Shuru
Apke Nagar Ki App…
আজী লিডু লেখাঁ পানী এলেকাত বোৰখন বতৰ আজীৰ দিনটো একেবাৰে ডাৱৰীয়া হৈ যাক যাক ব্ৰখন দিথকা হৈ সে সালেকিপাহাৰ বংমগৰ ইলাকত যাক যাক বৰোখন ডিথকা হৈছে আজিৰ দিন একেবাৰে ডাৱৰীয়া হৈ বৰুখুন আজিৰ আজি নিশা লৈ। কে একে নিচিনা থাকিব যেন লাগে।
Umasankar Deb
আজী লিডু লেখাঁ পানী এলেকাত বোৰখন বতৰ আজীৰ দিনটো একেবাৰে ডাৱৰীয়া হৈ যাক যাক ব্ৰখন দিথকা হৈ সে সালেকিপাহাৰ বংমগৰ ইলাকত যাক যাক বৰোখন ডিথকা হৈছে আজিৰ দিন একেবাৰে ডাৱৰীয়া হৈ বৰুখুন আজিৰ আজি নিশা লৈ। কে একে নিচিনা থাকিব যেন লাগে।
More news from অসম and nearby areas
- আজী লিডু লেখাঁ পানী এলেকাত বোৰখন বতৰ আজীৰ দিনটো একেবাৰে ডাৱৰীয়া হৈ যাক যাক ব্ৰখন দিথকা হৈ সে সালেকিপাহাৰ বংমগৰ ইলাকত যাক যাক বৰোখন ডিথকা হৈছে আজিৰ দিন একেবাৰে ডাৱৰীয়া হৈ বৰুখুন আজিৰ আজি নিশা লৈ। কে একে নিচিনা থাকিব যেন লাগে।1
- বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।1
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য? তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য?1
- বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব। এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।1
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷1
- স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।3
- ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ। ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ।1
- তিনিচুকীয়াৰ চহৰৰ চাইদিং বজাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ তিনিচুকীয়াত আজি পুনৰ উদ্ধাৰ হৈছে আন এটা মৃতদেহ৷ তিনিচুকীয়াৰ AT Road ৰ পৰা Low College ৰ প্ৰৱেশ পথত চাইদিংত উদ্ধাৰ হয় মৃতদেহটো৷ মৃতদেহটো পৰিয়ালৰ লোকে নিউ ডেভেলপমেণ্টৰ অশোক মাহাতু চিনাক্ত কৰিছে৷ লোকজনৰ শৰীৰত চোকা অস্ত্ৰই আঘাত কৰা চিন স্পষ্ট হৈ পৰাক লৈ এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী, ফৰেনছিকৰ দ’ল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইফালে, মংগলবাৰেও হিজুগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ৷ তিনিচুকীয়াত সঘনাই সংঘটিত হোৱা এনেধৰণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷1