সোণাৰিত বিশিষ্ট লেখিকা বেলা বড়াক মহিয়সী জয়মতী বঁটা প্ৰদান টাই আহোম যুৱ পৰিষদ অসমৰ ভগ্নী সংগঠন টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু শিঙৰিতলী মহিলা সমাজৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো মহিয়সী জয়মতী বঁটা প্ৰদান কৰা হয়। অসমীয়া জাতিৰ এগৰাকী বৰেণ্যা নাৰী, দেশপ্ৰেম আৰু ত্যাগৰ জ্বলন্ত প্ৰতীক আহোম ৰমণী বীৰাঙ্গনা জয়মতী কুঁৱৰীৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় মহিয়সী জয়মতী বঁটা প্ৰদান অনুষ্ঠানৰ। এই বৰ্ষত মহিয়সী জয়মতী বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা, অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বেলা বড়াক। ভজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা বিশিষ্ট লেখিকা তথা মহিয়সী জয়মতী বঁটা প্ৰাপক বেলা বড়া চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত ভজোৰ বাসিন্দা। বহুকেইখন কবিতাপুথি,গল্পৰ সংকলন তথা উপন্যাস ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে বেলা বড়াই। আজি পুৱা উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ কোঁৱৰ, টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভানেত্ৰী জোনালী বৰুৱা, শিঙৰীতলী মহিলা সমাজৰ সভানেত্ৰী দীপালী শইকীয়াই পতাকা উত্তোলনৰ জৰিয়তে বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাপৰি গগৈ বুঢ়াগোহাঁই বন্তি প্ৰজ্বলন কৰে। টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী বৰ্ণালী আৰন্ধৰা গগৈ, সম্পাদিকা পদ্মজা ফুকন শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে বেলা বড়াক প্ৰদান কৰে মহিয়সী জয়মতী বঁটা। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত দত্ত, বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী মণি গগৈ, সমাজকৰ্মী পুলক গগৈ, স্বপন কৰ, তেজস্বীনি চৰাইদেউ জিলা সমিতিৰ সম্পাদিকা কবিতা গগৈ চাবুকধৰা, টাইপা চৰাইদেউ জিলা সমিতিৰ সভাপতি নিলোৎপল গগৈ, সম্পাদক ইন্দ্ৰ কোঁৱৰ, যুৱ সংবাদ কৰ্মী অভিজিৎ ভূঞা, গোৰ্খা ছাত্ৰ সন্থাৰ ৰামজী নেৱাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। এই অনুষ্ঠানতে তেজস্বিনী চৰাইদেউ জিলা সমিতিৰ সদস্যাসকলৰ লগতে বহু কেইগৰাকী মহিলাই গীত, কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
সোণাৰিত বিশিষ্ট লেখিকা বেলা বড়াক মহিয়সী জয়মতী বঁটা প্ৰদান টাই আহোম যুৱ পৰিষদ অসমৰ ভগ্নী সংগঠন টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু শিঙৰিতলী মহিলা সমাজৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো মহিয়সী জয়মতী বঁটা প্ৰদান কৰা হয়। অসমীয়া জাতিৰ এগৰাকী বৰেণ্যা নাৰী, দেশপ্ৰেম আৰু ত্যাগৰ জ্বলন্ত প্ৰতীক আহোম ৰমণী বীৰাঙ্গনা জয়মতী কুঁৱৰীৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় মহিয়সী জয়মতী বঁটা
প্ৰদান অনুষ্ঠানৰ। এই বৰ্ষত মহিয়সী জয়মতী বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা, অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বেলা বড়াক। ভজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা বিশিষ্ট লেখিকা তথা মহিয়সী জয়মতী বঁটা প্ৰাপক বেলা বড়া চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত ভজোৰ বাসিন্দা। বহুকেইখন কবিতাপুথি,গল্পৰ সংকলন তথা উপন্যাস ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে বেলা বড়াই। আজি পুৱা উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ কোঁৱৰ, টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ
সভানেত্ৰী জোনালী বৰুৱা, শিঙৰীতলী মহিলা সমাজৰ সভানেত্ৰী দীপালী শইকীয়াই পতাকা উত্তোলনৰ জৰিয়তে বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাপৰি গগৈ বুঢ়াগোহাঁই বন্তি প্ৰজ্বলন কৰে। টাই আহোম মহিলা পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী বৰ্ণালী আৰন্ধৰা গগৈ, সম্পাদিকা পদ্মজা ফুকন শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে বেলা বড়াক প্ৰদান কৰে মহিয়সী জয়মতী বঁটা। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য
প্ৰশান্ত দত্ত, বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী মণি গগৈ, সমাজকৰ্মী পুলক গগৈ, স্বপন কৰ, তেজস্বীনি চৰাইদেউ জিলা সমিতিৰ সম্পাদিকা কবিতা গগৈ চাবুকধৰা, টাইপা চৰাইদেউ জিলা সমিতিৰ সভাপতি নিলোৎপল গগৈ, সম্পাদক ইন্দ্ৰ কোঁৱৰ, যুৱ সংবাদ কৰ্মী অভিজিৎ ভূঞা, গোৰ্খা ছাত্ৰ সন্থাৰ ৰামজী নেৱাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। এই অনুষ্ঠানতে তেজস্বিনী চৰাইদেউ জিলা সমিতিৰ সদস্যাসকলৰ লগতে বহু কেইগৰাকী মহিলাই গীত, কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
- সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।1
- হলৌফুকন পঞ্চায়তৰ টেঙাপুখুৰী ৰঙ্গমঞ্চ, চুমনি ৰঙ্গমঞ্চ আৰু শিলিখাগুৰি ৰঙ্গমঞ্চত বিজেপিৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই । সভাত উপস্থিত ৰাইজৰ আগত ভাষণ প্ৰসঙ্গত সকলোৰে সহযোগত মাহমৰাক নৱৰূপ দিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিম বুলি মন্তব্য প্ৰাৰ্থী গৰাকীৰ ।1
- শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।2
- তিনিচুকীয়াত নদুৱাৰ ঘটনাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ নদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনিল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ । নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে সুনিল ছেত্ৰীক আক্ৰমণৰ কৰাৰ অভিযোগ । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি সুনিল ছেত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ । তিনিচুকীয়া থানা চাৰিআলিত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি উক্ত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । পদ্ম হাজৰিকাৰ প্ৰতিমূৰ্তি চোচৰাই দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতান্ত্ৰিক দেশত এগৰাকী প্ৰাৰ্থীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তিব্ৰ নিন্দা জনাই আক্ৰমণকাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে ।1
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- হিমন্ত বিশ্ব শর্মা কেতিয়া কি কয় নিজেই গম নাপায় আচলতে কোনটো সঁচা ??1
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- ৰাজ্যত এতিয়া নিৰ্বাচনৰ পৰিবেশ । ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ষ্টাৰ কেম্পেইনাৰ সকলে দলৰ প্ৰচাৰত নামি পৰিছে । মাহমৰা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা ৪ এপ্ৰিলত মাহমৰাৰ জজলী পাঁচআলিত হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ চলাব , আনহাতে অহা ৬ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণত এক বিশাল নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।1