বিশ্বনাথত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা। কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই। _ ◾ *বিশ্বনাথত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্বোধন* ◾ *উদ্যোগী যুৱক যুৱতী, কৃষকৰ দক্ষতা বিকাশত এই প্ৰতিষ্ঠানটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব* _*বিশ্বনাথ চাৰিআলি, ২৭ আগষ্টঃ*_ বিশ্বনাথ জিলাৰ পানীভঁৰালত স্থাপন কৰা গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটি (Rural Self Employment Training Institute - RSETI) আজি ইংৰাজী ২৭ আগষ্ট, ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই। বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ অধীনত ইণ্ডিয়ান বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটি (RSETI) শুভ উদ্বোধন কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে প্ৰশিক্ষণ প্ৰতিষ্ঠানটিত উপস্থিত থকা প্ৰায় তিনিকুৰি প্ৰশিক্ষাৰ্থীৰ লগত এক মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই বিশেষ কাৰ্যসুচীত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লবলোচন দাস ডাঙৰীয়া, বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুনিন্দ্ৰ দাস ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী তথা অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, বিশ্বনাথৰ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, ইণ্ডিয়ান বেংকৰ উপ মহাপ্ৰৱন্ধক শশীকান্ত দাস, সমাজকৰ্মী নয়ন শইকীয়া প্ৰমুখ্যে সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল। মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানৰ পাছতে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখন সম্বোধন কৰে। সভাত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, বিশ্বনাথ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এখন জিলা। এই জিলাত ভাল কৃষক, উদ্যমি যুৱক যুৱতী বহুতো আছে। জিলাখনৰ এই সকল উদ্যোগী যুৱক যুৱতী তথা কৃষকৰ দক্ষতা বিকাশত এই গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আত্মনিৰ্ভৰশীল হোৱাত অৰিহণা যোগাব। বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লবলোচন দাস, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালক সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আদিয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰি আজি শুভ উদ্বোধন কৰা জিলাখনৰ এই গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটিয়ে স্ব-নিয়োজনেৰে স্বাৱলম্বী হ'ব খোজা সকলক বিশেষভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।
বিশ্বনাথত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা। কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই। _ ◾ *বিশ্বনাথত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্বোধন* ◾ *উদ্যোগী যুৱক যুৱতী, কৃষকৰ দক্ষতা বিকাশত এই প্ৰতিষ্ঠানটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব* _*বিশ্বনাথ চাৰিআলি, ২৭ আগষ্টঃ*_ বিশ্বনাথ জিলাৰ পানীভঁৰালত স্থাপন কৰা গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটি (Rural Self Employment Training Institute - RSETI) আজি ইংৰাজী ২৭ আগষ্ট, ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই। বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ অধীনত ইণ্ডিয়ান বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটি (RSETI) শুভ উদ্বোধন কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে প্ৰশিক্ষণ প্ৰতিষ্ঠানটিত উপস্থিত থকা প্ৰায় তিনিকুৰি প্ৰশিক্ষাৰ্থীৰ লগত এক মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই বিশেষ কাৰ্যসুচীত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লবলোচন দাস ডাঙৰীয়া, বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুনিন্দ্ৰ দাস ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী তথা অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, অসম ৰাজ্যিক
গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, বিশ্বনাথৰ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, ইণ্ডিয়ান বেংকৰ উপ মহাপ্ৰৱন্ধক শশীকান্ত দাস, সমাজকৰ্মী নয়ন শইকীয়া প্ৰমুখ্যে সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল। মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানৰ পাছতে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখন সম্বোধন কৰে। সভাত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, বিশ্বনাথ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এখন জিলা। এই জিলাত ভাল কৃষক, উদ্যমি যুৱক যুৱতী
বহুতো আছে। জিলাখনৰ এই সকল উদ্যোগী যুৱক যুৱতী তথা কৃষকৰ দক্ষতা বিকাশত এই গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আত্মনিৰ্ভৰশীল হোৱাত অৰিহণা যোগাব। বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লবলোচন দাস, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালক সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আদিয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰি আজি শুভ উদ্বোধন কৰা জিলাখনৰ এই গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটিয়ে স্ব-নিয়োজনেৰে স্বাৱলম্বী হ'ব খোজা সকলক বিশেষভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।
- শিঙৰী আৰক্ষী চকী এলেকাৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ,এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ1
- সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🚨 সৰুপথাৰ ব্ৰেকিং 🛑 সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🛑 সৰুপথাৰৰ কৰ্দৈগুৰি গাঁৱৰ যুৱক দিপাংকৰ সন্দিকৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি দিয়াৰ অভিযোগ। 🛑 বিধায়কগৰাকীৰ বিৰুদ্ধে অ/শ্লী/ল শব্দ ব্যৱহাৰ কৰি সন্মানহানি কৰাৰো অভিযোগ। 🛑 বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত সৰুপথাৰ সমজিলা আৰক্ষীয়ে দিপাংকৰ সন্দিকৈক গ্ৰে/প্তা/ৰ/ কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। . . . . #MLA #nonfollowers #highlight #FocusAxom24 #BJPGovernment CMO Assam Himanta Biswa Sarma BJP Assam Pradesh Nasmin Pegu @topfans Pragati Live Assam 24×71
- এইবাৰ নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তচনচ কৰি দিলে সকলো নেপালৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ আকস্মিক পৰিৱৰ্তনে সৃষ্টি কৰিছে চাঞ্চল্য। পাহাৰ, নদী আৰু জনবসতিপূৰ্ণ অঞ্চলত দেখা গৈছে বিপদৰ আশংকা। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল। এই ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।1
- 📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা। 📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।1
- জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।1
- লংকাৰ লস্কৰ পথাৰস্থিত চুইচ গেট বজাৰ চৌহদত অনুষ্ঠিত হ’বলৈ গৈ আছে এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় সমগ্ৰ অসম ভিত্তিত কাবাডী খেল প্ৰতিযোগিতা।1
- Assam Warrior CRPF’ গ্ৰুপৰ উদ্যোগত ২০০ৰো অধিক বানপীড়িত পৰিয়ালক আৰ্থিক সাহায্য 🛑 বানাক্ৰান্তৰ কাষত CRPFৰ অসমীয়া জোৱান 🛑‘Assam Warrior CRPF’ গ্ৰুপৰ উদ্যোগত ২০০ৰো অধিক বানপীড়িত পৰিয়ালক আৰ্থিক সাহায্য দেশৰ সুৰক্ষাৰ লগতে বিপদৰ সময়ত অসমৰ ৰাইজৰ কাষত বীৰ জোৱান #CRPF #centralreservepolice #nonfollowers #highlightseveryone #focusaxom1
- SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।1
- লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।1