logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।

3 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
3 hrs ago

শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।

More news from অসম and nearby areas
  • শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    4
    শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে।

সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    17 hrs ago
  • চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    1
    চৰাইদেউ জিলাৰ মাহমৰাৰ অন্তৰ্গত দ'লবাগান আঞ্চলিক জ্ঞান বিকাশ কেন্দ্ৰ আৰু সাৰ্বজনীন নামঘৰত ১০ দিনীয়া গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মধুবনক্ষেত্ৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হ'ব। অহা ১০ জুলাইৰ পৰা ১৯ জুলাইলৈকে দিনৰ আবেলি ১ বজাৰ পৰা এই ১০ দিনীয়া কৰ্মশালাখন চলিব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে, আটাছুৰ সভাপতি বসন্ত গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি অসম চৰকাৰে আলফাৰ আন্দোলনক ন্যায্যতা প্ৰদান কৰিছে, তেন্তে সেই কথা ৰাজহুৱা কৰিব লাগে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখনৰ ক’ৰবাত আঁকিব নোৱাৰিব বুলি চৰকাৰে লোৱা সিদ্ধান্ত আমি মানি ল’ব নোৱাৰো বুলি স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বসন্ত গগৈয়ে। ইয়াৰ উপৰিও, পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সন্দৰ্ভতো বসন্ত গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • লখিমপুৰ আৰক্ষীয়ে পূৰ্বে জব্দ কৰা NDPS সামগ্ৰী সমূহ আজি ধ্বংস কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হয়।
    1
    লখিমপুৰ আৰক্ষীয়ে পূৰ্বে জব্দ কৰা NDPS সামগ্ৰী সমূহ আজি ধ্বংস কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হয়।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    4 hrs ago
  • তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।
    2
    তিতাবৰৰ মেলামাটিত অহা ২৭ আৰু ২৮ জুলাইত ‘আৰোহণ সংগীত বিদ্যালয়’ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। এই বিশেষ উপলক্ষে ২৭ জুলাইত সদৌ অসম ভিত্তিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এক বৃহৎ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৩০০ টকা যোগদান মাচুল ধাৰ্য কৰা এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ৫,০০০, ৪,০০০, ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পিছদিনা অৰ্থাৎ ২৮ জুলাইত পুৱা চিত্ৰাংকণ প্ৰতিযোগিতা, দুপৰীয়া মুকলি সভা তথা সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিদ্যালয়খনৰ সমন্বয়ক দিজেন্দ্ৰ নাৰায়ণ ৰাওৱে সমগ্ৰ অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে যোগাযোগৰ বাবে ৯১০১৮১১৮৪৮ অথবা ৯৮৫৪০৩৫৪৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।
    1
    শিৱসাগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰে অহা এখন এল্টো বাহনৰ আগচকা হঠাতে ফাটি যোৱাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ আগভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ১১ হাজাৰ ভভল্ট শক্তিসম্পন্ন বৈদ্যুতিক খুঁটাটো টুকুৰা-টুকুৰ হৈ ভাঙি পৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে, একেটা খুঁটাতে থকা ১১ হাজাৰ ভল্ট আৰু ২২০ ভল্ট শক্তিসম্পন্ন বৈদ্যুতিক তাৰসমূহৰ মাজত কোনো সুৰক্ষামূলক জালি নথকাৰ বাবে খুন্দা মৰাৰ লগে লগে তাত বিদ্যুৎ সংযোগ হৈ জুইৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে বাহনখনৰ অতিমাত্ৰা তীব্ৰ গতিবেগৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.