কলগাছিয়াৰ টাপেশ্বৰাত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। মিচা অপপ্ৰচাৰ নকৰিবলৈ সকিয়নি। আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক শ্বেৰমান আলী আহমেদ ব্ৰহ্মপুত্ৰত নিক্ষেপ হব। বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ প্ৰভাৱ চাই হতাশাত ভুগিছে শ্বেৰমান আলী আহমেদৰ একাংশ চেলা চামুণ্ডাই। বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ কৰাত ঝাঙুৰ খাই উঠিছে তাপেশ্বৰা গাৱঁৰ ৰাইজে। আগন্তুক দিনত মিছা অপপ্ৰচাৰ নকৰিবলৈ সঁকিয়াই দিছে তাপেশ্বৰা-গৰম বজাৰৰ ৰাইজে। মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তাপেশ্বৰা গাঁও পঞ্চায়তত চলিত মাহৰ ১৪ তাৰিখ অৰ্থাৎ শনিবাৰে AIUDF ৰ যুৱ মৰ্চাৰ সমিতি গঠনাৰ্থে এখন সভাৰ আয়োজন কৰা হৈছিল। কিন্তু সভা আৰম্ভ হোৱাৰ পূৰ্বেই বিধায়ক শ্বেৰমান আলীৰ এজন ঘনিষ্ঠই খালি চকীৰ ফটো মাৰি ৰাইজৰ দলৰ একাংশ দুটকীয়া চেলা চামুণ্ডাই সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে বুলি তাপেশ্বৰা গাৱঁৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। কেৱল এয়াই নহয়, সামাজিক মাধ্যমত বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে একাংশ দালালে মিছা অপপ্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি আজি তাপেশ্বৰা-গৰম বজাৰত ঝাঙুৰ খাই উঠিছে ৰাইজে। মন্দিয়া সমষ্টিৰ মানুহে ড° হাফিজ ৰফিকুল ইছলামক ভোট দিব, বিবেক বিবেচনা কৰি ভোট দিব। টাপেশ্বৰাত শ্বেৰমান আলী আহমেদৰ কোনো প্ৰভাৱ নাই। যিজনে মানুহক সন্মান দিব নাজানে, তেনে উদ্ভণ্ডালি কৰা মানুহক ৰাইজে ভোট নিদিয়ে। এনেদৰে ৰাইজে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। আনহাতে যিজন গোলাম মোস্তফা নামৰ লোকে মিটিং আৰম্ভ হোৱাৰ আগতে খালি চকীৰ ফটো তুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল তেওঁৰ বিৰুদ্ধেও ক্ষুব্ধ হৈছে ৰাইজে। ফলত তেওঁৰ নাম গোলাম আৰু কামও গোলাম বুলি কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। লগতে আগন্তুক দিনত শ্বেৰমান আলী আহমেদৰ চেলা চামুণ্ডাই মিছা অপপ্ৰচাৰ নকৰিবলৈ সঁকিয়াই দিছে তাপেশ্বৰা-গৰম বজাৰৰ ক্ষুব্ধ ৰাইজে।

- মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।1
- "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া1
- Post by Sakandar Ali1
- Post by Sanowar Hussain1
- ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।1
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।1
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1