logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"

5 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
5 hrs ago

বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"

More news from Assam and nearby areas
  • বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    1
    বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত  বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই  বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ 
বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি  ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ 
দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷  উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা  নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব  বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় "  সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে  স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    5 hrs ago
  • প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মিত্ৰতা সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ
    1
    প্ৰাক্তন কংগ্ৰেছ সাংসদ আব্দুল খালেক ডাঙৰীয়াই 
মিত্ৰতা সম্পৰ্কে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    1 hr ago
  • প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।
    1
    প্ৰমোদ বড়ো চৰকাৰে ৫ বছৰে কৰিব নোৱাৰা কাম মাত্ৰ ৫ মাহতে পূৰণ কৰিব ওলাইছে বিপিএফ চৰকাৰে। ৰাইজৰ বহুদিনীয়া দাবী পূৰণ কৰি আজি বাক্সা জিলাৰ ২১ং শালবাৰী পৰিষদীয় অন্তৰ্গত আনন্দ বজাৰ কচুগাৱৰ পৰা কৈয়েমাৰী-বৰঘোপা হৈ বৰপেটাৰোড সংযোগী এক অতিকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় এমচিএলএ দিগন্ত গয়াৰীয়ে। প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগীয়া পথছোৱা কেইবাটাও অংশ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দিগন্ত গয়াৰীয়ে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    9 hrs ago
  • আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।
    1
    আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।
    user_ND Axom
    ND Axom
    Media house সৰ্থেবাৰী, বৰপেটা, অসম•
    11 hrs ago
  • Post by SAKINUR BHAI
    1
    Post by SAKINUR BHAI
    user_SAKINUR BHAI
    SAKINUR BHAI
    Artist বজালী, বজালী, অসম•
    6 hrs ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    11 hrs ago
  • সোণতলীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন
    1
    সোণতলীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    3 hrs ago
  • বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷ গায়িকা চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    1
    বৰপেটা সত্ৰৰ দালান সন্মুখৰ পৰা আৰম্ভ হোৱা ৰাইজিং ক্লাবৰ বাটে বাটে হোলীগীত প্ৰতিযোগীতা উদ্বোধন কৰে বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু গায়িকা  চুইটি দাস । বৰপেটা দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান। আজি বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌  বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।
ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ( বেহৰবাৰী আউটপোষ্টৰ মোহন ) আৰু গায়িকা  চুইটি দাস ৷
দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওঁট কয় " সৰুৰ পৰা  শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ মোৰ আজি সোভাগ্য হল বৰপেটাৰ ৰাইজিং ক্লাৱৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৷ " সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পী গৰাকীয়ে ৷
গায়িকা  চুইটি দাসে কয় " বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এটা বেলেগ অনুভৱ আমি গুৱাহাটীত এই অনুভৱটো কেতিয়াও নেপাও ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.