টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি। টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।

- টিংখাঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থা; ঘৰে ঘৰে সোমাই ধ্বংস কৰিলে অবৈধ ভাটি। টিংখাঙত অবৈধ মাদক দ্ৰব্য আৰু চুলাই-মদৰ বিৰুদ্ধে অভিযান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা)। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি এইবাৰ সংগঠনটোৰ সদস্যসকলে নিজেই নামিল এই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে। টিংখাং সমষ্টিৰ বিভিন্ন গাঁও আৰু চাহ বাগিচা অঞ্চলত চলি থকা চুলাই মদৰ ভাটি, গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলালে উচ্ছেদ অভিযান। টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদ, গাঞ্জা আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো ফল নধৰিল। অৱশেষত উপায়হীন হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে নিজেই নামি পৰিল প্ৰত্যক্ষ একশ্যনত। কেঁন্দুগুৰি, উচাবাম, চটনিবাম, পিঠাগুটি, দিৰৈ, চৰ্জনি, টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত চলোৱা হ’য় এই উচ্ছেদ অভিযান। চাহ বাগিচাসমূহত একাংশ উদণ্ড যুৱকে গাঞ্জা-ভাং সেৱন কৰি মা-ভগ্নীসকলৰ সুৰক্ষাত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সন্থাৰ স্পষ্ট মত— নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ স্বাৰ্থত স্থানীয় প্ৰতিগৰাকী ৰাইজক এই আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছে সংগঠনটোৱে।1
- নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ3
- চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চোৰে নিলে নগদ এক লাখ টকা আৰু সোণৰ গহণা চৰাইদেউৰ চ্যুকাফা নগৰত দিন-দুপৰতে চুৰিকাণ্ড । চৰাইদেউ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিধান চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰ কৰে নগদ এক লাখ টকা আৰু সোণৰ গহণা ।অহা মাহত অধ্যক্ষ গৰাকীৰ কন্যাৰ ঘৰ উঠা অনুষ্ঠান আছিল । কন্যাৰ গহণা আৰু ফাৰ্ণিচাৰ বাবে ধন গোটাই ৰাখিছিল। স্থানীয় আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ।1
- এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।1
- BIG BREAKING ⭕মাকুম দূলীয়াজান সংযোগী মূখ্য পথ মেৰামতিত অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। ⭕নিৰ্মাণ কাৰ্য আৰম্ভণি দিনৰ পৰাই পথ নিৰ্মাণত বিসংগতি । ⭕পথটোৰ ঠাইয়ে ঠাইয়ে পুখুৰী সদৃশ গাত। ⭕দীৰ্ঘ দিন ধৰি জীয়াটো ভূগি আছে স্থানীয়ৰ লগতে চলাচল কৰা যান-বাহনৰ গৰাকী সকল। ⭕পথটোৰ পুখুৰী সদৃশ গাতত আৱদ্ধ হৈ আছে ৰাজগড়-বজালনী চাহ বাগিচালৈ কাঢ়িয়াই অনা সাৰ ভৰ্তি ট্ৰাক। ⭕অইল ইণ্ডিয়া বাহন সমূহ আৱদ্ধ কৰি অনিৰ্দিষ্ট কাললৈ অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। BIG BREAKING ⭕মাকুম দূলীয়াজান সংযোগী মূখ্য পথ মেৰামতিত অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ। ⭕নিৰ্মাণ কাৰ্য আৰম্ভণি দিনৰ পৰাই পথ নিৰ্মাণত বিসংগতি । ⭕পথটোৰ ঠাইয়ে ঠাইয়ে পুখুৰী সদৃশ গাত। ⭕দীৰ্ঘ দিন ধৰি জীয়াটো ভূগি আছে স্থানীয়ৰ লগতে চলাচল কৰা যান-বাহনৰ গৰাকী সকল। ⭕পথটোৰ পুখুৰী সদৃশ গাতত আৱদ্ধ হৈ আছে ৰাজগড়-বজালনী চাহ বাগিচালৈ কাঢ়িয়াই অনা সাৰ ভৰ্তি ট্ৰাক। ⭕অইল ইণ্ডিয়া বাহন সমূহ আৱদ্ধ কৰি অনিৰ্দিষ্ট কাললৈ অইল অৱৰোধ কাৰ্যসূচী স্থানীয় ৰাইজৰ।4
- আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে পবিত্ৰ ৰক্সা বন্ধন..... Jagun, Raksha bandhan celebration. আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে পবিত্ৰ ৰক্সা বন্ধন। দেশবাসীৰ সমান্তৰাল ভাৱে তিনিচুকীয়াৰ জাগুনতো পালন কৰা হয় ৰক্সা বন্ধনৰ দৰে পৱিত্ৰ উৎসৱ। উল্লেখ্য যে আমাৰ সুৰক্ষাৰ বাবে যিসকল ভাৰতীয় জোৱান আজিৰ দিনটোত নিজ ঘৰ তথা ভগ্নীৰ পৰা বহু দূৰত অৱস্থান কৰি আহিছে, আজি সেই সকল জোৱানৰ মনোবল বৃদ্ধিৰ বাবে জাগুন ছেইণ্ট ভিনচেণ্ট হাই স্কুলৰ ছাত্ৰী সকলে জাগুনস্থিত ২০নং অসম ৰাইফলচৰ ছাউনীত উপস্থিত হৈ সকলো জোৱানকে ৰাখি বান্ধি ভাতৃ ভগ্নীৰ এনাজৰী সুদৃঢ় কৰাৰ প্ৰয়াস কৰে। ছাত্ৰী সকলৰ এই ভাতৃ প্ৰেম দেখি সেনা জোৱান সকলেও নিজ ধৰ্ম পালন কৰি তেওঁলোকৰ প্ৰতি সন্মান জনাই প্ৰতিগৰাকী ছাত্ৰীলৈ উপহাৰ আগবঢ়াই এক প্ৰীতি ভোজৰ আয়োজন কৰে। ছেইণ্ট ভিনচেণ্ট হাই স্কুলৰ ছাত্ৰী সকলৰ এনে কাৰ্য্যক সকলোৱে একেমুখে প্ৰশংসা কৰা দেখা গৈছে।1
- মাকুম–দুলিয়াজান সংযোগী পথ মেৰামতিৰ দাবীত অইল অৱৰোধ সাময়িকভাৱে স্থগিত মাকুম–দুলিয়াজান সংযোগী মুখ্যপথটো শীঘ্ৰে মেৰামতিৰ দাবীত লাংকাঁচি যুৱ সংঘৰ নেতৃত্বত0 স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে আজি পুৱাৰে পৰা অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। বহু আলোচনাৰ অন্তত মাকুম সম-জিলাৰ অতিৰিক্ত আয়ুক্ত হিমাদ্ৰী মেছৰ উপস্থিতিত প্ৰতিবাদী ৰাইজে অইল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে। মাকুম–দুলিয়াজান সংযোগী পথ মেৰামতিৰ দাবীত অইল অৱৰোধ সাময়িকভাৱে স্থগিত মাকুম–দুলিয়াজান সংযোগী মুখ্যপথটো শীঘ্ৰে মেৰামতিৰ দাবীত লাংকাঁচি যুৱ সংঘৰ নেতৃত্বত0 স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে আজি পুৱাৰে পৰা অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। বহু আলোচনাৰ অন্তত মাকুম সম-জিলাৰ অতিৰিক্ত আয়ুক্ত হিমাদ্ৰী মেছৰ উপস্থিতিত প্ৰতিবাদী ৰাইজে অইল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।1
- লেখাপানী ৰেলৱে ষ্টেচনত চুৰি কাণ্ড সমগ্ৰ দৃশ্য বন্দী cc tv কেমেৰাত । লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে চুৰিৰ এক চাঞ্চল্যকৰ ঘটনা। বিক্ৰম ভূমিৰ ঘৰত সংঘটিত এই চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। CCTV ফুটেজত দেখা গৈছে, সন্দেহজনকভাৱে এজন লোক ঘৰৰ চৌহদত প্ৰৱেশ কৰি কিছু সময়ৰ পিছত বাহিৰলৈ ওলাই আহিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে। CCTV ফুটেজৰ ভিত্তিত চুৰিকাণ্ডৰ সৈতে জড়িত লোকজনক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে, চুৰি হোৱা সামগ্ৰীৰ পৰিমাণ আৰু ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব। CCTV ফুটেজত বন্দী চুৰিকাণ্ডৰ দৃশ্যই এতিয়া ঘটনাটোৰ তদন্তত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।1