logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক সমিতি তথা অন্যান্য আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমাৰ বিছাকুপি চাহ বাগিচাৰ প্ৰাঙ্গনত বীৰ বিৰছা মুণ্ডাৰ ১২৭তম মৃত্যু তিথি পালন কৰা হয়। এই উপলক্ষে বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে বিভিন্ন স্মৃতিচাৰণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি বীৰ বিৰছা মুণ্ডাৰ আদৰ্শ আৰু অৱদানৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ উপৰিও, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু বৃহৎ সংখ্যক আদিবাসী জনগোষ্ঠীৰ লোকো উপস্থিত আছিল। বীৰ বিৰছা মুণ্ডাৰ সংগ্ৰামী জীৱন আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান স্মৰণ কৰি সকলোৱে তেওঁৰ আদৰ্শ অনুসৰণৰ আহ্বান জনায়।

21 hrs ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
21 hrs ago

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক সমিতি তথা অন্যান্য আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমাৰ বিছাকুপি চাহ বাগিচাৰ প্ৰাঙ্গনত বীৰ বিৰছা মুণ্ডাৰ ১২৭তম মৃত্যু তিথি পালন কৰা হয়। এই উপলক্ষে বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে বিভিন্ন স্মৃতিচাৰণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি বীৰ বিৰছা মুণ্ডাৰ আদৰ্শ আৰু অৱদানৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ উপৰিও, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু বৃহৎ সংখ্যক আদিবাসী জনগোষ্ঠীৰ লোকো উপস্থিত আছিল। বীৰ বিৰছা মুণ্ডাৰ সংগ্ৰামী জীৱন আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান স্মৰণ কৰি সকলোৱে তেওঁৰ আদৰ্শ অনুসৰণৰ আহ্বান জনায়।

More news from Tinsukia and nearby areas
  • সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক সমিতি তথা অন্যান্য আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমাৰ বিছাকুপি চাহ বাগিচাৰ প্ৰাঙ্গনত বীৰ বিৰছা মুণ্ডাৰ ১২৭তম মৃত্যু তিথি পালন কৰা হয়। এই উপলক্ষে বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে বিভিন্ন স্মৃতিচাৰণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি বীৰ বিৰছা মুণ্ডাৰ আদৰ্শ আৰু অৱদানৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ উপৰিও, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু বৃহৎ সংখ্যক আদিবাসী জনগোষ্ঠীৰ লোকো উপস্থিত আছিল। বীৰ বিৰছা মুণ্ডাৰ সংগ্ৰামী জীৱন আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান স্মৰণ কৰি সকলোৱে তেওঁৰ আদৰ্শ অনুসৰণৰ আহ্বান জনায়।
    1
    সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক সমিতি তথা অন্যান্য আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমাৰ বিছাকুপি চাহ বাগিচাৰ প্ৰাঙ্গনত বীৰ বিৰছা মুণ্ডাৰ ১২৭তম মৃত্যু তিথি পালন কৰা হয়। এই উপলক্ষে বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে বিভিন্ন স্মৃতিচাৰণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

অনুষ্ঠানত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকি বীৰ বিৰছা মুণ্ডাৰ আদৰ্শ আৰু অৱদানৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ উপৰিও, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু বৃহৎ সংখ্যক আদিবাসী জনগোষ্ঠীৰ লোকো উপস্থিত আছিল। বীৰ বিৰছা মুণ্ডাৰ সংগ্ৰামী জীৱন আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান স্মৰণ কৰি সকলোৱে তেওঁৰ আদৰ্শ অনুসৰণৰ আহ্বান জনায়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    21 hrs ago
  • গুৱাহাটীৰ আৰ্য্য নগৰ অঞ্চলত ভাং ব্যৱসায় বন্ধ কৰাক লৈ সংঘটিত এক উত্তেজনাপূৰ্ণ ঘটনাৰ পিছত বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা আলোক ত্ৰিপাঠী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত আজি সংগঠনটোৱে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। বীৰ লাচিত সেনা, অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ মৰাণ আৰু মুখ্য সচিব প্ৰাঞ্জল বৰুৱাই স্বাক্ষৰ কৰি এই এজাহাৰ দাখিল কৰে। বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ অভিযোগ অনুসৰি, গুৱাহাটীৰ চেৰাবভাতি (আৰ্য্য নগৰ) অঞ্চলত ভাং ব্যৱসায় বন্ধ কৰিবলৈ যোৱা পাঁচজন অসমীয়া যুৱকৰ ওপৰত একাংশ দুষ্কৃতিকাৰীয়ে দলবদ্ধভাৱে আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত অভিযুক্তসকলে “অসমীয়া গ' বেক”, “জাতি, মাটি, ভেটিৰ কথা নচলিব” আৰু “অসমীয়াক খেদা হ'ব” আদি অসম আৰু অসমীয়া বিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সংগঠনটোৰ দাবী অনুসৰি, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'সমূহত দেখা পোৱা ব্যক্তিজন আলোক ত্ৰিপাঠী। তেওঁ আৰু তেওঁৰ সহযোগীসকলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ লগতে অসমীয়া যুৱকসকলৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ চলোৱা বুলিও অভিযোগ কৰা হৈছে। এই ঘটনাত সংবাদকৰ্মী আৰু আৰক্ষীও আহত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থবিৰোধী মন্তব্য আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এই কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
    2
    গুৱাহাটীৰ আৰ্য্য নগৰ অঞ্চলত ভাং ব্যৱসায় বন্ধ কৰাক লৈ সংঘটিত এক উত্তেজনাপূৰ্ণ ঘটনাৰ পিছত বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা আলোক ত্ৰিপাঠী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত আজি সংগঠনটোৱে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। বীৰ লাচিত সেনা, অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ মৰাণ আৰু মুখ্য সচিব প্ৰাঞ্জল বৰুৱাই স্বাক্ষৰ কৰি এই এজাহাৰ দাখিল কৰে।

বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ অভিযোগ অনুসৰি, গুৱাহাটীৰ চেৰাবভাতি (আৰ্য্য নগৰ) অঞ্চলত ভাং ব্যৱসায় বন্ধ কৰিবলৈ যোৱা পাঁচজন অসমীয়া যুৱকৰ ওপৰত একাংশ দুষ্কৃতিকাৰীয়ে দলবদ্ধভাৱে আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত অভিযুক্তসকলে “অসমীয়া গ' বেক”, “জাতি, মাটি, ভেটিৰ কথা নচলিব” আৰু “অসমীয়াক খেদা হ'ব” আদি অসম আৰু অসমীয়া বিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সংগঠনটোৰ দাবী অনুসৰি, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'সমূহত দেখা পোৱা ব্যক্তিজন আলোক ত্ৰিপাঠী। তেওঁ আৰু তেওঁৰ সহযোগীসকলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ লগতে অসমীয়া যুৱকসকলৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ চলোৱা বুলিও অভিযোগ কৰা হৈছে। এই ঘটনাত সংবাদকৰ্মী আৰু আৰক্ষীও আহত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থবিৰোধী মন্তব্য আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এই কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • নিশা মাকুম বাইপাছত পথৰ সোঁমাজত সুৰাৰ ৰাগীত পৰি থকা অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে। বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়া ৰুষ্টম বড়াই মহিলাগৰাকীক তেনে অৱস্থাত প্ৰত্যক্ষ কৰিছিল। এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে ৰুষ্টম বড়াই মাকুম আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক থানালৈ লৈ যায়। বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়া ৰুষ্টম বড়াই বাইপাছৰ দৰে এক গুৰুত্বপূৰ্ণ পথত এগৰাকী মহিলা এনে দুৰ্ভাগ্যজনক অৱস্থাত পৰি থকা বিষয়টোক “দুৰ্ভাগ্যজনক” আখ্যা দিছে।
    1
    নিশা মাকুম বাইপাছত পথৰ সোঁমাজত সুৰাৰ ৰাগীত পৰি থকা অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে। বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়া ৰুষ্টম বড়াই মহিলাগৰাকীক তেনে অৱস্থাত প্ৰত্যক্ষ কৰিছিল।

এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে ৰুষ্টম বড়াই মাকুম আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক থানালৈ লৈ যায়। বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়া ৰুষ্টম বড়াই বাইপাছৰ দৰে এক গুৰুত্বপূৰ্ণ পথত এগৰাকী মহিলা এনে দুৰ্ভাগ্যজনক অৱস্থাত পৰি থকা বিষয়টোক “দুৰ্ভাগ্যজনক” আখ্যা দিছে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    21 hrs ago
  • অৰুণাচল প্ৰদেশৰ ৰইংস্থিত নামনি দিবাং জলবিদ্যুৎ প্ৰকল্পৰ কালভাৰ্ট নিৰ্মাণৰ কামত নিয়োজিত ৭ জন মিচিং যুৱকক ক্ৰীতদাসৰ দৰে ৰাখি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শদিয়াৰ একাংশ দালাল চক্ৰ এই ঘটনাৰ লগত জড়িত থকাৰ কথা প্ৰকাশ পাইছে, যিয়ে প্ৰলোভন দেখুৱাই জনগোষ্ঠীয় যুৱক-যুৱতীসকলক কামৰ সন্ধানত নি ঠগ-প্ৰবঞ্চনাৰ বলি কৰে। টিএমপিকে (TMPK) শদিয়া জিলা সমিতিৰ অভিযোগ অনুসৰি, অমৰপুৰ অঞ্চলৰ এই সাতজন যুৱকক একাংশ মিস্ত্ৰী ৰূপী দালালৰ দ্বাৰা কামৰ প্ৰলোভন দি অৰুণাচলী ঠিকাদাৰৰ অধীনত নিয়োগ কৰা হৈছিল। অভিযোগ মতে, যুৱককেইজনক প্ৰায় তিনিমাহ ধৰি অমানৱিক পৰিৱেশত ৰাখি কাম কৰোৱা হৈছিল। পৰিয়ালৰ সদস্য আৰু ভুক্তভোগী যুৱকসকলৰ অভিযোগৰ ভিত্তিত ৮ জুনত টিএমপিকে/এমএমকে (TMPK/MMK) শদিয়া জিলা সমিতি আৰু টিএমএমকে (TMMK) কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পুনম টায়ে মৰাঙৰ সহযোগত অভিযান চলাই যুৱককেইজনক উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত যুৱকসকলৰ শৰীৰত প্ৰহাৰৰ চিন আৰু লোহাৰ ৰডেৰে কোবোৱাৰ আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰাৰ দাবী কৰিছে। ইয়াৰ উপৰিও, যুৱকসকলক বহু সময় অনাহাৰে ৰাখি তীব্ৰ ৰ’দ আৰু বৰষুণৰ মাজত কাম কৰোৱাৰ অভিযোগো উত্থাপন কৰা হৈছে। এই ঘটনাক “অৱৰ্ণনীয়” বুলি অভিহিত কৰি টিএমপিকে শদিয়া জিলা সমিতিয়ে সকলো অভিভাৱক আৰু যুৱক-যুৱতীক কোনো ধৰণৰ নিশ্চিত তথ্য নোলোৱাকৈ বা দালালৰ প্ৰৰোচনাত পৰি বাহিৰৰ ৰাজ্যত কাম বিচাৰি নযাবলৈ আহ্বান জনাইছে। সংগঠনটোৱে উল্লেখ কৰে যে এনেধৰণৰ ঘটনা পূৰ্বেও কেইবাবাৰো সংঘটিত হৈছে, আৰু এই ঘটনাৰ অধিক তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
    1
    অৰুণাচল প্ৰদেশৰ ৰইংস্থিত নামনি দিবাং জলবিদ্যুৎ প্ৰকল্পৰ কালভাৰ্ট নিৰ্মাণৰ কামত নিয়োজিত ৭ জন মিচিং যুৱকক ক্ৰীতদাসৰ দৰে ৰাখি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শদিয়াৰ একাংশ দালাল চক্ৰ এই ঘটনাৰ লগত জড়িত থকাৰ কথা প্ৰকাশ পাইছে, যিয়ে প্ৰলোভন দেখুৱাই জনগোষ্ঠীয় যুৱক-যুৱতীসকলক কামৰ সন্ধানত নি ঠগ-প্ৰবঞ্চনাৰ বলি কৰে।

টিএমপিকে (TMPK) শদিয়া জিলা সমিতিৰ অভিযোগ অনুসৰি, অমৰপুৰ অঞ্চলৰ এই সাতজন যুৱকক একাংশ মিস্ত্ৰী ৰূপী দালালৰ দ্বাৰা কামৰ প্ৰলোভন দি অৰুণাচলী ঠিকাদাৰৰ অধীনত নিয়োগ কৰা হৈছিল। অভিযোগ মতে, যুৱককেইজনক প্ৰায় তিনিমাহ ধৰি অমানৱিক পৰিৱেশত ৰাখি কাম কৰোৱা হৈছিল। পৰিয়ালৰ সদস্য আৰু ভুক্তভোগী যুৱকসকলৰ অভিযোগৰ ভিত্তিত ৮ জুনত টিএমপিকে/এমএমকে (TMPK/MMK) শদিয়া জিলা সমিতি আৰু টিএমএমকে (TMMK) কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পুনম টায়ে মৰাঙৰ সহযোগত অভিযান চলাই যুৱককেইজনক উদ্ধাৰ কৰা হয়।

উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত যুৱকসকলৰ শৰীৰত প্ৰহাৰৰ চিন আৰু লোহাৰ ৰডেৰে কোবোৱাৰ আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰাৰ দাবী কৰিছে। ইয়াৰ উপৰিও, যুৱকসকলক বহু সময় অনাহাৰে ৰাখি তীব্ৰ ৰ’দ আৰু বৰষুণৰ মাজত কাম কৰোৱাৰ অভিযোগো উত্থাপন কৰা হৈছে। এই ঘটনাক “অৱৰ্ণনীয়” বুলি অভিহিত কৰি টিএমপিকে শদিয়া জিলা সমিতিয়ে সকলো অভিভাৱক আৰু যুৱক-যুৱতীক কোনো ধৰণৰ নিশ্চিত তথ্য নোলোৱাকৈ বা দালালৰ প্ৰৰোচনাত পৰি বাহিৰৰ ৰাজ্যত কাম বিচাৰি নযাবলৈ আহ্বান জনাইছে। সংগঠনটোৱে উল্লেখ কৰে যে এনেধৰণৰ ঘটনা পূৰ্বেও কেইবাবাৰো সংঘটিত হৈছে, আৰু এই ঘটনাৰ অধিক তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter Sadiya, Tinsukia•
    21 hrs ago
  • মৰাণৰ বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে, য'ত তেওঁ এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬ ত অমৰ চাওৰাই সোঁ আৰু বাওঁ হাতৰ পাঞ্জা দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
    1
    মৰাণৰ বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে, য'ত তেওঁ এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬ ত অমৰ চাওৰাই সোঁ আৰু বাওঁ হাতৰ পাঞ্জা দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    10 min ago
  • চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰি মন্ত্ৰী বিমল বড়া চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়। এই সময়ছোৱাত তেওঁ টাই আহোম পৰম্পৰাগত নীতি-নিয়ম অনুসৰি উপৰিপুৰুষলৈ তৰ্পন আগবঢ়ায়। তৰ্পন কৰা পাছত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে। মৈদাম ক্ষেত্ৰত উপস্থিত হোৱাৰ সময়ত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়াই অভিভাৱক মন্ত্ৰী বিমল বড়াক আদৰণি জনায়।
    1
    চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰি মন্ত্ৰী বিমল বড়া চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়।

এই সময়ছোৱাত তেওঁ টাই আহোম পৰম্পৰাগত নীতি-নিয়ম অনুসৰি উপৰিপুৰুষলৈ তৰ্পন আগবঢ়ায়। তৰ্পন কৰা পাছত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে।

মৈদাম ক্ষেত্ৰত উপস্থিত হোৱাৰ সময়ত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়াই অভিভাৱক মন্ত্ৰী বিমল বড়াক আদৰণি জনায়।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    16 min ago
  • দ্বিতীয় বাৰৰ বাবে মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই অভিভাৱক মন্ত্ৰী বিমল বৰা সপত্নীক চৰাইদেউত উপস্থিত হৈছে। তেওঁ চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ উপৰিপুৰুষৰ আৰ্শীষ গ্ৰহণ কৰে। এই উপলক্ষে মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাখনক ৰাজ্যখনৰ ভিতৰতে এখন পৰ্যটন জিলা ৰূপে গঢ় দিয়াৰ কথা সদৰি কৰে।
    1
    দ্বিতীয় বাৰৰ বাবে মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই অভিভাৱক মন্ত্ৰী বিমল বৰা সপত্নীক চৰাইদেউত উপস্থিত হৈছে। তেওঁ চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ উপৰিপুৰুষৰ আৰ্শীষ গ্ৰহণ কৰে।

এই উপলক্ষে মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাখনক ৰাজ্যখনৰ ভিতৰতে এখন পৰ্যটন জিলা ৰূপে গঢ় দিয়াৰ কথা সদৰি কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • তিনিচুকীয়া জিলাৰ ডিগবৈত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন উদীয়মান যুৱকৰ থিতাতে মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাটো নিশা প্ৰায় ১১-৩০ বজাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত সংঘটিত হয়। জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী AS 22 B 1390 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত জ্যোতিষ্মান দত্ত আৰু চাহিল হুছেইন নামৰ যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত যুৱক দুজন বহু সময় ধৰি বিধ্বস্ত গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ আছিল। পিছত ডিগবৈ আৰক্ষী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনাতগ্ৰস্ত গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। জ্যোতিষ্মান দত্ত ডিগবৈ মুলীয়াবাৰীৰ বিশিষ্ট ব্যৱসায়ী যতীন দত্তৰ পুত্ৰ আছিল, আনহাতে চাহিল হুছেইন ডিগবৈ ইটাভাটাৰ আৰ এছ এ এৰিয়া নিবাসী ইমৰাণ হুছেইনৰ পুত্ৰ আছিল। এই দুই উদীয়মান যুৱকৰ অকাল মৃত্যুত সমগ্ৰ ডিগবৈত গভীৰ শোকৰ ছাঁ পৰিছে।
    4
    তিনিচুকীয়া জিলাৰ ডিগবৈত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন উদীয়মান যুৱকৰ থিতাতে মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাটো নিশা প্ৰায় ১১-৩০ বজাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত সংঘটিত হয়।

জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী AS 22 B 1390 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত জ্যোতিষ্মান দত্ত আৰু চাহিল হুছেইন নামৰ যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত যুৱক দুজন বহু সময় ধৰি বিধ্বস্ত গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ আছিল। পিছত ডিগবৈ আৰক্ষী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনাতগ্ৰস্ত গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে।

জ্যোতিষ্মান দত্ত ডিগবৈ মুলীয়াবাৰীৰ বিশিষ্ট ব্যৱসায়ী যতীন দত্তৰ পুত্ৰ আছিল, আনহাতে চাহিল হুছেইন ডিগবৈ ইটাভাটাৰ আৰ এছ এ এৰিয়া নিবাসী ইমৰাণ হুছেইনৰ পুত্ৰ আছিল। এই দুই উদীয়মান যুৱকৰ অকাল মৃত্যুত সমগ্ৰ ডিগবৈত গভীৰ শোকৰ ছাঁ পৰিছে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.