ৰাজ্যৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ লক্ষ্যৰে অসমৰ কৃষি তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। অসমৰ কৃষিখণ্ডক অধিক সৱল আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকক বছৰটোত কমেও তিনিটা খেতি কৰিবলৈ আহ্বান জনাইছে। অসমৰ ভূমি অত্যন্ত সাৰুৱা বুলি উল্লেখ কৰি তেওঁ কেৱল পৰম্পৰাগত খেতিতেই সীমাবদ্ধ নাথাকি, আধুনিক প্ৰযুক্তি আৰু পৰিকল্পিত কৃষি কাৰ্যৰ জৰিয়তে বছৰটোত তিনিবাৰকৈ খেতি কৰি অধিক লাভবান হ’বলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে কেৱল ধান বা শস্যৰ ওপৰত নিৰ্ভৰ নকৰি অধিক লাভজনক পাচলিৰ খেতি কৰাৰ বাবেও কৃষকসকলক উৎসাহিত কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়ালে যাতে ঘৰৰ চৌহদত একোটিকৈ ফল-মূলৰ বাগিচা স্থাপন কৰে, তাৰ বাবেও তেওঁ বিশেষ পৰামৰ্শ আগবঢ়ায়। এই পদক্ষেপে পৰিয়ালৰ পুষ্টিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে অৰ্থনৈতিক দিশতো সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে, কৃষিৰ সৈতে জড়িত নথকা লোকসকলেও যাতে মাহটোত অন্ততঃ এবাৰৰ বাবে হ’লেও খেতিপথাৰত নামি কৃষি কাৰ্যত অংশগ্ৰহণ কৰে, তাৰ বাবে তেওঁ বিশেষ অনুৰোধ জনায়। এই প্ৰচেষ্টাই কৃষিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ধাৰণা সলনি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ় মত প্ৰকাশ কৰে। এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ কৃষি বিভাগে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে।

- ৰাজ্যৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ লক্ষ্যৰে অসমৰ কৃষি তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। অসমৰ কৃষিখণ্ডক অধিক সৱল আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকক বছৰটোত কমেও তিনিটা খেতি কৰিবলৈ আহ্বান জনাইছে। অসমৰ ভূমি অত্যন্ত সাৰুৱা বুলি উল্লেখ কৰি তেওঁ কেৱল পৰম্পৰাগত খেতিতেই সীমাবদ্ধ নাথাকি, আধুনিক প্ৰযুক্তি আৰু পৰিকল্পিত কৃষি কাৰ্যৰ জৰিয়তে বছৰটোত তিনিবাৰকৈ খেতি কৰি অধিক লাভবান হ’বলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে কেৱল ধান বা শস্যৰ ওপৰত নিৰ্ভৰ নকৰি অধিক লাভজনক পাচলিৰ খেতি কৰাৰ বাবেও কৃষকসকলক উৎসাহিত কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়ালে যাতে ঘৰৰ চৌহদত একোটিকৈ ফল-মূলৰ বাগিচা স্থাপন কৰে, তাৰ বাবেও তেওঁ বিশেষ পৰামৰ্শ আগবঢ়ায়। এই পদক্ষেপে পৰিয়ালৰ পুষ্টিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে অৰ্থনৈতিক দিশতো সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে, কৃষিৰ সৈতে জড়িত নথকা লোকসকলেও যাতে মাহটোত অন্ততঃ এবাৰৰ বাবে হ’লেও খেতিপথাৰত নামি কৃষি কাৰ্যত অংশগ্ৰহণ কৰে, তাৰ বাবে তেওঁ বিশেষ অনুৰোধ জনায়। এই প্ৰচেষ্টাই কৃষিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ধাৰণা সলনি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ় মত প্ৰকাশ কৰে। এই আহ্বানৰ পাছতে এতিয়া ৰাজ্যৰ কৃষি বিভাগে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰাৰ ইংগিত পোৱা গৈছে।1
- হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।1
- হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।1
- শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।4
- ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু মহিলা মঞ্চ গঠনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এই অধিৱেশনখনৰ লগতে সমিতিৰ মহিলা মঞ্চখনো সফলভাৱে গঠন কৰা হয়।1
- শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।1