Shuru
Apke Nagar Ki App…
লখিমপুৰ কৃষি বিভাগৰ উদ্যোগত মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰ অভিযানৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান চুকুলুভৰীয়া ত লখিমপুৰ জিলা কৃষি বিভাগৰ অধীনৰ চাবতি কৃষি চক্ৰ আৰু বগীনদী কৃষি চক্ৰৰ উদ্যোগত আজি চুকুলুভৰীয়া স্থিত কৃষি বীজপাম কেন্দ্ৰত ভাৰত চৰকাৰে ৰূপায়ন কৰা মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰ অভিযানৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। থৌ থুৱনি পঞ্চায়তৰ কৃষি সম্প্ৰসাৰণ সহায়ক বিপিন বৰাই আঁত ধৰা প্ৰশিক্ষণত চাবতি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া কংকন কাকতিয়ে, বগীনদী আৰু চাবতি কৃষি চক্ৰৰ অন্তৰ্গত থকা পঞ্চায়তৰ কৃষকসকলক উক্ত বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বগীনদী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া সংগীতা হাজৰিকাও উপস্থিত থাকে ।
Bhuban Gautam
লখিমপুৰ কৃষি বিভাগৰ উদ্যোগত মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰ অভিযানৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান চুকুলুভৰীয়া ত লখিমপুৰ জিলা কৃষি বিভাগৰ অধীনৰ চাবতি কৃষি চক্ৰ আৰু বগীনদী কৃষি চক্ৰৰ উদ্যোগত আজি চুকুলুভৰীয়া স্থিত কৃষি বীজপাম কেন্দ্ৰত ভাৰত চৰকাৰে ৰূপায়ন কৰা মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰ অভিযানৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। থৌ থুৱনি পঞ্চায়তৰ কৃষি সম্প্ৰসাৰণ সহায়ক বিপিন বৰাই আঁত ধৰা প্ৰশিক্ষণত চাবতি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া কংকন কাকতিয়ে, বগীনদী আৰু চাবতি কৃষি চক্ৰৰ অন্তৰ্গত থকা পঞ্চায়তৰ কৃষকসকলক উক্ত বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বগীনদী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া সংগীতা হাজৰিকাও উপস্থিত থাকে ।
More news from অসম and nearby areas
- SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।1
- শিৱসাগৰ, নাজিৰা, মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১০০ টা বানাক্ৰান্ত পৰিয়াললৈ সমন্বয়। সাংস্কৃতিক গোষ্ঠীৰ সহযোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ সহায়ৰ হাত *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত সেৱাই পৰম ধৰ্ম। সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সৌজন্যত, “দীনেশ সাহৰা ফাউণ্ডেশ্যন”ৰ তত্বাৱধানত আৰু *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সহযোগত ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ এক বিশেষ সাহাৰ্য্য অভিযান চলোৱা হয়৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে চন্টকৰ চেতিয়া সন্দিকৈ গাওঁ, শিমলুগুৰিৰ ৰামুগাওঁ, জাঁজী ধনতুলা আদি বানাক্ৰান্ত অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়ায়৷ সন্মিলনৰ মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই সাহাৰ্য্য অভিযানত ৰাইজৰ মাজত সৰ্বমুঠ ১ লাখ ৪৯ হাজাৰ টকাৰ গাদী, গাৰু, বিচনা চাদৰ, পাটী, নিউট্ৰেলাৰ পেকেট আদিৰ উপৰিও নামঘোষা বিতৰণ কৰা হয়৷ উক্ত কাৰ্য্যসূচীত ৰাজলক্ষ্মী ভূঞা, ৰাজীৱ গগৈ, প্ৰণৱ শৰ্মা, পৰী শইকীয়া, দেৱযানী ৰাজখোৱা, ৰঞ্জিত বৰদলৈ, অনুস্কা বৰুৱা আদি উপস্থিত থাকে।4
- যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।2
- চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।1
- বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে। চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়1
- নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/ 📰 জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে আকস্মিক মৃ/ত্যু/ চিকিৎসকৰ 🛑 নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ চাহিন ৰহমানৰ আকস্মিক মৃ/ত্যু/ 🛑 জিমত শৰীৰচৰ্চা কৰি থকা অৱস্থাতে সংঘটিত হয় শো/কা/ৱ/হ ঘ/ট/না। সমগ্ৰ ঘটনাৰ দৃশ্য জিমৰ CCTV কেমেৰাত বন্দী। #নগাঁও #nonfollowers #follower #highlightseveryone #focusaxom241
- টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি। টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।1
- সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 📰 গোলাঘাটত সাংবাদিক আ/ক্ৰ/ম/ণ/ক লৈ তীব্ৰ প্ৰতিবাদ 🛑 সাংবাদিক দেবাশীষ সাহাক আ/ক্ৰ/ম/ণ/ৰ অভিযোগক কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। 🛑 ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা বন বিভাগৰ বিষয়া অংকুৰ মহন্ত আৰু প্ৰকাশ দাসক অনতিপলমে নিলম্বন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। #nonfollowers #followerseveryone #highlightseveryone #FocusAxom24 #newsfeed1