Shuru
Apke Nagar Ki App…
Looking for Job Job Title : Delivery Job Field : Logistics City / Locality : Gossaigaon Experience Level : Fresher Job Type : Part Time Education Qualification : 12th Pass
Suphol Tudu
Looking for Job Job Title : Delivery Job Field : Logistics City / Locality : Gossaigaon Experience Level : Fresher Job Type : Part Time Education Qualification : 12th Pass
More news from অসম and nearby areas
- আজি সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত হৈছে, য’ত পৰীক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। ধুবুৰী জিলাতো এই পৰীক্ষাৰ বাবে আঠটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ চৌহদ আৰু সন্মুখত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে। ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আঠটা পৰীক্ষা কেন্দ্ৰত শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে আশা প্ৰকাশ কৰিছে যাতে এইবাৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয় আৰু পৰীক্ষা সুকলমে সম্পন্ন হয়।1
- 'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে। বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।1
- বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে। সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।1
- কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।1
- মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই সমগ্ৰ ৰাজ্যজুৰি লাখপতি বাইদেউসকলে যোগ দিৱস পালন কৰে।1
- পাকাবেতবাৰীৰ দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নলীগাঁৱত বিধায়ক জাকিৰ হুছেইন শিকদাৰে এক হস্ততাঁত শিল্প উদ্যোগ পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে এই উদ্যোগৰ কাম-কাজ নিৰীক্ষণ কৰে।1
- বাক্সা জিলাৰ লাৱদাংগুৰীত পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ, লাৱদাংগুৰী বজাৰক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা পথটো বোকাময় হৈ থকাৰ ফলত পথচাৰী আৰু গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই দুৰৱস্থাই অঞ্চলটোৰ লোকসকলক জলাকলা খুৱাইছে।1
- পাৰ্ল্লী গাইনপাৰা টাউনশ্বিপ প্ৰকল্পৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতাৰে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে।1