Shuru
Apke Nagar Ki App…
তিনিচুকীয়া চহৰত এখন স্কৰ্পীয় বাহনে চিনেমাৰ কাইদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে। চলন্ত বাহনখনে এগৰাকীৰ পাছত এগৰাকী পথচাৰীক খুন্দিয়াই। কেইবাগৰাকীও লোকক খুন্দিয়াই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পথচাৰীসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰে। এই সন্ত্ৰাস সৃষ্টিকাৰী বাহনখনৰ নম্বৰ আছিল AS06 H4282। পিছত, বাহনখন যানযঁটৰ মাজত আৱদ্ধ হৈ পৰে, যাৰ ফলত চালকজনক মাৰধৰ কৰা হয়। তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Tinsukia TIME
তিনিচুকীয়া চহৰত এখন স্কৰ্পীয় বাহনে চিনেমাৰ কাইদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে। চলন্ত বাহনখনে এগৰাকীৰ পাছত এগৰাকী পথচাৰীক খুন্দিয়াই। কেইবাগৰাকীও লোকক খুন্দিয়াই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পথচাৰীসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰে। এই সন্ত্ৰাস সৃষ্টিকাৰী বাহনখনৰ নম্বৰ আছিল AS06 H4282। পিছত, বাহনখন যানযঁটৰ মাজত আৱদ্ধ হৈ পৰে, যাৰ ফলত চালকজনক মাৰধৰ কৰা হয়। তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
More news from অসম and nearby areas
- তিনিচুকীয়া চহৰত এখন স্কৰ্পীয় বাহনে চিনেমাৰ কাইদাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে। চলন্ত বাহনখনে এগৰাকীৰ পাছত এগৰাকী পথচাৰীক খুন্দিয়াই। কেইবাগৰাকীও লোকক খুন্দিয়াই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পথচাৰীসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰে। এই সন্ত্ৰাস সৃষ্টিকাৰী বাহনখনৰ নম্বৰ আছিল AS06 H4282। পিছত, বাহনখন যানযঁটৰ মাজত আৱদ্ধ হৈ পৰে, যাৰ ফলত চালকজনক মাৰধৰ কৰা হয়। তিনিচুকীয়াৰ যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।1
- জাৰ্ণেলিষ্ট ইউনিয়ন অফ আছাম, তিনিচুকীয়া জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা মাকুম প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছে। এই সভাত জিলা সমিতিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাধাৰণ সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা ২৫ জুলাইত জাগুনত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত "স্তম্ভ" শীৰ্ষক এখন মুখপত্ৰ প্ৰকাশ কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে, যাৰ সম্পাদক হিচাপে পাপুল গগৈয়ে দায়িত্ব পালন কৰিব। এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠান, আলোচনা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ লগতে জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতাও আয়োজন কৰা হ'ব বুলি জানিব পৰা গৈছে। জিলা সমিতিখনৰ হৈ সভাপতি অখিল চন্দ্ৰ বৰুৱাই সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।1
- দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী উৰণীয়া সেতুখনৰ সন্দৰ্ভত এক তথ্য পোৱা গৈছে। এই তথ্যই প্ৰথম অৱস্থাত নিৰ্মিত উৰণীয়া সেতুখন আৰু বৰ্তমান কাৰ্যক্ষম হৈ থকা উৰণীয়া সেতুখনৰ মুকলিৰ সময়ৰ বিষয়ে আলোচনা কৰিছে।1
- তিনিচুকীয়া জিলাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত জাগুন বজাৰৰ ৰাজপথ, বিশেষকৈ ব্যস্ত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চৰণীয়া পথাৰৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। পথৰ ওপৰত গৰুৰ জাকৰ অবাধ বিচৰণৰ ফলত মানুহ খোজ কাঢ়িবলৈও ভয় কৰিবলগীয়া হৈছে আৰু এই বাঢ়ি অহা গৰুৰ সন্ত্ৰাসত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, একাংশ দায়িত্বহীন পশুধনৰ মালিকে নিজৰ গৰুসমূহ এনেদৰে বজাৰৰ মাজত এৰি দিয়ে। এই গৰুৰ জাকে বজাৰৰ শাক-পাচলিৰ দোকানসমূহ লণ্ডভণ্ড কৰাৰ লগতে দিন-ৰাতি সমানেই ৰাজপথতে খোপনি পুতি বহি থাকে। ইয়াৰ ফলত অঞ্চলটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।1
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মটক স্বায়ত্ব শাসিত পৰিষদৰ CME ডেভিদ চেতিয়াক সন্মানিত কৰা হয়। তেওঁৰ লগতে সমাজৰ হকে কাম কৰা আন বহুতো ব্যক্তিকো বঁটা প্ৰদান কৰা হয়।1
- শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাৰ, লগতে দুয়োখন জিলাৰ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ চেপন চূণপোৰা পথত ঠিকাদাৰৰ দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ চাইভ বাম নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পথ নিৰ্মাণৰ সমান্তৰালভাৱে পথৰ কাষৰ চাইড বামবোৰ দকৈ খান্দি দীৰ্ঘদিন ধৰি পেলাই থৈছে। ইয়াৰ ফলত বৰষুণৰ পানী জমা হৈ চাইড বামত সোমাই দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰৰ এই গাফিলতিৰ বাবে স্থানীয় ৰাইজৰ লগতে আটাছু সৰৱ হৈ পৰিছে। তেওঁলোকে প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু আটাছুৱে অতি শীঘ্ৰেই চেপন চূণপোৰা পথৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে।1
- তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথত আজি চাৰিখন গাঁওৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰগুৰি বাইপাছ চাৰিআলিত পথ অৱৰোধ কৰি বৰগুৰি, বালুপাৰা, হেঙালগুৰি, আৰু জৰিগুৰি গাঁওৰ লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা এই সমস্যাৰ সমাধানৰ দাবী জনায়। উল্লেখ্য যে, পূৰ্বতে এই স্থানত থকা দলং ভাঙি বাইপাছ পথ নিৰ্মাণ কৰাৰ সময়ত তাত কলভাৰ্ট নিৰ্মাণ কৰা নহ'ল, যাৰ ফলত ৰাইজে এই কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব লগা হৈছে। স্থানীয় লোকসকলে এই সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত আজি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বেও একেই সমস্যা লৈ ৰাইজে তিনিচুকীয়া-মাকুম সংযোগী বাইপাছ পথ অৱৰোধ কৰি প্ৰতিবাদ জনাইছিল। বৰ্তমানৰ প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।1
- ছিকিমত হোৱা ভূমিস্খলনৰ ফলত ৰাংপো - ৰোৰাথাং পথৰ ৫নং মাইল ৰেছি, ৰোৰাথাংত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ভূমিস্খলনৰ বাবে পথটো অৱৰুদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।1