Shuru
Apke Nagar Ki App…
অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।
News Headlines 24×7
অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।
More news from অসম and nearby areas
- বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত গঠণমুলক ভাষন প্ৰদান কৰে। -- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।1
- ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত বঙাইগাঁও জিলাৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াই স্ব-গণনা ব্যৱস্থাৰ উদ্দেশ্য, ইয়াৰ প্ৰয়োজনীয়তা আৰু এই প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বাখ্যা কৰে। জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, ২০২৭ বৰ্ষৰ লোকপিয়লৰ অধীনত এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য নিজেই সঠিকভাৱে জমা দিব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থাৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক স্বচ্ছ, দ্ৰুত আৰু তথ্যসমৃদ্ধ হ'ব। সংবাদমেলযোগে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিককে এই স্ব-গণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমকো ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই। বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই।1
- এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- অসম বিধানসভাত পাকাবেতবাৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গুৰুত্বপূৰ্ণ ভাষণ।1