logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ঢোল, পেঁপা, গগনাৰ মাতে মুখৰিত মথুৰাপুৰ, আছুৰ মুকলি বিহু উদযাপন বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহু বলিয়া ৰাইজ, পহিলা ব'হাগ দিনা মথুৰাপুৰত প্ৰতি বছৰৰ দৰে এইবছৰও চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰ বাসীৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক " মুকলি বিহু " অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ কাৰ্য্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰোৎপল গগৈয়ে, বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে আৰু সমান্তৰালকৈ ষোল্লখন বিহুৱান উত্তোলন কৰে ষোল্লগৰাকী বিশিষ্ট ব্যক্তিয়ে। ছহিদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল মেচে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইয়ে। নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে। অনুষ্ঠানত উদ্যোমী মহিলা চুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। বিহুতলীত জ্যেষ্ঠ সকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে। লগতে জ্যেষ্ঠ সকলে একলগে বিহুৰ জলপান গ্ৰহণ কৰে।

6 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
6 hrs ago

ঢোল, পেঁপা, গগনাৰ মাতে মুখৰিত মথুৰাপুৰ, আছুৰ মুকলি বিহু উদযাপন বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহু বলিয়া ৰাইজ, পহিলা ব'হাগ দিনা মথুৰাপুৰত প্ৰতি বছৰৰ দৰে এইবছৰও চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰ বাসীৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক " মুকলি বিহু " অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ কাৰ্য্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰোৎপল গগৈয়ে, বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে আৰু সমান্তৰালকৈ ষোল্লখন বিহুৱান উত্তোলন কৰে ষোল্লগৰাকী বিশিষ্ট ব্যক্তিয়ে। ছহিদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল মেচে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইয়ে। নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে। অনুষ্ঠানত উদ্যোমী মহিলা চুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। বিহুতলীত জ্যেষ্ঠ সকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে। লগতে জ্যেষ্ঠ সকলে একলগে বিহুৰ জলপান গ্ৰহণ কৰে।

More news from অসম and nearby areas
  • ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    2
    ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    18 hrs ago
  • যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
    1
    যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    1 hr ago
  • আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    1
    আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    19 hrs ago
  • Post by N B ASSAM
    1
    Post by N B ASSAM
    user_N B ASSAM
    N B ASSAM
    শদিয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    3
    নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড়
চুমিত গুৱালা  কাৰ্তিক ৰজত. চুমিত গড়।  যুৱতী গৰাকীৰক  চুলিত ধৰি যুৱক কেইজনে  মাৰপিট কৰে।   ছোৱালী জনী  অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    1
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    22 hrs ago
  • ​টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।
    1
    ​টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • আজি গৰু বিহু। ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ নান্দনিক পৰিৱেশত গৰু বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে । চাটৰ লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।
    3
    আজি গৰু বিহু।  ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক  নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ  নান্দনিক পৰিৱেশত গৰু  বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে  । চাটৰ  লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত  স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort
    1
    সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে 
#viralpost #ytshort
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    40 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.