Shuru
Apke Nagar Ki App…
সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে। সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে।
MR ABDUL MOTIN
সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে। সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে।
More news from অসম and nearby areas
- শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।4
- চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।1
- কাজিৰঙাত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যান মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অখিল গগৈয়ে।1
- ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে1
- তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷ দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।1
- Post by S KUMAR1
- বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্যাপন কৰা হয় দৌল উৎসৱ।1
- সোণোৱাল কছাৰী সকলৰ পবিত্ৰ কৃষিভিত্তিত উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ দুলীয়া দাইনীজানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে খ্ৰীং খ্ৰীং বাইথ' পূজা। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।1
- তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।1