পশ্চিম লালুকৰ নিবাসী তথা লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক টুনিৰাম শৰ্মাৰ (৯২) আজি পুৱা পৰলোকগামী হয়। তেওঁ অঞ্চলটোৰ এজন বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ লালুক মহাবিদ্যালয় আৰু পশ্চিম লালুক আঞ্চলিক নামঘৰ প্ৰতিষ্ঠাৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। ইয়াৰ উপৰিও, তেওঁ লালুক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছিল। দীৰ্ঘদিন ধৰি লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত ১৯৯৮ চনত তেওঁ এই বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এই বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত সমগ্ৰ লালুক অঞ্চলত শোকৰ ছাঁ পৰিছে। লালুক মহাবিদ্যালয়, লালুক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়, লালুক সংগীত মহাবিদ্যালয়, লালুক জ্যেষ্ঠ নাগৰিক সন্মিলন, লালুক কৰ্মচাৰী পৰিষদ, সৌমাৰপীঠ নাট্যগোষ্ঠী, লালুক উচ্চ মাধ্যমিক বিদ্যালয়, লালুক সচেতন নাগৰিক সমাজ, লালুক বিদ্যুতিক কৰ্মচাৰী সন্থা, পশ্চিম লালুক প্ৰাথমিক বিদ্যালয়, পশ্চিম লালুক বৰনামঘৰ, পশ্চিম লালুক নামঘৰ, পূৱ ডিক্ৰং জ্যেষ্ঠ নাগৰিককে ধৰি বহু ব্যক্তি উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ উপৰিও, লালুক প্ৰেছ ক্লাব, লালুক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লালুক আঞ্চলিক সমিতি আদি বিভিন্ন সংস্থা আৰু সংগঠনেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ, তিনিগৰাকী কন্যা, বোৱাৰী, জোঁৱাই, নাতি, নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

- ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।1
- লখিমপুৰ জিলাৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এম্বুলেন্স আৰু এখন এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।1
- নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।1
- অলপ পলম হোৱাৰ বাবে এজন পৰীক্ষাৰ্থীক NEET পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। এই ঘটনাৰ ফলত মৰ্মাহত হৈ সেই দুৰ্ভগীয়া পিতৃ পৰীক্ষা কেন্দ্ৰৰ সন্মুখতে ঢলি পৰে।1
- বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচী বিশ্বনাথ সংহিতা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়, য'ত 'স্বাস্থ্যকৰ বাৰ্ধক্যকৰ বাবে যোগ' শীৰ্ষক বিষয় হিচাপে লোৱা হৈছিল।1
- শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সৌজন্যত, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘ (আইজেএফ) আৰু শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ সহযোগত ২০ জুন, শনিবাৰে বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস আৰু কবি-গীতিকাৰ, সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে একেলগে উদযাপন কৰা হয়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলে অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলা উপ-সভাপতি অনঙ্গ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰি। শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ দত্ত আৰু সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ পৰিয়ালৰ নিবিড় বৰদলৈয়ে দুয়োগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষে কবি-গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা কবিতা আবৃত্তিৰে মঞ্চ মুকলি কৰে। এই দিৱসৰ উপলক্ষে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি জুৰীমণি দত্ত, মুখ্য সমন্বয়ক পৰী শইকীয়া, সাংস্কৃতিক সম্পাদক দেৱজানী ৰাজখোৱা আৰু ইমন হুছেইনৰ তত্ত্বাৱধানত দিনৰ ১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত মহান শিল্পী দুগৰাকীৰ গীতৰ আধাৰত এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত বিশিষ্ট শিল্পী জান্টুমণি শইকীয়াই বিচাৰকৰ আসন অলংকৃত কৰে। 'ক' শাখাত প্ৰাপ্তি দত্তই প্ৰথম স্থান, প্ৰিয়দৰ্শিনী শইকীয়াই দ্বিতীয় স্থান আৰু এঞ্জেল এনায়ট দাসে তৃতীয় স্থান লাভ কৰে। আনহাতে, 'খ' শাখাত ডেইজ মহনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ধৰিত্ৰী দাসে দ্বিতীয় আৰু পংখী দত্তই তৃতীয় স্থান দখল কৰে। অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে কবি মিনতি দত্ত দুৱৰা আদিয়ে কবিতা আবৃত্তি কৰে আৰু জান্টুমণি শইকীয়াই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা এই দিৱসৰ অনুষ্ঠানত অদিত দত্ত, লাবন্য কলিতা, ময়ূৰী কোঁৱৰ, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘৰ সম্পাদক অৰ্পনা ভৰালী, মৌচুমী গগৈ শইকীয়া, ভাৰ্গৱ কোঁৱৰ আদিয়ে বিশেষ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ শেষত গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাপতি জিতেন কাকতিৰ নেতৃত্বত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।4
- Post by পুৰন্দৰ গগৈ1
- বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত এক হৃদয়বিদাৰক আৰু কৰুণ ঘটনা সংঘটিত হৈছে, য'ত নিশা এহাল ন-বিবাহিত দম্পতীয়ে একেডাল পঘাৰে চিপ লৈ আত্মহনন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় দুসপ্তাহ পূৰ্বে বিশ্বনাথৰ কদমণি গাঁৱৰ শিৱা ওৰাঙে একেখন গাঁৱৰে পুষ্পাঞ্জলী মুণ্ডাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত পলুৱাই গৈ সংসাৰ আৰম্ভ কৰিছিল। যদিও তেওঁলোকৰ সকলো ঠিকেই চলি আছিল, কালি নিশা কি কাৰণত তেওঁলোকে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই বিষয়ে পৰিয়ালৰ লোক অবগত নহয়। ঘটনাৰ খবৰ পাই পুৱাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই কৰুণ আত্মহননৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।4