কলগাছিয়াত অগপৰ বুথ সভাত মহিউদ্দিন ছিদ্দিকিৰ আহ্বান৷ সংখ্যাগুৰু সকলৰ লগত মিলি খোজ পেলাব লাগিব সংখ্যালঘু সকলে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মন্দিয়া সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৷ সমষ্টিটো দখলৰ বাবে কংগ্ৰেছ - এ আই ইউ ডি এফ আৰু ৰাইজৰ দলৰ সমান্তৰালকৈ অসম গণ পৰিষদ দলেও চলাইছে ব্যাপক তৎপৰতা ৷ অগপ দলৰ ভেটি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে বুথ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷ কলগাছিয়াত অনুষ্ঠিত হয় অসম গণ পৰিষদ দলৰ বুথ সভা। সভাত মন্দিয়া সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ মহিউদ্দীন ছিদ্দিকিৰ নেতৃত্বত আৰম্ভ হৈছে প্ৰচাৰ কাৰ্য্য৷ সেই অনুসৰি কলগাছিয়া জিলা পৰিষদ ভিত্তিত কলগাছিয়া চক বজাৰ প্ৰাংগনত শতাধিক কৰ্মীৰ উপস্থিতিত এখন বুথ সভা অনুষ্ঠিত হয় ৷ সমষ্টি কমিটিৰ সভাপতি আলী হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপ দলৰ শক্তিশালী টিকটৰ দাবীদাৰ মহিউদ্দীন ছিদ্দিকিয়ে সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ৷ সভাত সমষ্টি কমিটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাৰেক খান। কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য মাইনাল হক। সম্পাদক আব্দুল মান্নান, ৰহমান আলী, সমষ্টি কমিটিৰ উপ সভাপতি ফজলুৰ ৰহমান, অসম যুৱ পৰিষদৰ মন্দিয়া সমষ্টি কমিটিৰ সভাপতি ৰিয়াজুল ৰচুল হক। কলগাছিয়া গাও পঞ্চায়তৰ সভাপতি মোস্তাক মহম্মদ মেহদি প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে ৷ সভাত মহিউদ্দিন ছিদ্দিকিয়ে অগপ দলৰ টিকট বিচাৰি প্ৰবল দাবী উত্থাপন কৰে।

- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1
- "AIUDF দলৰ সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"-ৰ অংশস্বৰূপে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত অনুষ্ঠিত সমষ্টি ভিত্তিক দলীয় কৰ্মী সভাত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া1
- Post by Sakandar Ali2
- Post by Sanowar Hussain1
- ছয়গাঁৱৰ বিহদিয়াত শ্ৰী শ্ৰী মা কালি পূজা অনুষ্ঠিত। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বেলিও ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহদিয়াৰ এই পূজা ভাগ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই পূজাত।1
- কংগ্ৰেছ দলৰ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ1
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি কলগাছিয়াৰ মানুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান সভাত আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব শ্বেৰমান আলী আহমেদে।1