বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব। এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।
বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:: সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী MVSৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি DAJGUA আঁচনিৰ অধীনত ৭৫ লাখ টকা ব্যয়সাপেক্ষ Major Renovation কামৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। Tribal Affairs (Plains) বিভাগৰ অধীনত আৰু APTDC Ltd.-ৰ ৰূপায়ণত কামটো সম্পন্ন কৰা হ’ব। এই উপলক্ষে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সুন্দৰ, উন্নত আৰু সুবিধাজনক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। বিদ্যালয়খনৰ উন্নয়নমূলক কামে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ফুকন, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, স্থানীয় সমাজকৰ্মী ৰঞ্জন বসুমতাৰী, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোহন দিহিঙীয়া, লংপতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিতুমণি বৰুৱা বসুমতাৰী, সমাজকৰ্মী পৰাগ বসুমতাৰীৰ লগতে স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।
- *ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।4
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য? তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য?1
- মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷2
- Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.1
- দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।1
- মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে। Focus Axom 24 | Truth, Time, and Trust . . . #FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers1
- ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ। ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ।1
- বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- ১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন। ১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন। মায়াবিনী ৰাতিৰ জোনাকত যেন আকৌ ভাঁহি আহে জুবিন দাৰ মুখখন। সুৰ হৈ বাজে তেওঁৰ স্মৃতি, আৰু চকুৰ কোণত জমা হয় নোকোৱা অশ্ৰু। জুবিন দা কেৱল এজন শিল্পী নাছিল—তেওঁ আছিল অসমৰ এক অনুভৱ, এক হৃদস্পন্দন, এক অমৰ নাম। শাৰীৰিকভাৱে আঁতৰি গ’লেও তেওঁৰ গান আৰু আদৰ্শ আজিও আমাৰ মাজত জীয়াই আছে। এই গভীৰ মৰম আৰু বেদনাৰ পৰাই অমিত নাগে জুবিন দাক সুঁৱৰি আগবঢ়াইছে এটি কবিতা “১৯ ছেপ্টেম্বৰ—মায়াবিনী ৰাতি" এই কবিতাৰ প্ৰতিটো শব্দত আছে স্মৃতি, প্ৰতিটো শাৰীত আছে চকুলো, আৰু প্ৰতিটো অনুভৱত আছে এটাই কথা— “অসমৰ হৃদয়ত জীয়াই থাকিবা।নাযাবা,তুমি সদায় অসমৰ হৃদয়ত জীয়াই থাকিবা। যুৱনেতা অমৃত নাগৰ এটি সুন্দৰ কবিতা . . . . #everyone #highlight #facebookpost #follower #FocusAxom241