logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বামুণপাৰা গাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনসমূহে প্ৰতি বছৰে ২৪ জুনত সমগ্ৰ অসমৰ লগতে গৌৰীপুৰৰ বামুণপাৰা গাঁৱতো এই দিৱস পালন কৰে আৰু এই উপলক্ষে হনুমান চালিশা পাঠ কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক ৰাষ্ট্ৰীয় বজৰং দলক সহায় কৰিবলৈ আৰু হিন্দুক সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

4 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•
4 hrs ago

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বামুণপাৰা গাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনসমূহে প্ৰতি বছৰে ২৪ জুনত সমগ্ৰ অসমৰ লগতে গৌৰীপুৰৰ বামুণপাৰা গাঁৱতো এই দিৱস পালন কৰে আৰু এই উপলক্ষে হনুমান চালিশা পাঠ কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক ৰাষ্ট্ৰীয় বজৰং দলক সহায় কৰিবলৈ আৰু হিন্দুক সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

More news from অসম and nearby areas
  • বুধবাৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং নমাটি পৰিষদীয় সমষ্টিৰ ডেনগাঁৱত বিজেপিৰ এখন বিশাল বুথ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড০ তুলিৰাম ৰংহাংৰ মুখ্য অতিথি হিচাপে উপস্থিতিৰে সফলতাৰে সম্পন্ন হয়। তেওঁৰ উপস্থিতিতেই বিৰোধী দল কংগ্ৰেছৰ ২৩১ জন নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বুথ সন্মিলন সমষ্টিটোৰ বিধায়ক লুনছিং টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ বলিষ্ঠ নেতৃত্বত সম্পন্ন হয়। আনহাতে, বিগত বিধানসভা নিৰ্বাচনত বিধায়ক লুনছিং টেৰণ আৰু কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে কৰা ঘোষণা অনুসৰি, সৰ্বাধিক ভোট লাভ কৰা তিনিটাকৈ বুথক উৎসাহ যোগাবলৈ এককালীন আৰ্থিক উপহাৰ প্ৰদান কৰা হয়। এই সন্মিলনত স্থানীয় সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত-শাসিত পৰিষদৰ এম.এ.চি., কাৰ্যবাহী সদস্যসকল, বিজেপিৰ জিলা সভাপতিৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, বৰ্ডৰ অধ্যক্ষসকল আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তা আদি উপস্থিত আছিল।
    1
    বুধবাৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং নমাটি পৰিষদীয় সমষ্টিৰ ডেনগাঁৱত বিজেপিৰ এখন বিশাল বুথ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড০ তুলিৰাম ৰংহাংৰ মুখ্য অতিথি হিচাপে উপস্থিতিৰে সফলতাৰে সম্পন্ন হয়। তেওঁৰ উপস্থিতিতেই বিৰোধী দল কংগ্ৰেছৰ ২৩১ জন নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

এই বুথ সন্মিলন সমষ্টিটোৰ বিধায়ক লুনছিং টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ বলিষ্ঠ নেতৃত্বত সম্পন্ন হয়। আনহাতে, বিগত বিধানসভা নিৰ্বাচনত বিধায়ক লুনছিং টেৰণ আৰু কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে কৰা ঘোষণা অনুসৰি, সৰ্বাধিক ভোট লাভ কৰা তিনিটাকৈ বুথক উৎসাহ যোগাবলৈ এককালীন আৰ্থিক উপহাৰ প্ৰদান কৰা হয়।

এই সন্মিলনত স্থানীয় সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত-শাসিত পৰিষদৰ এম.এ.চি., কাৰ্যবাহী সদস্যসকল, বিজেপিৰ জিলা সভাপতিৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, বৰ্ডৰ অধ্যক্ষসকল আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তা আদি উপস্থিত আছিল।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    2 hrs ago
  • ধুবুৰী জিলাৰ গৌৰীপুৰৰ বামুণপাৰা গাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনসমূহে প্ৰতি বছৰে ২৪ জুনত সমগ্ৰ অসমৰ লগতে গৌৰীপুৰৰ বামুণপাৰা গাঁৱতো এই দিৱস পালন কৰে আৰু এই উপলক্ষে হনুমান চালিশা পাঠ কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক ৰাষ্ট্ৰীয় বজৰং দলক সহায় কৰিবলৈ আৰু হিন্দুক সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
    1
    ধুবুৰী জিলাৰ গৌৰীপুৰৰ বামুণপাৰা গাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনসমূহে প্ৰতি বছৰে ২৪ জুনত সমগ্ৰ অসমৰ লগতে গৌৰীপুৰৰ বামুণপাৰা গাঁৱতো এই দিৱস পালন কৰে আৰু এই উপলক্ষে হনুমান চালিশা পাঠ কৰা হয়।

এই অনুষ্ঠানৰ জৰিয়তে ধুবুৰীবাসী ৰাইজক ৰাষ্ট্ৰীয় বজৰং দলক সহায় কৰিবলৈ আৰু হিন্দুক সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    4 hrs ago
  • ধুবুৰীৰ আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আদাবাৰী জিলা পৰিষদৰ সদস্যা মাছুমা বেগম আৰু মালেক ফানি মেন গ্ৰুপৰ সহযোগত ধুবুৰীৰ আদাবাৰী অঞ্চলত প্ৰথম পৰ্যায়ৰ বৃক্ষৰোপণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অভিযানৰ অধীনত ধুবুৰীৰ চান্দাখোল অঞ্চলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত আৰু ইয়াৰ আশে-পাশে পৰিৱেশ জীয়াই ৰখাৰ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ২০০ জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে সম্পূর্ণ হয়। আদাবাৰীৰ স্বেচ্ছাসেৱী সংগঠনসমূহে গ্ৰহণ কৰা এই পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আখ্যা দিয়া হৈছে।
    1
    ধুবুৰীৰ আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আদাবাৰী জিলা পৰিষদৰ সদস্যা মাছুমা বেগম আৰু মালেক ফানি মেন গ্ৰুপৰ সহযোগত ধুবুৰীৰ আদাবাৰী অঞ্চলত প্ৰথম পৰ্যায়ৰ বৃক্ষৰোপণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

এই অভিযানৰ অধীনত ধুবুৰীৰ চান্দাখোল অঞ্চলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত আৰু ইয়াৰ আশে-পাশে পৰিৱেশ জীয়াই ৰখাৰ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ২০০ জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে সম্পূর্ণ হয়।

আদাবাৰীৰ স্বেচ্ছাসেৱী সংগঠনসমূহে গ্ৰহণ কৰা এই পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আখ্যা দিয়া হৈছে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • বঙাইগাঁও জিলাৰ গোলাপাৰাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, য'ত এজন ৬০ বছৰীয়া ব্যক্তিৰ ধানকলত মৃত্যু হৈছে।
    1
    বঙাইগাঁও জিলাৰ গোলাপাৰাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, য'ত এজন ৬০ বছৰীয়া ব্যক্তিৰ ধানকলত মৃত্যু হৈছে।
    user_Reporter Yeasin Ali.
    Reporter Yeasin Ali.
    Local News Reporter শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    6 hrs ago
  • বৰপেটা জিলাৰ নবগঠিত মন্দিয়া সমষ্টিৰ ডাউকমাৰীৰ পৰা কাছুকাটী হৈ বাংলীপাৰালৈ যোৱা একমাত্ৰ পথটো বিগত ৫-৬ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই গুৰুত্বপূৰ্ণ পথছোৱা সামান্য বৰষুণতেই একাঠু পৰ্যন্ত পানী আৰু বোকাৰে একাকাৰ হৈ পুখুৰী সদৃশ ৰূপ লয়। ফলস্বৰূপে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়। পথৰ এই শোচনীয় অৱস্থাৰ বাবেই গাঁওখনত কোনো জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব নোৱাৰে। ইয়াৰ পৰিণতিত, জৰুৰী সময়ত চিকিৎসাৰ অভাৱত গাঁৱবাসীয়ে গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, বিগত ৫-৬ বছৰ ধৰি পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ক্ষুব্ধ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবী জনাইছে। তেওঁলোকে স্থানীয় বিধায়ক, পঞ্চায়ত সভানেত্ৰী আৰু জিলা প্ৰশাসনক অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা, অনাগত দিনত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে গাঁৱবাসীয়ে।
    3
    বৰপেটা জিলাৰ নবগঠিত মন্দিয়া সমষ্টিৰ ডাউকমাৰীৰ পৰা কাছুকাটী হৈ বাংলীপাৰালৈ যোৱা একমাত্ৰ পথটো বিগত ৫-৬ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই গুৰুত্বপূৰ্ণ পথছোৱা সামান্য বৰষুণতেই একাঠু পৰ্যন্ত পানী আৰু বোকাৰে একাকাৰ হৈ পুখুৰী সদৃশ ৰূপ লয়। ফলস্বৰূপে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়।

পথৰ এই শোচনীয় অৱস্থাৰ বাবেই গাঁওখনত কোনো জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব নোৱাৰে। ইয়াৰ পৰিণতিত, জৰুৰী সময়ত চিকিৎসাৰ অভাৱত গাঁৱবাসীয়ে গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, বিগত ৫-৬ বছৰ ধৰি পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ক্ষুব্ধ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবী জনাইছে। তেওঁলোকে স্থানীয় বিধায়ক, পঞ্চায়ত সভানেত্ৰী আৰু জিলা প্ৰশাসনক অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা, অনাগত দিনত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে গাঁৱবাসীয়ে।
    user_BAGHBAR TIME
    BAGHBAR TIME
    Local News Reporter বাঘবৰ, বৰপেটা, অসম•
    22 min ago
  • বৰপেটা জিলাৰ কুৰিহা অঞ্চলত এগৰাকী তিনিমহীয়া কণ্যাৰ মাতৃয়ে ন্যায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। তেওঁ কুৰিহাৰ ছাইফুল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
    1
    বৰপেটা জিলাৰ কুৰিহা অঞ্চলত এগৰাকী তিনিমহীয়া কণ্যাৰ মাতৃয়ে ন্যায় বিচাৰি এক কাতৰ আহ্বান জনাইছে। তেওঁ কুৰিহাৰ ছাইফুল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    48 min ago
  • বনবাহাৰ গাঁৱত পিএম কিষাণ যোজনাৰ নামত এক বৃহৎ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে। খাইৰুল নামৰ এজন লোকৰ বিৰুদ্ধে গাঁৱৰ একাংশ সৰলমনা লোকক পিএম কিষাণ যোজনাৰ ধন উলিয়াই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰতিজনৰ পৰা ৩ হাজাৰৰ পৰা ৪ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে। অভিযোগ অনুসৰি, অভিযুক্ত খাইৰুলে চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি পিছত উধাও হৈছিল। ইয়াৰ ফলত গাঁওবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। বুধবাৰে বিয়লিৰ ভাগত বনবাহাৰ গাঁৱৰ ৰাইজে খাইৰুলক জবাবদিহি কৰিবলৈ বাধ্য কৰে, যাৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে গাঁৱৰ সহজ-সৰল আৰু দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি এনে প্ৰতাৰণাৰ জাল পতা হৈছে। ৰাইজে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ঘটনাৰ পাছত স্থানীয় সচেতন মহলে পিএম কিষাণৰ নামত ধন সংগ্ৰহ কৰা কোনো ব্যক্তিক বিশ্বাস নকৰিবলৈ আৰু সন্দেহজনক কাৰ্যকলাপ দেখা পালে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে।
    1
    বনবাহাৰ গাঁৱত পিএম কিষাণ যোজনাৰ নামত এক বৃহৎ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছে। খাইৰুল নামৰ এজন লোকৰ বিৰুদ্ধে গাঁৱৰ একাংশ সৰলমনা লোকক পিএম কিষাণ যোজনাৰ ধন উলিয়াই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰতিজনৰ পৰা ৩ হাজাৰৰ পৰা ৪ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে।

অভিযোগ অনুসৰি, অভিযুক্ত খাইৰুলে চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি পিছত উধাও হৈছিল। ইয়াৰ ফলত গাঁওবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। বুধবাৰে বিয়লিৰ ভাগত বনবাহাৰ গাঁৱৰ ৰাইজে খাইৰুলক জবাবদিহি কৰিবলৈ বাধ্য কৰে, যাৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে গাঁৱৰ সহজ-সৰল আৰু দৰিদ্ৰ লোকসকলক লক্ষ্য কৰি এনে প্ৰতাৰণাৰ জাল পতা হৈছে। ৰাইজে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই ঘটনাৰ পাছত স্থানীয় সচেতন মহলে পিএম কিষাণৰ নামত ধন সংগ্ৰহ কৰা কোনো ব্যক্তিক বিশ্বাস নকৰিবলৈ আৰু সন্দেহজনক কাৰ্যকলাপ দেখা পালে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • ধুবুৰীৰ বিদ্যাপাৰা জামে মছজিদত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে এজন যুৱক। এই যুৱকজন নিউঘাট আইৰণজংলা তৃতীয় খণ্ড অঞ্চলৰ আব্দুল মোল্লা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি তাৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা কৰিছিল। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে চোৰটোক উত্তম মাধ্যম সোধাই লগে লগে আৰক্ষীক গতাই দিয়ে। খবৰ লাভ কৰি ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আব্দুল মোল্লাক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে, মছজিদ কমিটিৰ সূত্ৰে কিছুদিন পূৰ্বেও এই একেজন চোৰেই বিদ্যাপাৰা জামে মছজিদত চুৰিকাণ্ড সংঘটিত কৰিছিল বুলি চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰা চিনাক্ত কৰিব পৰা গৈছিল।
    1
    ধুবুৰীৰ বিদ্যাপাৰা জামে মছজিদত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে এজন যুৱক। এই যুৱকজন নিউঘাট আইৰণজংলা তৃতীয় খণ্ড অঞ্চলৰ আব্দুল মোল্লা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি তাৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা কৰিছিল।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে চোৰটোক উত্তম মাধ্যম সোধাই লগে লগে আৰক্ষীক গতাই দিয়ে। খবৰ লাভ কৰি ধুবুৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আব্দুল মোল্লাক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে, মছজিদ কমিটিৰ সূত্ৰে কিছুদিন পূৰ্বেও এই একেজন চোৰেই বিদ্যাপাৰা জামে মছজিদত চুৰিকাণ্ড সংঘটিত কৰিছিল বুলি চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰা চিনাক্ত কৰিব পৰা গৈছিল।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.