Shuru
Apke Nagar Ki App…
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বৰঘোলা গাঁৱৰ অনিতা বালা নামৰ এগৰাকী মহিলা যোৱা ৮ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ৫০ উৰ্ধৰ মহিলাগৰাকী নিজ কন্যাৰ ঘৰলৈ যোৱাৰ কথা কৈ ওলাই গৈছিল আৰু তেতিয়াৰ পৰা ঘূৰি অহা নাই। পৰিয়ালে চিন্তিত হৈ যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে আৰু সহায় বিচাৰিছে।
News 24
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বৰঘোলা গাঁৱৰ অনিতা বালা নামৰ এগৰাকী মহিলা যোৱা ৮ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ৫০ উৰ্ধৰ মহিলাগৰাকী নিজ কন্যাৰ ঘৰলৈ যোৱাৰ কথা কৈ ওলাই গৈছিল আৰু তেতিয়াৰ পৰা ঘূৰি অহা নাই। পৰিয়ালে চিন্তিত হৈ যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে আৰু সহায় বিচাৰিছে।
More news from অসম and nearby areas
- Post by Bitopan Rajbongshi1
- বাক্সা জিলাৰ এলেঙামাৰীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে 'হাগ্ৰামা ছাৰ, আমাক এখন নাও দিয়ক' বুলি এক কৰুণ আহ্বান জনাইছে।1
- ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাৰ অঞ্চলীত শ্বহীদ উদ্ধৱ দাসৰ ২৭ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়।1
- বুধবাৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং নমাটি পৰিষদীয় সমষ্টিৰ ডেনগাঁৱত বিজেপিৰ এখন বিশাল বুথ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড০ তুলিৰাম ৰংহাংৰ মুখ্য অতিথি হিচাপে উপস্থিতিৰে সফলতাৰে সম্পন্ন হয়। তেওঁৰ উপস্থিতিতেই বিৰোধী দল কংগ্ৰেছৰ ২৩১ জন নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বুথ সন্মিলন সমষ্টিটোৰ বিধায়ক লুনছিং টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ বলিষ্ঠ নেতৃত্বত সম্পন্ন হয়। আনহাতে, বিগত বিধানসভা নিৰ্বাচনত বিধায়ক লুনছিং টেৰণ আৰু কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে কৰা ঘোষণা অনুসৰি, সৰ্বাধিক ভোট লাভ কৰা তিনিটাকৈ বুথক উৎসাহ যোগাবলৈ এককালীন আৰ্থিক উপহাৰ প্ৰদান কৰা হয়। এই সন্মিলনত স্থানীয় সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত-শাসিত পৰিষদৰ এম.এ.চি., কাৰ্যবাহী সদস্যসকল, বিজেপিৰ জিলা সভাপতিৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, বৰ্ডৰ অধ্যক্ষসকল আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তা আদি উপস্থিত আছিল।1
- ধুবুৰী জিলাৰ গৌৰীপুৰৰ বামুণপাৰা গাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনসমূহে প্ৰতি বছৰে ২৪ জুনত সমগ্ৰ অসমৰ লগতে গৌৰীপুৰৰ বামুণপাৰা গাঁৱতো এই দিৱস পালন কৰে আৰু এই উপলক্ষে হনুমান চালিশা পাঠ কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক ৰাষ্ট্ৰীয় বজৰং দলক সহায় কৰিবলৈ আৰু হিন্দুক সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে।1
- ধুবুৰীৰ আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আদাবাৰী জিলা পৰিষদৰ সদস্যা মাছুমা বেগম আৰু মালেক ফানি মেন গ্ৰুপৰ সহযোগত ধুবুৰীৰ আদাবাৰী অঞ্চলত প্ৰথম পৰ্যায়ৰ বৃক্ষৰোপণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অভিযানৰ অধীনত ধুবুৰীৰ চান্দাখোল অঞ্চলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত আৰু ইয়াৰ আশে-পাশে পৰিৱেশ জীয়াই ৰখাৰ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ২০০ জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে সম্পূর্ণ হয়। আদাবাৰীৰ স্বেচ্ছাসেৱী সংগঠনসমূহে গ্ৰহণ কৰা এই পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আখ্যা দিয়া হৈছে।1
- বাক্সা জিলাৰ ৰাবাং বড়ো বজাৰত যাতায়ত ব্যৱস্থা এতিয়া এক মৰণফান্দলৈ পৰিণত হৈছে। পথৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধাসহ সাধাৰণ ৰাইজে প্ৰতিদিনে মৃত্যুক হাতত লৈ চলাচল কৰিবলৈ বাধ্য হৈছে।1
- ধুবুৰীৰ বিদ্যাপাৰা জামে মছজিদত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে এজন যুৱক। এই যুৱকজন নিউঘাট আইৰণজংলা তৃতীয় খণ্ড অঞ্চলৰ আব্দুল মোল্লা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি তাৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা কৰিছিল। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে চোৰটোক উত্তম মাধ্যম সোধাই লগে লগে আৰক্ষীক গতাই দিয়ে। খবৰ লাভ কৰি ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আব্দুল মোল্লাক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে, মছজিদ কমিটিৰ সূত্ৰে কিছুদিন পূৰ্বেও এই একেজন চোৰেই বিদ্যাপাৰা জামে মছজিদত চুৰিকাণ্ড সংঘটিত কৰিছিল বুলি চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰা চিনাক্ত কৰিব পৰা গৈছিল।1
- তামুলপুৰ জিলাৰ এনচি আঙাৰকাটাৰ কালানদীত অৱস্থিত মটঙা (কালা) নদীত পানীৰ অধিষ্ঠাত্ৰী দেৱী মা গংগা পূজা ভক্তি, শ্ৰদ্ধা আৰু উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। ননকে আঙাৰকাটা মটঙা (কালা) নদী আঞ্চলিক বান্ধ-ডোং সমিতিৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পূজাৰ জৰিয়তে বান্ধ-ডোং সমিতিৰ কৰ্মকৰ্তাসকলে নদী আৰু পানী সম্পদৰ সংৰক্ষণ, কল্যাণ আৰু সমৃদ্ধিৰ বাবে বিশেষ প্ৰাৰ্থনা জনায়। কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাত মটঙা (কালা) নদীৰ ওপৰত মা গংগা পূজা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে দিনৰ ১২ বজাৰ পৰা গংগা পূজাৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আঞ্চলিক বান্ধ-ডোং সমিতিৰ সভাপতি কেশৱ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, ২ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ উমেশ দাস, সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস, প্ৰাক্তন ভিচিডিচি অধ্যক্ষ সুকুৰঞ্জন মণ্ডলকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আঞ্চলিক বান্ধ-ডোং সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি, সম্পাদক আৰু চুপাৰভাইজাৰসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে সমাজৰ উন্নয়ন, ঐক্য আৰু নদী সংৰক্ষণৰ ক্ষেত্ৰত সমিতিসমূহৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। মা গংগা পূজাৰ জৰিয়তে আধ্যাত্মিকতা, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা এই অনুষ্ঠানটোৱে অঞ্চলবাসীৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।1