Shuru
Apke Nagar Ki App…
যোৱা শুকুৰবাৰ মাজ নিশা বৰক্ষেত্ৰীৰ বৰচুলিয়া পাৰ্কুৰ চৰত এক চাঞ্চল্যকৰ হত্যাৰ পৰিকল্পনা সংঘটিত হৈছিল।
MR ABDUL MOTIN
যোৱা শুকুৰবাৰ মাজ নিশা বৰক্ষেত্ৰীৰ বৰচুলিয়া পাৰ্কুৰ চৰত এক চাঞ্চল্যকৰ হত্যাৰ পৰিকল্পনা সংঘটিত হৈছিল।
More news from অসম and nearby areas
- আজি নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। জিলাখনত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে পবিত্ৰ শিৱদৌল প্ৰাংগনত দেশ তথা দশৰ মংগলাৰ্থে ভগৱানৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। দৌল দৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই জিলাখনৰ উন্নয়নক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে শিৱসাগৰত বিৰোধী দলৰ বিধায়ক থাকিলেও জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰা কোনো কাৰণতে থমকি নৰয়। ৰাজ্য চৰকাৰে সমষ্টি আৰু জিলাখনৰ উন্নয়নৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।3
- দ্বিতীয় বাৰৰ বাবে মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই অভিভাৱক মন্ত্ৰী বিমল বৰা সপত্নীক চৰাইদেউত উপস্থিত হৈছে। তেওঁ চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ উপৰিপুৰুষৰ আৰ্শীষ গ্ৰহণ কৰে। এই উপলক্ষে মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাখনক ৰাজ্যখনৰ ভিতৰতে এখন পৰ্যটন জিলা ৰূপে গঢ় দিয়াৰ কথা সদৰি কৰে।1
- মৰাণত এক বিশেষ ঘটনা পোহৰলৈ আহিছে, য'ত অবৈধ মদ উৎখাত কৰিবলৈ আহ্বান জনোৱা এগৰাকী গাওঁপ্ৰধানক মৰাণৰ আবকাৰী পৰিদৰ্শকজনে অশ্লীল ভাষাৰে গালিগালাজ কৰে। গাওঁপ্ৰধানে অবৈধ মদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনোৱাৰ ফলতে আবকাৰী পৰিদৰ্শকজনে তেওঁক এনেদৰে অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে।1
- টিংখাংৰ ৰাজগড়ৰ সমীপত সংঘটিত এক ঘটনাত ৰাইজে ছাগলী চোৰক আবদ্ধ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ছাগলী চোৰৰ বাহনখনে এখন ই-ৰিক্সাক খুন্দা মৰাৰ পাছত নলাত বাগৰি পৰে। এই ঘটনাৰ লগে লগে গাওঁৰ ৰাইজে তৎক্ষণাত চুৰৰ বাহনখন আবদ্ধ কৰি ধৰে।1
- মৰঙিত মৌজাৰ এটা অঞ্চলত মানুহ-হাতীৰ সংঘাতৰ মাজতো এক নান্দনিক দৃশ্য কেমেৰাত বন্দী হৈছে। এই দৃশ্যত এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত এজাক বন্যহস্তী, যাৰ ভিতৰত কেইটামান সৰু পোৱালি আছিল, প্ৰৱেশ কৰা দেখা গৈছে। পোৱালিকেইটাই চৌহদত থকা এটা বালিৰ দ'মত আনন্দ মনে খেল খেলিছিল। এটা দিশে হাতী-মানুহৰ ভয়ংকৰ সংঘাত অব্যাহত থকাৰ সময়তে, আনহাতে কেমেৰাত বন্দী হোৱা এই আপ্লুত কৰা দৃশ্যই সকলোকে মোহিত কৰিছে।1
- যোৱা শুকুৰবাৰ মাজ নিশা বৰক্ষেত্ৰীৰ বৰচুলিয়া পাৰ্কুৰ চৰত এক চাঞ্চল্যকৰ হত্যাৰ পৰিকল্পনা সংঘটিত হৈছিল।1
- বামুণবাৰীৰ সমীপত থকা মেছলং ৰাজহুৱা খেলপথাৰত আদিবাসী ৰাইজৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এই সভাত অঞ্চলটোৰ আদিবাসী ৰাইজে অংশগ্ৰহণ কৰে।1
- চৰাইদেউ জিলাৰ সোণাৰি নাফুকৰ অঞ্চু হোটেলত আহোম জনগোষ্ঠীক একেখন মঞ্চত একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত 'আহোম ঐক্য মঞ্চ, অসম' গঠন কৰা হৈছে। এই গুৰুত্বপূৰ্ণ সভাত কেইবাটাও বংশাৱলী আৰু ৰয়েল আহোম ছ'চাইটিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ৰয়েল আহোম ছ'চাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই কমলা ৰাজকোঁৱৰক সভাপতি, নাৰায়ণ লাহনক কাৰ্যকৰী সভাপতি, মিণ্টু দুৱৰা আৰু দিবাকৰ দেৱৰাজ লাহনক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও, অতুল কোঁৱৰক মুখ্য সমন্বয়ক, লগতে টিপেশ্বৰ লাহন, দিগন্ত ফুকন, যতিন দুৱৰা আৰু পূৰ্ণকান্ত গন্ধিয়াক উপ-সভাপতি হিচাপে লৈ এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।1
- গুৱাহাটী মহানগৰীৰ আয্যনগৰত “অসমীয়া গ’ বেক” ধ্বনি দিয়াৰ পিছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত গোলাঘাটৰ ৰঙাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰঙাজান আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ যৌথ সহযোগত অনা অসমীয়া বিহাৰীৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।1