logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মনোবল দৃঢ় হ'লে যে কোনো কাৰ্যই অসম্ভৱ নহয়, তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অৰুণাচল প্ৰদেশৰ এজন যুৱকে। অৰুণাচল প্ৰদেশৰ পৰা বিনা পইচাৰে চাইকেল চলাই কেদাৰনাথ যাত্ৰা কৰি অৱশেষত সুকলমে উভতি আহিল এই অসমসাহসী যুৱকজন। হাতত ভ্ৰমণৰ বাবে পৰ্যাপ্ত ধন নথকা স্বত্বেও কেদাৰনাথ দৰ্শনৰ তীব্ৰ হেঁপাহ বুকুত বান্ধি তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। দুমাহ ২৫ দিনৰ দীঘলীয়া যাত্ৰা শেষ কৰি আজি যুৱকজন তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষুদ্ৰ চহৰ লিডুত উপস্থিত হয়। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ এক নং নামফাই গাঁৱৰ বাসিন্দা Star Magar Thapa নামৰ এই যুৱকজনে নিজৰ অদম্য ইচ্ছা শক্তিৰ বলতেই এই কাৰ্য সম্ভৱ কৰি তুলিলে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জানিবলৈ দিয়ে যে কেৱল তীব্ৰ ইচ্ছা শক্তি থাকিলে বিনা পইচাৰেও যে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব পাৰি, সেয়া এতিয়া প্ৰমাণিত। এই যাত্ৰাৰ সময়ছোৱাত যুৱকজনে কেদাৰনাথৰ লগতে মথুৰা, বৃন্দাবন, অযোধ্যা আৰু মুক্তিনাথ আদি ভাৰতৰ বিভিন্ন পবিত্ৰ ধাম তথা স্থানসমূহ চাইকেলেৰেই ভ্ৰমণ কৰে বুলি সদৰী কৰে।

1 hr ago
user_Shyam Jadhav
Shyam Jadhav
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
1 hr ago

মনোবল দৃঢ় হ'লে যে কোনো কাৰ্যই অসম্ভৱ নহয়, তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অৰুণাচল প্ৰদেশৰ এজন যুৱকে। অৰুণাচল প্ৰদেশৰ পৰা বিনা পইচাৰে চাইকেল চলাই কেদাৰনাথ যাত্ৰা কৰি অৱশেষত সুকলমে উভতি আহিল এই অসমসাহসী যুৱকজন। হাতত ভ্ৰমণৰ বাবে পৰ্যাপ্ত ধন নথকা স্বত্বেও কেদাৰনাথ দৰ্শনৰ তীব্ৰ হেঁপাহ বুকুত বান্ধি তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। দুমাহ ২৫ দিনৰ দীঘলীয়া যাত্ৰা শেষ কৰি আজি যুৱকজন তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষুদ্ৰ চহৰ লিডুত উপস্থিত হয়। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ এক নং নামফাই গাঁৱৰ বাসিন্দা Star Magar Thapa নামৰ এই যুৱকজনে নিজৰ অদম্য ইচ্ছা শক্তিৰ বলতেই এই কাৰ্য সম্ভৱ কৰি তুলিলে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জানিবলৈ দিয়ে যে কেৱল তীব্ৰ ইচ্ছা শক্তি থাকিলে বিনা পইচাৰেও যে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব পাৰি, সেয়া এতিয়া প্ৰমাণিত। এই যাত্ৰাৰ সময়ছোৱাত যুৱকজনে কেদাৰনাথৰ লগতে মথুৰা, বৃন্দাবন, অযোধ্যা আৰু মুক্তিনাথ আদি ভাৰতৰ বিভিন্ন পবিত্ৰ ধাম তথা স্থানসমূহ চাইকেলেৰেই ভ্ৰমণ কৰে বুলি সদৰী কৰে।

More news from অসম and nearby areas
  • মনোবল দৃঢ় হ'লে যে কোনো কাৰ্যই অসম্ভৱ নহয়, তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অৰুণাচল প্ৰদেশৰ এজন যুৱকে। অৰুণাচল প্ৰদেশৰ পৰা বিনা পইচাৰে চাইকেল চলাই কেদাৰনাথ যাত্ৰা কৰি অৱশেষত সুকলমে উভতি আহিল এই অসমসাহসী যুৱকজন। হাতত ভ্ৰমণৰ বাবে পৰ্যাপ্ত ধন নথকা স্বত্বেও কেদাৰনাথ দৰ্শনৰ তীব্ৰ হেঁপাহ বুকুত বান্ধি তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। দুমাহ ২৫ দিনৰ দীঘলীয়া যাত্ৰা শেষ কৰি আজি যুৱকজন তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষুদ্ৰ চহৰ লিডুত উপস্থিত হয়। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ এক নং নামফাই গাঁৱৰ বাসিন্দা Star Magar Thapa নামৰ এই যুৱকজনে নিজৰ অদম্য ইচ্ছা শক্তিৰ বলতেই এই কাৰ্য সম্ভৱ কৰি তুলিলে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জানিবলৈ দিয়ে যে কেৱল তীব্ৰ ইচ্ছা শক্তি থাকিলে বিনা পইচাৰেও যে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব পাৰি, সেয়া এতিয়া প্ৰমাণিত। এই যাত্ৰাৰ সময়ছোৱাত যুৱকজনে কেদাৰনাথৰ লগতে মথুৰা, বৃন্দাবন, অযোধ্যা আৰু মুক্তিনাথ আদি ভাৰতৰ বিভিন্ন পবিত্ৰ ধাম তথা স্থানসমূহ চাইকেলেৰেই ভ্ৰমণ কৰে বুলি সদৰী কৰে।
    1
    মনোবল দৃঢ় হ'লে যে কোনো কাৰ্যই অসম্ভৱ নহয়, তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অৰুণাচল প্ৰদেশৰ এজন যুৱকে। অৰুণাচল প্ৰদেশৰ পৰা বিনা পইচাৰে চাইকেল চলাই কেদাৰনাথ যাত্ৰা কৰি অৱশেষত সুকলমে উভতি আহিল এই অসমসাহসী যুৱকজন। হাতত ভ্ৰমণৰ বাবে পৰ্যাপ্ত ধন নথকা স্বত্বেও কেদাৰনাথ দৰ্শনৰ তীব্ৰ হেঁপাহ বুকুত বান্ধি তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। দুমাহ ২৫ দিনৰ দীঘলীয়া যাত্ৰা শেষ কৰি আজি যুৱকজন তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষুদ্ৰ চহৰ লিডুত উপস্থিত হয়।

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ এক নং নামফাই গাঁৱৰ বাসিন্দা Star Magar Thapa নামৰ এই যুৱকজনে নিজৰ অদম্য ইচ্ছা শক্তিৰ বলতেই এই কাৰ্য সম্ভৱ কৰি তুলিলে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জানিবলৈ দিয়ে যে কেৱল তীব্ৰ ইচ্ছা শক্তি থাকিলে বিনা পইচাৰেও যে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব পাৰি, সেয়া এতিয়া প্ৰমাণিত। এই যাত্ৰাৰ সময়ছোৱাত যুৱকজনে কেদাৰনাথৰ লগতে মথুৰা, বৃন্দাবন, অযোধ্যা আৰু মুক্তিনাথ আদি ভাৰতৰ বিভিন্ন পবিত্ৰ ধাম তথা স্থানসমূহ চাইকেলেৰেই ভ্ৰমণ কৰে বুলি সদৰী কৰে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    1 hr ago
  • ৰাজ্যৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ লক্ষ্যৰে অসমৰ কৃষি তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। অসমৰ কৃষিখণ্ডক অধিক সৱল আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকক বছৰটোত কমেও তিনিটা খেতি কৰিবলৈ আহ্বান জনাইছে। অসমৰ ভূমি অত্যন্ত সাৰুৱা বুলি উল্লেখ কৰি তেওঁ কেৱল পৰম্পৰাগত খেতিতেই সীমাবদ্ধ নাথাকি, আধুনিক প্ৰযুক্তি আৰু পৰিকল্পিত কৃষি কাৰ্যৰ জৰিয়তে বছৰটোত তিনিবাৰকৈ খেতি কৰি অধিক লাভবান হ’বলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে কেৱল ধান বা শস্যৰ ওপৰত নিৰ্ভৰ নকৰি অধিক লাভজনক পাচলিৰ খেতি কৰাৰ বাবেও কৃষকসকলক উৎসাহিত কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়ালে যাতে ঘৰৰ চৌহদত একোটিকৈ ফল-মূলৰ বাগিচা স্থাপন কৰে, তাৰ বাবেও তেওঁ বিশেষ পৰামৰ্শ আগবঢ়ায়। এই পদক্ষেপে পৰিয়ালৰ পুষ্টিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে অৰ্থনৈতিক দিশতো সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে, কৃষিৰ সৈতে জড়িত নথকা লোকসকলেও যাতে মাহটোত অন্ততঃ এবাৰৰ বাবে হ’লেও খেতিপথাৰত নামি কৃষি কাৰ্যত অংশগ্ৰহণ কৰে, তাৰ বাবে তেওঁ বিশেষ অনুৰোধ জনায়। এই প্ৰচেষ্টাই কৃষিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ধাৰণা সলনি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ় মত প্ৰকাশ কৰে। এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ কৃষি বিভাগে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে।
    1
    ৰাজ্যৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ লক্ষ্যৰে অসমৰ কৃষি তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। অসমৰ কৃষিখণ্ডক অধিক সৱল আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকক বছৰটোত কমেও তিনিটা খেতি কৰিবলৈ আহ্বান জনাইছে। অসমৰ ভূমি অত্যন্ত সাৰুৱা বুলি উল্লেখ কৰি তেওঁ কেৱল পৰম্পৰাগত খেতিতেই সীমাবদ্ধ নাথাকি, আধুনিক প্ৰযুক্তি আৰু পৰিকল্পিত কৃষি কাৰ্যৰ জৰিয়তে বছৰটোত তিনিবাৰকৈ খেতি কৰি অধিক লাভবান হ’বলৈ পৰামৰ্শ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কেৱল ধান বা শস্যৰ ওপৰত নিৰ্ভৰ নকৰি অধিক লাভজনক পাচলিৰ খেতি কৰাৰ বাবেও কৃষকসকলক উৎসাহিত কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়ালে যাতে ঘৰৰ চৌহদত একোটিকৈ ফল-মূলৰ বাগিচা স্থাপন কৰে, তাৰ বাবেও তেওঁ বিশেষ পৰামৰ্শ আগবঢ়ায়। এই পদক্ষেপে পৰিয়ালৰ পুষ্টিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে অৰ্থনৈতিক দিশতো সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে, কৃষিৰ সৈতে জড়িত নথকা লোকসকলেও যাতে মাহটোত অন্ততঃ এবাৰৰ বাবে হ’লেও খেতিপথাৰত নামি কৃষি কাৰ্যত অংশগ্ৰহণ কৰে, তাৰ বাবে তেওঁ বিশেষ অনুৰোধ জনায়। এই প্ৰচেষ্টাই কৃষিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ধাৰণা সলনি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ় মত প্ৰকাশ কৰে। এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ কৃষি বিভাগে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    1 hr ago
  • চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    1
    চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু মহিলা মঞ্চ গঠনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এই অধিৱেশনখনৰ লগতে সমিতিৰ মহিলা মঞ্চখনো সফলভাৱে গঠন কৰা হয়।
    1
    ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু মহিলা মঞ্চ গঠনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এই অধিৱেশনখনৰ লগতে সমিতিৰ মহিলা মঞ্চখনো সফলভাৱে গঠন কৰা হয়।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    1
    নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.