logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক "চৰাইদেউ সংলাপ"আলোচনা। আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা। "চৰাইদেউ সংলাপ" সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

on 12 March
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
on 12 March

আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক "চৰাইদেউ সংলাপ"আলোচনা। আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা। "চৰাইদেউ সংলাপ" সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

More news from অসম and nearby areas
  • জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।
    1
    জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল
    1
    আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু  সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো ।  বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • Happy rongali bihu ❤️‍🩹
    1
    Happy rongali bihu ❤️‍🩹
    user_Babu datta
    Babu datta
    Farmer মৰাণ, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।
    1
    হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি।
চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান।
বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    7 hrs ago
  • সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। ​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ​
    4
    সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে।
​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷
    2
    *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট  শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল  (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    22 hrs ago
  • আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।
    1
    আজি গৰু বিহু । 
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷
তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। 
জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    17 hrs ago
  • Post by Charaideo news
    1
    Post by Charaideo news
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.