logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত হৈছে, য’ত পৰীক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। ধুবুৰী জিলাতো এই পৰীক্ষাৰ বাবে আঠটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ চৌহদ আৰু সন্মুখত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে। ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আঠটা পৰীক্ষা কেন্দ্ৰত শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে আশা প্ৰকাশ কৰিছে যাতে এইবাৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয় আৰু পৰীক্ষা সুকলমে সম্পন্ন হয়।

5 hrs ago
user_North East Bulletin
North East Bulletin
Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
5 hrs ago

আজি সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত হৈছে, য’ত পৰীক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। ধুবুৰী জিলাতো এই পৰীক্ষাৰ বাবে আঠটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ চৌহদ আৰু সন্মুখত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে। ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আঠটা পৰীক্ষা কেন্দ্ৰত শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে আশা প্ৰকাশ কৰিছে যাতে এইবাৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয় আৰু পৰীক্ষা সুকলমে সম্পন্ন হয়।

More news from অসম and nearby areas
  • আজি সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত হৈছে, য’ত পৰীক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। ধুবুৰী জিলাতো এই পৰীক্ষাৰ বাবে আঠটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ চৌহদ আৰু সন্মুখত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে। ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আঠটা পৰীক্ষা কেন্দ্ৰত শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে আশা প্ৰকাশ কৰিছে যাতে এইবাৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয় আৰু পৰীক্ষা সুকলমে সম্পন্ন হয়।
    1
    আজি সমগ্ৰ দেশতে NEET পৰীক্ষা অনুষ্ঠিত হৈছে, য’ত পৰীক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে।

ধুবুৰী জিলাতো এই পৰীক্ষাৰ বাবে আঠটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ চৌহদ আৰু সন্মুখত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে। ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আঠটা পৰীক্ষা কেন্দ্ৰত শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে আশা প্ৰকাশ কৰিছে যাতে এইবাৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয় আৰু পৰীক্ষা সুকলমে সম্পন্ন হয়।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    5 hrs ago
  • ধুবুৰী পকচ' আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰিছে। আদালতৰ এই ৰায় অনুসৰি, এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
    1
    ধুবুৰী পকচ' আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰিছে। আদালতৰ এই ৰায় অনুসৰি, এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    9 hrs ago
  • 'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে। বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।
    1
    'লোৱাৰ অসম ৰেলৱে লেবাৰ ইউনিয়ন'ক 'সদৌ অসম ৰেলৱে লেবাৰ ইউনিয়ন' হিচাপে উন্নীতকৰণ কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁৱত অৱস্থিত ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন বিশেষ সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেল সম্বোধন কৰি ইউনিয়নৰ আইন উপদেষ্টা ৰঞ্জনা ৰাণী দত্তই জনায় যে, এই লেবাৰ ইউনিয়নৰ কাম-কাজ এতিয়াৰে পৰা সমগ্ৰ অসমজুৰি সম্প্ৰসাৰণ কৰা হ'ব। লগতে তেওঁ ৰেল শ্ৰমিকসকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগক এই সংগঠনে অধিক গুৰুত্বসহকাৰে তুলি ধৰিব বুলিও আশ্বাস প্ৰদান কৰে।

বৰ্তমান ২০০০ৰো অধিক শ্ৰমিক এই সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অনাগত দিনত সময়ৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আইন উপদেষ্টা দত্তই জানিবলৈ দিয়ে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    8 hrs ago
  • আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে। অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।
    1
    আজি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এই বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও অঞ্চলটোৰ ভালেসংখ্যক সাধাৰণ ৰাইজেও এই যোগ কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে, য'ত সকলোৱে একেলগে বহি নিৰ্দেশনা অনুসৰি বিভিন্ন যোগাসন আৰু প্ৰাণায়াম কৰে।

অনুষ্ঠানত যো Kge মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাত কেনেদৰে সহায় কৰে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু উৎসাহৰ মাজেৰে বঙাইগাঁৱত আয়োজিত এইবেলিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সাৰ্থকভাৱে সম্পন্ন হয়।
    user_NEWS NE
    NEWS NE
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    13 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে। সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
    1
    বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    3 hrs ago
  • কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
    1
    কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা আইপিএল জুৱাৰ সৈতে জড়িত থকা আব্দুল লতিফ নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act যোগে এটা গোচৰ ৰুজু কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    9 hrs ago
  • সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।
    1
    সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।
    user_NEWS NE
    NEWS NE
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    13 hrs ago
  • বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।
    1
    বঙাইগাঁও জিলাৰ ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পোকালাগী নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে প্ৰতিদিনে শ শ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত তেওঁলোকে যমৰ যাতনা ভূগি আহিছে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰতি বছৰে কোনো জনপ্ৰতিনিধিৰ সহায় নোলোৱাকৈ তেওঁলোকে প্ৰায় ১ লাখৰ পৰা ১ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই দলংখন নিৰ্মাণ কৰি আহিছে। নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰতিনিধিয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত গাওঁখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। বাৰিষাৰ সময়ত নৈখনৰ কোবাল সোঁতে দলংখন উটুৱাই নিয়ে, যাৰ ফলত দুয়োপাৰৰ ৰাইজৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে। এই দলংখনে ৯০১নং শৌলমাৰী প্ৰাথমিক বিদ্যালয়, বাৰোঘড়ী শৌলমাৰী এম ই স্কুল, দক্ষিণ নাম্বাৰপাৰা হাই স্কুল, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়, চি কে মহাবিদ্যালয়কে আদি কৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে।

দলংখনৰ এটা পাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন সাপ্তাহিক বজাৰ থকা স্বত্বেও, ইয়াৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূৰ্বতে দূৰ-দূৰণিৰ পৰা অহা ব্যৱসায়ীসকলে এতিয়া আৰু আহিব নোৱাৰে বুলি স্থানীয় ৰাইজে জনাইছে। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অঞ্চলবাসীয়ে নৱনিৰ্বাচিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম আৰু অভিলেখ সংখ্যক ভোটত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ সু-দৃষ্টি কামনা কৰিছে, কিয়নো বৰ্তমান জনপ্ৰতিনিধি আৰু প্ৰশাসন দুয়ো নিমাত হৈ থকা দেখা গৈছে।
    user_Reporter Yeasin Ali.
    Reporter Yeasin Ali.
    Local News Reporter শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.