Shuru
Apke Nagar Ki App…
উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন | ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
Farid Ali.
উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন | ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
More news from অসম and nearby areas
- এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। #newsfeed #NewsUpdate1
- মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷2
- দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।1
- নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। নুমলীগড়ত বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা গঠন নুমলীগড়, ১৫ ছেপ্টেম্বৰ: নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। সন্থাটোৰ মূল লক্ষ্য হৈছে চালকসকলৰ কল্যাণ, অধিকাৰ সুৰক্ষা, চৰকাৰী আঁচনিৰ সুবিধা লাভত সহায় আৰু চালকসকলৰ মাজত একতা বৃদ্ধি কৰা। লগতে প্ৰশিক্ষণ, স্বাস্থ্য আৰু দুৰ্ঘটনা বীমা, চাৰ্জিং সুবিধা, পৰিৱেশ সুৰক্ষা আৰু অসুস্থ-দুৰ্ঘটনাগ্ৰস্ত চালকক সহায়ৰ বাবেও পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। সন্থাৰ সভাপতি ৰুবুল আহমেদ আৰু সাধাৰণ সম্পাদক বিকাশ তাঁতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। News desk report focus axom 24 . . . . #facebookpost #nonfollowers #FocusAxom24 #highlightseveryone #everyonefollowers1
- লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ । লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়। জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে। নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।1
- *ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।4
- বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ 🚨 BREAKING NEWS লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ বোকাজান মহকুমাৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীত জ/ব্দ/ কৰা হয় ১৫টা পোহনীয়া কুকুৰ। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই স/ৰব/ৰাহ/কা/ৰীক আ/ট/ক কৰিছে আৰক্ষীয়ে। AS 09 L 7201 নম্বৰৰ বাহনখনে ডিমাপুৰ অভিমুখে গৈ থকা সময়তে পুৰণা লাহৰীজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত কুকুৰকেইটা উদ্ধাৰ কৰা হয়। কুকুৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিফুৰ Sans Ronghang আৰু Prity Ronghangpiক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট। . . . . #BreakingNews #Lahorijan #Bokajan #KarbiAnglong #FocusAxom241
- তিনিচুকীয়াৰ চহৰৰ চাইদিং বজাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ তিনিচুকীয়াত আজি পুনৰ উদ্ধাৰ হৈছে আন এটা মৃতদেহ৷ তিনিচুকীয়াৰ AT Road ৰ পৰা Low College ৰ প্ৰৱেশ পথত চাইদিংত উদ্ধাৰ হয় মৃতদেহটো৷ মৃতদেহটো পৰিয়ালৰ লোকে নিউ ডেভেলপমেণ্টৰ অশোক মাহাতু চিনাক্ত কৰিছে৷ লোকজনৰ শৰীৰত চোকা অস্ত্ৰই আঘাত কৰা চিন স্পষ্ট হৈ পৰাক লৈ এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী, ফৰেনছিকৰ দ’ল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইফালে, মংগলবাৰেও হিজুগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ৷ তিনিচুকীয়াত সঘনাই সংঘটিত হোৱা এনেধৰণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷1