Shuru
Apke Nagar Ki App…
বিশ্বনাথ জিলাৰ উত্তৰ মৰল গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উৎসৱ উদযাপন কৰা হৈছে। এই উদযাপনৰ অংশ হিচাপে কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
KHABAR 24 BISWANATH
বিশ্বনাথ জিলাৰ উত্তৰ মৰল গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উৎসৱ উদযাপন কৰা হৈছে। এই উদযাপনৰ অংশ হিচাপে কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
More news from অসম and nearby areas
- বিশ্বনাথ জিলাৰ উত্তৰ মৰল গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উৎসৱ উদযাপন কৰা হৈছে। এই উদযাপনৰ অংশ হিচাপে কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।1
- ভাৰতীয় সংৰক্ষিত বাহিনীত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰা চতিয়াৰ শ্ৰবন নাথ নামৰ এজন ব্যক্তিয়ে কৰ্মজীৱন সামৰি এক নতুন প্ৰয়াস আৰম্ভ কৰিছে। সৰুৰে পৰা মনত পূহি ৰখা গছ-গছনিৰ প্ৰতি থকা তেওঁৰ আশা এতিয়া যেন বাস্তৱত ৰূপায়িত হৈছে। চাকৰি জীৱনৰ অন্তত পুনৰ চতিয়ালৈ উভতি আহি ব্যক্তিজনে এখন নাৰ্চাৰী আৰম্ভ কৰিছে। দীৰ্ঘদিনৰ পৰা মনতে পুহি ৰখা এই সপোনটো সফল হোৱাত তেওঁ আনন্দিত হৈছে। শ্ৰবন নাথে সকলো ৰাইজক তেওঁৰ এই নতুন গছ-ফুলৰ নাৰ্চাৰীলৈ আহিবলৈ আহ্বান জনাইছে।4
- লালুক তেল ডিপোৰ সন্মূখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনা দুখন মটৰচাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত হৈছিল। ফলত নাওবৈচা আৰু বগলীজানৰ মুঠ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।1
- নগাঁও জিলাৰ ৰূপহীহাটৰ কাছখাইটীত এটা হৰিণা উদ্ধাৰ কৰা হৈছে। এজন কৃষকে পথাৰত ধান কাটিবলৈ যাওঁতে হৰিণাটোক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পাছতে স্থানীয় ৰাইজ তৎপৰতাৰে একত্ৰিত হৈ হৰিণা পশুটিক ধৰিবলৈ সক্ষম হয়। জনসাধাৰণে হৰিণাটোক ধৰি লাওঁখোৱা অভয়াৰণ্যৰ বন বিভাগক খবৰ দিয়ে। অৱশেষত, বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ পৰা হৰিণা পশুটিক চমজি লৈ যায়।1
- নগাঁও জিলাৰ জুৰীয়াৰ থিয়টাঙনী গাঁৱত ধান শুকুওৱা ঠাইক লৈ কাজিয়াৰ সূত্ৰপাত হয়, যাৰ ফলত এগৰাকী বৃদ্ধাক চোকা বাঁহেৰে আক্ৰমণ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আছিয়া খাতুন নামৰ এগৰাকী বৃদ্ধাই ঘৰৰ ওচৰৰে এখন ব্যক্তিগত মৰিশালিত বড়োধান শুকুৱাবলৈ আঠুৱা জাল পাতিবলৈ আহিছিল। এই কাৰ্যত মকিজুল ইছলাম আৰু তেওঁৰ পত্নী হালিমা খাতুনে বাধা প্ৰদান কৰে। এই লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু মকিজুল ইছলামে নিজৰ মাতৃসম মহিলা আছিয়া খাতুনক চোকা বাঁহেৰে হাতত আঘাত কৰে। আক্ৰমণকাৰীসকলে আছিয়া খাতুনৰ পুত্ৰ আলম বিদশ্বাহকো আক্ৰমণ কৰে। এই ঘটনা সন্দৰ্ভত আছিয়া খাতুনে জুৰীয়া আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে।1
- মিজিকাজান চাহ বাগিছাত সদৌ অসম কিষাণ কুঁঢ়াৰ জাতি মহাসভাৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।1
- অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।1
- আজি বিহালীৰ ঘামে ৰৌমাৰীস্থিত মুলাগাভৰু সমন্বয় ক্ষেত্ৰত বিশ্বনাথ জিলা টাই আহোম নাৰী সংগঠনৰ এখন নতুন সমিতি গঠন কৰা হয়। এই সভাত জুনু বৰাক সভানেত্ৰী আৰু মুনমী বৰাক সম্পাদিকা হিচাপে লৈ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়। স্থানীয় সমাজকৰ্মী প্ৰবীণ বৰাৰ সভাপতিত্বত এই সভা অনুষ্ঠিত হৈছিল, যাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ডা:চাও পুনেশ্বৰ বৰুৱাই। সদৌ অসম কেন্দ্ৰীয় টাই আহোম নাৰী সংগঠনৰ সভানেত্ৰী অনুৰাধা গগৈৰ উপস্থিতিত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিছিল। সভাত টাই আহোম সমিতিৰ সত্য বৰা আৰু গোহাঁই পুখুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমল গগৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।4