয়ুক্ত সুমিত ছাত্তাৱানে ১৮ মে’ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়, য'ত যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰত সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক’ৰ আয়োজন কৰা হৈছিল, যাৰ যোগেদি বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়, য'ত ৰাইজে বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে আৰু বিভাগীয় প্ৰতিনিধিসকলে সেইসমূহ লিখিতভাৱে নথিভুক্ত কৰে যাতে পৰৱৰ্তী সময়ত দ্ৰুত সমাধান কৰিব পৰা যায়।

এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভিন্ন বিভাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে, আৰু আশা কৰা হৈছে যে এই কাৰ্যসূচীয়ে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter Sadiya, Tinsukia•
    13 hrs ago
  • মাকুম মা পৰিবাৰৰ উদ্যোগত মাকুমত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই আধ্যাত্মিক আৰু বৰ্ণিল শোভাযাত্ৰাত অঞ্চলটোৰ বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। ধৰ্মীয় পৰম্পৰা, নাম-কীৰ্তন আৰু ভক্তিমূলক পৰিৱেশৰ মাজেৰে শোভাযাত্ৰাটিয়ে মাকুমৰ মূল পথসমূহ পৰিভ্ৰমণ কৰে।
    1
    মাকুম মা পৰিবাৰৰ উদ্যোগত মাকুমত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই আধ্যাত্মিক আৰু বৰ্ণিল শোভাযাত্ৰাত অঞ্চলটোৰ বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। ধৰ্মীয় পৰম্পৰা, নাম-কীৰ্তন আৰু ভক্তিমূলক পৰিৱেশৰ মাজেৰে শোভাযাত্ৰাটিয়ে মাকুমৰ মূল পথসমূহ পৰিভ্ৰমণ কৰে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    12 hrs ago
  • ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে অধিক মুনাফা আদায় কৰিব নোৱাৰে, তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা আয়ুক্তই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, তিনিচুকীয়াৰ বজাৰৰ বিভিন্ন পাইকাৰী দোকানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে বিশেষ অভিযান চলায়। অভিযানৰ সময়ত বিষয়াসকলে খাদ্যৰ দাম, ষ্টক ৰেজিষ্টাৰ, মজুতৰ ব্যৱস্থা আৰু বিক্ৰীৰ ৰেকৰ্ড পুংখানুপুংখভাৱে পৰীক্ষা কৰে। কেইবাজনো দোকানীক তেওঁলোকৰ দোকানৰ বাহিৰত সামগ্ৰীৰ মূল্যৰ তালিকা প্ৰদৰ্শন কৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হয়, যাতে গ্ৰাহকে সঠিক মূল্য লাভ কৰে আৰু যিকোনো সম্ভাৱ্য অনিয়ম দূৰ কৰিব পাৰি। লগতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে স্পষ্টভাৱে সকীয়নী প্ৰদান কৰিছে।
    2
    ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে অধিক মুনাফা আদায় কৰিব নোৱাৰে, তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা আয়ুক্তই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, তিনিচুকীয়াৰ বজাৰৰ বিভিন্ন পাইকাৰী দোকানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে বিশেষ অভিযান চলায়।

অভিযানৰ সময়ত বিষয়াসকলে খাদ্যৰ দাম, ষ্টক ৰেজিষ্টাৰ, মজুতৰ ব্যৱস্থা আৰু বিক্ৰীৰ ৰেকৰ্ড পুংখানুপুংখভাৱে পৰীক্ষা কৰে। কেইবাজনো দোকানীক তেওঁলোকৰ দোকানৰ বাহিৰত সামগ্ৰীৰ মূল্যৰ তালিকা প্ৰদৰ্শন কৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হয়, যাতে গ্ৰাহকে সঠিক মূল্য লাভ কৰে আৰু যিকোনো সম্ভাৱ্য অনিয়ম দূৰ কৰিব পাৰি। লগতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে স্পষ্টভাৱে সকীয়নী প্ৰদান কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • সোমবাৰে তিনিচুকীয়াৰ শদিয়াৰ চেংচাপ আৰক্ষী থানাৰ অন্তৰ্গত ন-পতীয়া গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এখন তীব্ৰবেগী বাইকৰ খুন্দাত দীপশিখা গুৰুং নামৰ ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে একে বয়সৰ আন এটি শিশু গুৰুত্বপূৰ্ণভাৱে আহত হয়। এই শোকাৱহ ঘটনাৰ পাছতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে। বাইক আৰোহীক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে চেংচাপ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
    1
    সোমবাৰে তিনিচুকীয়াৰ শদিয়াৰ চেংচাপ আৰক্ষী থানাৰ অন্তৰ্গত ন-পতীয়া গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এখন তীব্ৰবেগী বাইকৰ খুন্দাত দীপশিখা গুৰুং নামৰ ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে একে বয়সৰ আন এটি শিশু গুৰুত্বপূৰ্ণভাৱে আহত হয়।

এই শোকাৱহ ঘটনাৰ পাছতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে। বাইক আৰোহীক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে চেংচাপ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    9 hrs ago
  • চৰকাৰৰ ভূমিকাক লৈ গভীৰ হতাশাত ভূগি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তেওঁৰ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত নোহোৱাৰ ফলত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
    1
    চৰকাৰৰ ভূমিকাক লৈ গভীৰ হতাশাত ভূগি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তেওঁৰ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত নোহোৱাৰ ফলত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    12 hrs ago
  • নতুন অসমীয়া ছবি 'অন্তৰাল' এতিয়া দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, যিখন এখন সুন্দৰ কাহিনীভিত্তিক সাস্পেন্স থ্ৰিলাৰ হিচাপে সীমাহীন মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিয়ে ডিব্ৰুগড়ত দৰ্শক-শ্ৰোতাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰি হাউছফুল হোৱাৰ দৰে সমাদৰ পাইছে। সমাজলৈ এখন সুন্দৰ বাৰ্তা কঢ়িয়াই অনা এই ছবিখনক অসমৰ বিভিন্ন চিনেমা গৃহতো দৰ্শক ৰাইজে একেদৰে উৎসাহিত আৰু আদৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    1
    নতুন অসমীয়া ছবি 'অন্তৰাল' এতিয়া দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, যিখন এখন সুন্দৰ কাহিনীভিত্তিক সাস্পেন্স থ্ৰিলাৰ হিচাপে সীমাহীন মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিয়ে ডিব্ৰুগড়ত দৰ্শক-শ্ৰোতাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰি হাউছফুল হোৱাৰ দৰে সমাদৰ পাইছে। সমাজলৈ এখন সুন্দৰ বাৰ্তা কঢ়িয়াই অনা এই ছবিখনক অসমৰ বিভিন্ন চিনেমা গৃহতো দৰ্শক ৰাইজে একেদৰে উৎসাহিত আৰু আদৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    user_Huntu sen kachari
    Huntu sen kachari
    Actor Dhemaji, Assam•
    14 min ago
  • ধেমাজিৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰিল বিদ্যালয়খনৰ চকীদাৰ দিলিন ভূঞা। স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা ইটা চুৰি কৰি নিয়াৰ সময়তে দিলিন ভূঞাক ধৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে চকীদাৰ দিলিন ভূঞাৰ বিৰুদ্ধে চিচিবৰগাওঁ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলিন ভূঞা বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে।
    1
    ধেমাজিৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰিল বিদ্যালয়খনৰ চকীদাৰ দিলিন ভূঞা। স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা ইটা চুৰি কৰি নিয়াৰ সময়তে দিলিন ভূঞাক ধৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ পাছত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে চকীদাৰ দিলিন ভূঞাৰ বিৰুদ্ধে চিচিবৰগাওঁ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলিন ভূঞা বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে।
    user_DHEMAJI TODAY
    DHEMAJI TODAY
    Local News Reporter ধেমাজি, ধেমাজি, অসম•
    13 hrs ago
  • ডুমডুমা ৰেলৱে ষ্টেচনত “Helping Nature” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এক চাফাই অভিযান চলাইছে। সংগঠনটোৱে জনাইছে যে ডুমডুমা নগৰৰ বিভিন্ন স্থানৰ লগতে এই ৰেলৱে ষ্টেচনতো হৃদয়স্পৰ্শী “মন যায়” বোলছবিখনৰ কিছু দৃশ্যগ্ৰহণ কৰা হৈছিল। ব্ৰিটিছ আমোলত নিৰ্মিত এই ঐতিহ্যমণ্ডিত ষ্টেচনটো বৰ্তমান অতি দুখজনক পৰিৱেশত আছে আৰু অপৰিস্কাৰতা তথা অব্যৱস্থাপনাৰ বাবে ই এক কদৰ্যময় ৰূপ ধাৰণ কৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই “Helping Nature” সংগঠনে ষ্টেচন চৌহদ পৰিস্কাৰ কৰিবলৈ এই চাফাই অভিযান চলায়। সংগঠনটোৰ সদস্যসকলে স্পষ্ট কৰি দিছে যে এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ডুমডুমা ৰেলৱে ষ্টেচনক পৰিস্কাৰ-পৰিচ্ছন্ন আৰু সুন্দৰ কৰি ৰখাৰ বাবে জনসচেতনতা সৃষ্টি কৰা।
    1
    ডুমডুমা ৰেলৱে ষ্টেচনত “Helping Nature” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এক চাফাই অভিযান চলাইছে। সংগঠনটোৱে জনাইছে যে ডুমডুমা নগৰৰ বিভিন্ন স্থানৰ লগতে এই ৰেলৱে ষ্টেচনতো হৃদয়স্পৰ্শী “মন যায়” বোলছবিখনৰ কিছু দৃশ্যগ্ৰহণ কৰা হৈছিল। ব্ৰিটিছ আমোলত নিৰ্মিত এই ঐতিহ্যমণ্ডিত ষ্টেচনটো বৰ্তমান অতি দুখজনক পৰিৱেশত আছে আৰু অপৰিস্কাৰতা তথা অব্যৱস্থাপনাৰ বাবে ই এক কদৰ্যময় ৰূপ ধাৰণ কৰিছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই “Helping Nature” সংগঠনে ষ্টেচন চৌহদ পৰিস্কাৰ কৰিবলৈ এই চাফাই অভিযান চলায়। সংগঠনটোৰ সদস্যসকলে স্পষ্ট কৰি দিছে যে এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে ডুমডুমা ৰেলৱে ষ্টেচনক পৰিস্কাৰ-পৰিচ্ছন্ন আৰু সুন্দৰ কৰি ৰখাৰ বাবে জনসচেতনতা সৃষ্টি কৰা।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.