logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰহাপজান ষ্টেট বেংকৰ সমীপত সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাটো তিনিচুকীয়া দিশৰ পৰা অহা AS 23 AM 4686 নম্বৰৰ এখন বলেৰ' বাহন আৰু ডুমডুমা দিশৰ পৰা অহা এখন আই-টেন বাহনৰ মাজত সংঘটিত হৈছিল। বলেৰ' বাহনখন তিনিচুকীয়া হিজুগুৰি ডনবস্ক'ৰ বুলি চিনাক্ত কৰা হৈছে। মাকুম আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, উক্ত বলেৰ' বাহনখনে ইয়াৰ পূৰ্বেও মাকুমত এখন ৱাগনাৰ বাহনক খুন্দিয়াই আন এক দুৰ্ঘটনা সংঘটিত কৰিছিল, য'ত ৱাগনাৰ বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল। সেই ৱাগনাৰ বাহনখন বৰ্তমান মাকুম আৰক্ষী থানাত ৰখা হৈছে। বৰহাপজানত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বলেৰ' বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত বহু লোক সমবেত হোৱাত পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

1 hr ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
1 hr ago

বৰহাপজান ষ্টেট বেংকৰ সমীপত সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাটো তিনিচুকীয়া দিশৰ পৰা অহা AS 23 AM 4686 নম্বৰৰ এখন বলেৰ' বাহন আৰু ডুমডুমা দিশৰ পৰা অহা এখন আই-টেন বাহনৰ মাজত সংঘটিত হৈছিল। বলেৰ' বাহনখন তিনিচুকীয়া হিজুগুৰি ডনবস্ক'ৰ বুলি চিনাক্ত কৰা হৈছে। মাকুম আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, উক্ত বলেৰ' বাহনখনে ইয়াৰ পূৰ্বেও মাকুমত এখন ৱাগনাৰ বাহনক খুন্দিয়াই আন এক দুৰ্ঘটনা সংঘটিত কৰিছিল, য'ত ৱাগনাৰ বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল। সেই ৱাগনাৰ বাহনখন বৰ্তমান মাকুম আৰক্ষী থানাত ৰখা হৈছে। বৰহাপজানত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বলেৰ' বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত বহু লোক সমবেত হোৱাত পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

More news from Tinsukia and nearby areas
  • বৰহাপজান ষ্টেট বেংকৰ সমীপত সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাটো তিনিচুকীয়া দিশৰ পৰা অহা AS 23 AM 4686 নম্বৰৰ এখন বলেৰ' বাহন আৰু ডুমডুমা দিশৰ পৰা অহা এখন আই-টেন বাহনৰ মাজত সংঘটিত হৈছিল। বলেৰ' বাহনখন তিনিচুকীয়া হিজুগুৰি ডনবস্ক'ৰ বুলি চিনাক্ত কৰা হৈছে। মাকুম আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, উক্ত বলেৰ' বাহনখনে ইয়াৰ পূৰ্বেও মাকুমত এখন ৱাগনাৰ বাহনক খুন্দিয়াই আন এক দুৰ্ঘটনা সংঘটিত কৰিছিল, য'ত ৱাগনাৰ বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল। সেই ৱাগনাৰ বাহনখন বৰ্তমান মাকুম আৰক্ষী থানাত ৰখা হৈছে। বৰহাপজানত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বলেৰ' বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত বহু লোক সমবেত হোৱাত পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
    1
    বৰহাপজান ষ্টেট বেংকৰ সমীপত সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাটো তিনিচুকীয়া দিশৰ পৰা অহা AS 23 AM 4686 নম্বৰৰ এখন বলেৰ' বাহন আৰু ডুমডুমা দিশৰ পৰা অহা এখন আই-টেন বাহনৰ মাজত সংঘটিত হৈছিল। বলেৰ' বাহনখন তিনিচুকীয়া হিজুগুৰি ডনবস্ক'ৰ বুলি চিনাক্ত কৰা হৈছে।

মাকুম আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, উক্ত বলেৰ' বাহনখনে ইয়াৰ পূৰ্বেও মাকুমত এখন ৱাগনাৰ বাহনক খুন্দিয়াই আন এক দুৰ্ঘটনা সংঘটিত কৰিছিল, য'ত ৱাগনাৰ বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল। সেই ৱাগনাৰ বাহনখন বৰ্তমান মাকুম আৰক্ষী থানাত ৰখা হৈছে। বৰহাপজানত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বলেৰ' বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ঘটনাটোক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত বহু লোক সমবেত হোৱাত পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) ৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ অংশ হিচাপে কাকপথাৰ থানা চাৰি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হয়।
    1
    অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) ৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ অংশ হিচাপে কাকপথাৰ থানা চাৰি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    8 hrs ago
  • ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP)ৰ মাকুম আঞ্চলিক সমিতিয়ে আজি মাকুম চহৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে ইন্ধনজাত সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ-ছাত্ৰ পৰিষদে অনতিপলমে উক্ত সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে তেওঁলোকৰ এই দাবী মানি নলয়, তেন্তে সংগঠনটোৱে ভৱিষ্যতে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব।
    2
    ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP)ৰ মাকুম আঞ্চলিক সমিতিয়ে আজি মাকুম চহৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে ইন্ধনজাত সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদে অনতিপলমে উক্ত সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে তেওঁলোকৰ এই দাবী মানি নলয়, তেন্তে সংগঠনটোৱে ভৱিষ্যতে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    11 hrs ago
  • শদিয়াত AJYCP-য়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে, কাৰণ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন কোঙা কৰি পেলাইছে আৰু ইয়াৰ ফলত জনসাধাৰণে তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
    1
    শদিয়াত AJYCP-য়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে, কাৰণ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন কোঙা কৰি পেলাইছে আৰু ইয়াৰ ফলত জনসাধাৰণে তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
    user_Rituparna Bhuyan
    Rituparna Bhuyan
    Local News Reporter শদিয়া, তিনিচুকীয়া, অসম•
    9 hrs ago
  • শদিয়া মেডিকেল চাৰিআলিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP-এ ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত AJYCP কৰ্মীসকল আৰু আৰক্ষীৰ মাজত এক তীব্ৰ বাত বিতণ্ডা হয়।
    1
    শদিয়া মেডিকেল চাৰিআলিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP-এ ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত AJYCP কৰ্মীসকল আৰু আৰক্ষীৰ মাজত এক তীব্ৰ বাত বিতণ্ডা হয়।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter Sadiya, Tinsukia•
    13 hrs ago
  • মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।
    1
    মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।

১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে।

আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    7 hrs ago
  • মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ মহৎ উদ্দেশ্যেৰে বিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালক অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে, পৰিয়ালৰ লোকে বিদ্যালয়খনৰ চৌহদতে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উন্মোচন কৰে।
    1
    মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ মহৎ উদ্দেশ্যেৰে বিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালক অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে, পৰিয়ালৰ লোকে বিদ্যালয়খনৰ চৌহদতে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উন্মোচন কৰে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    8 hrs ago
  • অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ বৰডুমচাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য'ত “কৰ্তব্য VO” গোটৰ শতাধিক মহিলাই বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মূল অভিযুক্তক ৯ মাহ পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত প্ৰায় ৯ লক্ষাধিক টকা আত্মসাতৰ ঘটনাৰ বাবে ক্ষোভিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। অভিযোগ অনুসৰি, ২৪টা আত্মসহায়ক গোটৰ সমন্বয়ে গঠিত “কৰ্তব্য VO” গোটৰ পূৰ্বৰ সভানেত্ৰী কুইনজ্যোতি ভট্টাচাৰ্যই গোটটোৰ প্ৰায় ৯ লক্ষাধিক টকা আত্মসাত কৰি দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছে। প্ৰতিবাদী মহিলাসকলে দাবী কৰে যে তেওঁলোকে এই বিষয়ে একাধিকবাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো ধৰণৰ ফল পোৱা নাছিল। আজি হাতত প্লেকাৰ্ড লৈ থানাৰ সন্মুখত সমবেত হোৱা মহিলাসকলে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি “দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক” আৰু “আমাৰ টকা ঘূৰাই দিয়ক” আদি শ্লোগানেৰে সমগ্ৰ এলেকা উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰতিবাদী নেতা উমানন্দ মুদৈ মৰাণেও মহিলাসকলৰ দাবীক সমৰ্থন জনায় আৰু কয় যে সাধাৰণ দুখীয়া মহিলাৰ কষ্টৰ ধন আত্মসাত কৰি কোনো লোকে আইনৰ পৰা পলাই থাকিব নোৱাৰে, সেয়ে আৰক্ষীক শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। আন্দোলনৰ অন্তত প্ৰতিবাদীসকলে আৰক্ষীক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযুক্তক আটক কৰাৰ বাবে দাবী জনাইছে। অন্যথা, আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মহিলাসকলে।
    1
    অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ বৰডুমচাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য'ত “কৰ্তব্য VO” গোটৰ শতাধিক মহিলাই বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মূল অভিযুক্তক ৯ মাহ পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত প্ৰায় ৯ লক্ষাধিক টকা আত্মসাতৰ ঘটনাৰ বাবে ক্ষোভিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অভিযোগ অনুসৰি, ২৪টা আত্মসহায়ক গোটৰ সমন্বয়ে গঠিত “কৰ্তব্য VO” গোটৰ পূৰ্বৰ সভানেত্ৰী কুইনজ্যোতি ভট্টাচাৰ্যই গোটটোৰ প্ৰায় ৯ লক্ষাধিক টকা আত্মসাত কৰি দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছে। প্ৰতিবাদী মহিলাসকলে দাবী কৰে যে তেওঁলোকে এই বিষয়ে একাধিকবাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো ধৰণৰ ফল পোৱা নাছিল।

আজি হাতত প্লেকাৰ্ড লৈ থানাৰ সন্মুখত সমবেত হোৱা মহিলাসকলে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি “দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক” আৰু “আমাৰ টকা ঘূৰাই দিয়ক” আদি শ্লোগানেৰে সমগ্ৰ এলেকা উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰতিবাদী নেতা উমানন্দ মুদৈ মৰাণেও মহিলাসকলৰ দাবীক সমৰ্থন জনায় আৰু কয় যে সাধাৰণ দুখীয়া মহিলাৰ কষ্টৰ ধন আত্মসাত কৰি কোনো লোকে আইনৰ পৰা পলাই থাকিব নোৱাৰে, সেয়ে আৰক্ষীক শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

আন্দোলনৰ অন্তত প্ৰতিবাদীসকলে আৰক্ষীক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযুক্তক আটক কৰাৰ বাবে দাবী জনাইছে। অন্যথা, আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মহিলাসকলে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.