logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।

1 hr ago
user_Moran Dorpon
Moran Dorpon
মৰাণ, ডিব্ৰুগড়, অসম•
1 hr ago

হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।

More news from অসম and nearby areas
  • চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    1
    চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    51 min ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    1 hr ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    4
    শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে।

সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    15 hrs ago
  • ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু মহিলা মঞ্চ গঠনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এই অধিৱেশনখনৰ লগতে সমিতিৰ মহিলা মঞ্চখনো সফলভাৱে গঠন কৰা হয়।
    1
    ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু মহিলা মঞ্চ গঠনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এই অধিৱেশনখনৰ লগতে সমিতিৰ মহিলা মঞ্চখনো সফলভাৱে গঠন কৰা হয়।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।
    1
    শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.