Shuru
Apke Nagar Ki App…
বগীনদীৰ বৈদ্যুতিক ক্ষেত্ৰৰ অতি দক্ষ, লোকপ্ৰিয় লাইনমেন তথা সমাজসেৱী আদিত্য শইকীয়াক এক গভীৰ ষড়যন্ত্ৰৰ বলি সজোৱা হৈছে। অভিযোগ অনুসৰি, গণেশ খেৰিয়া নামৰ এজন ব্যক্তিয়ে ভুৱা তথ্যৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি বদনাম কৰাৰ চেষ্টা চলাইছে। এই অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আদিত্য শইকীয়াই দৃঢ় স্থিতি গ্ৰহণ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে গণেশ খেৰিয়াৰ বিৰুদ্ধে তেওঁ মানহানিৰ গোচৰ তৰিব। এনে জনপ্ৰিয় আৰু দক্ষ ব্যক্তিক কিয় মিছাকৈ বদনাম কৰিব বিচৰা হৈছে, তাক লৈ বৰ্তমান বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।
Dip Pratim borah
বগীনদীৰ বৈদ্যুতিক ক্ষেত্ৰৰ অতি দক্ষ, লোকপ্ৰিয় লাইনমেন তথা সমাজসেৱী আদিত্য শইকীয়াক এক গভীৰ ষড়যন্ত্ৰৰ বলি সজোৱা হৈছে। অভিযোগ অনুসৰি, গণেশ খেৰিয়া নামৰ এজন ব্যক্তিয়ে ভুৱা তথ্যৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি বদনাম কৰাৰ চেষ্টা চলাইছে। এই অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আদিত্য শইকীয়াই দৃঢ় স্থিতি গ্ৰহণ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে গণেশ খেৰিয়াৰ বিৰুদ্ধে তেওঁ মানহানিৰ গোচৰ তৰিব। এনে জনপ্ৰিয় আৰু দক্ষ ব্যক্তিক কিয় মিছাকৈ বদনাম কৰিব বিচৰা হৈছে, তাক লৈ বৰ্তমান বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।
More news from অসম and nearby areas
- নিৰ্বাচনৰ পূৰ্বে মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি, মুখ্যমন্ত্ৰীয়ে তেওঁলোকক চাউল, দাইল, চেনি আৰু মিঠাতেল যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন হৈছে। চৰকাৰে মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণত বিফল হোৱাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি অখিল গগৈয়ে এই আহ্বান জনাইছে।1
- আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ ১০ নং বুথত সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰিত অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্ব দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বুথ সভাপতি পংকজ বৰুৱা, সাপেখাটী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত আৰু ৰেৱ চেতিয়া, লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডু। এই উপলক্ষে দলৰ বহু কাৰ্যকৰ্তা আৰু বহু সংখ্যক স্থানীয় ৰাইজ সাপেখাটীৰ ১০ নং বুথত উপস্থিত হৈছিল, য'ত তেওঁলোকে বিধায়কৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠান উপভোগ কৰে।1
- গোলাঘাট নগৰত অবাধ গতিত ড্ৰাগছ সৰবৰাহ হৈ থকাৰ মাজতে আজি গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গোলাঘাটৰ এৰেঙ্গাপাৰা মুক্তি ধামৰ সমীপত অভিযান চলাই ৰাজা শইকীয়া নামৰ এই সৰবৰাহকাৰীটোক আটক কৰে। অভিযানকালত ৰাজা শইকীয়াৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হে'ৰইন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৰাজা শইকীয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন কৰি আহিছিল, কিন্তু অভিযোগ মতে পূৰ্বে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল।1
- বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠান অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য আভ্যন্তৰীণ প্ৰেক্ষাগৃহত আয়োজিত কৰা হৈছিল।1
- আজি তিনিচুকীয়া শাখাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত এটা বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত তিনিচুকীয়া জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চেৰিটেবল আই হস্পিতালৰ সহযোগ আগবঢ়োৱা হৈছিল। এই স্বাস্থ্য সেৱা শিবিৰত প্ৰায় ২০৩ গৰাকী ৰোগীয়ে অংশগ্ৰহণ কৰি সুবিধা গ্ৰহণ কৰে। শিবিৰটিত চকুৰ সাধাৰণ পৰীক্ষা, চকুৰ ছানি পৰা পৰীক্ষা, তেজৰ পৰীক্ষা, টি বি পৰীক্ষা আৰু এক্স-ৰে আদিৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাৰ অন্তত, মুঠ ৬০ গৰাকী ৰোগীৰ চকুত ছানি পৰা ৰোগ ধৰা পৰে। এই ৬০ গৰাকী ৰোগীক ডিব্ৰুগড়ৰ লায়ঞ্চ কে.কে. চহৰীয়া চকু চিকিৎসালয়ত কাইলৈ বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ'ব। মাৰোৱাৰী যুৱ মঞ্চ, তিনিচুকীয়া শাখাৰ এই বিনামূলীয়া চকুৰ ছানি পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হয়।1
- বিশ্বনাথৰ বীণাপাণি নাট্যমন্দিৰত শনিবাৰে বিয়লি ৫ বজাত বিশ্ব বাইচাইকেল দিৱস উদযাপনৰ বাবে এখন কমিটি গঠন কৰা হয়। অহা ৭ জুনত উদযাপন কৰিবলগীয়া এই দিৱসৰ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছিল। বিশ্বনাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বলীন ভূঞা দেৱে সভাখনৰ সভাপতিত্ব কৰিছিল। অঞ্চলটোৰ সমাজ সচেতন মহলে এই অনুষ্ঠানত উপস্থিত থাকি প্রয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। এই সভাতে বলীন ভূঞাক সভাপতি, স্নেহাংকৰ চক্ৰবৰ্ত্তীক সম্পাদক আৰু নিহাৰ শইকীয়াক মুখপাত্ৰ হিচাপে লৈ এখন ১৫ জনীয়া উদযাপন কমিটি গঠন কৰা হয়। উল্লেখ্য যে, বিশ্ব বাইচাইকেল দিৱস ৩ জুনত হ'লেও, সমগ্ৰ ভাৰতৰ ১৩০খন চহৰৰ লগতে বিশ্বনাথতো অহা ৭ জুনত এই দিৱসৰ সৈতে সংগতি ৰাখি এক বাইচাইকেল ৰেলী উলিওৱা হ’ব। উদ্যাপন কমিটিয়ে বিশ্বনাথবাসী ৰাইজক এই কাৰ্যসূচীত সক্ৰিয়তাৰে অংশগ্ৰহণ আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে।3
- লখিমপুৰ জিলাৰ নাদিকা কাহিপৰা আহোম গাঁৱৰ নামঘৰত পৰম্পৰাগত ‘আই সভা’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আহোম জনগোষ্ঠীৰ এক ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা, যি বসন্ত ৰোগৰ প্ৰকোপৰ পৰা গাঁওখনক নিৰাময় কৰি ৰাখিবলৈ বছৰত এবাৰ পালন কৰা হয়। এইবাৰো ৰীতি অনুসৰি, এঘাৰ দিন ব্যাপী ‘আই নাম’ৰ আয়োজন কৰা হৈছে, যাৰ বাবে চৰা পাতি লোৱা হৈছে। গাঁওবাসীয়ে ঢোল-তালৰ মধুৰ ধ্বনিৰ সৈতে আই নাম গাই নদীৰ পৰা পৱিত্ৰ জল তুলি আনে। এই পৱিত্ৰ জল চালত ঢালি আই মাতৃক সেৱা সম্পন্ন কৰাৰ পাছত, চৰাত ভোগ নিবেদন কৰি সেই ভোগ নদীৰ সোঁতত উটুৱাই আই দেৱীক পৰম্পৰাগতভাৱে বিদায় জনায়।1
- চৰাইদেউ জিলাৰ লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয়। এই অনুষ্ঠানত স্থানীয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত আছিল।1
- গোলাঘাট নগৰৰ চিত্ৰসেন কাকতি পথৰ এটা ভাড়াঘৰত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে, য’ত চোৰে এক 'চাফাই অভিযান' চলালে। নিৰঞ্জন আগৰৱালা নামৰ ভাড়াঘৰীয়া পৰিয়ালটো যোৱা দুদিন ধৰি ঘৰত নথকাৰ সুযোগ লৈ চোৰে দুৱাৰৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে। ভিতৰত সোমাই চোৰে দুটাকৈ ষ্টীলৰ আলমাৰী ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে, ঘৰৰ মালিক নথকাৰ বাবে চোৰে কি কি সামগ্ৰী লুটি নিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ইয়াৰ পাছতো স্থানীয় লোকসকলে সোণৰ অলংকাৰ আৰু নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী চুৰি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।3