logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী আত্মনিৰ্ভৰশীল অসম অভিযান ১.০ আৰু ২.০ আচনি ৰ অনুষ্ঠান অনুষ্ঠিত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১৭ ছেপ্টেম্বৰ ধুবুৰী,   নিজা প্ৰতিবেদক:১৭ ছেপ্টেম্বৰ  আজি মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান (CMAA) ১.০ আৰু ২.০ আঁচনিৰ অন্তর্গত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৫টা বিধানসভা সমষ্টিতে হিতাধিকাৰী সকলৰ মাজত বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয়। ধুবুৰী সমষ্টিৰ কাৰ্যসূচী জিলা পুথিভঁৰাল ধুবুৰীত; গৌৰীপুৰ সমষ্টিৰ কাৰ্যসূচী পি.বি. কলেজ, গৌৰীপুৰত; বিলাসীপাৰা সমষ্টিৰ কাৰ্যসূচী প্রতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহ বিলাসীপাৰাত; গোলকগঞ্জ সমষ্টিৰ কাৰ্যসূচী ধুবুৰী জিলা নিয়ন্ত্রিত বাজাৰ সমিতিৰ অধীনস্থ হালাকুৰা উপ-বাজাৰ মেৰণি গৌৰীপুৰত; আৰু বিৰসিং জৰুৱা সমষ্টিৰ কাৰ্যসূচী বি.এন. কলেজত অনুষ্ঠিত হয়। জিলা পুথিভঁৰাল ধুবুৰীৰ কাৰ্যসূচীত মুখ্য অতিথি আছিল ডা:দেবময় সান্যাল, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ৰয়, বিশ্বজিৎ কলিতা প্ৰমূখ্যেৰ লগতে প্রশাসনিক বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ মুৰব্বী আৰু হিতাধিকাৰীসকলো উপস্থিত থাকে। ২০২৩ চনত আৰম্ভ হোৱা মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান (CMAA) অসম চৰকাৰৰ এক গুৰুত্বপূর্ণ আঁচনি, যাৰ লক্ষ্য হ'ল আর্থিক সহায়, দক্ষতা বিকাশ, ঋণ সংযোগ আৰু প্রতিষ্ঠানিক সহায়ৰ মাধ্যমত যুৱ প্রজন্মৰ মাজত স্বাৱলম্বীতা,উদ্যমশীলতা আৰু বহনক্ষম জীৱিকাৰ সুযোগ প্রচাৰ কৰা। এই আচঁনিৰ অধীনত সাধাৰণ স্নাতক হিতাধিকাৰী সকলক ২ লাখ টকা পৰ্যন্ত আৰু বৃত্তিধাৰী ডিগ্রীথকা সকলক ৫ লাখ টকাপৰ্যন্ত আর্থিক সহায় পাবলৈ যোগ্য হয়। ধুবুৰী জিলাত ৩,৯৬০ জন হিতাধিকাৰী নির্বাচিত হৈছে, যাৰ ভিতৰত CMAA ১.০ ৰ অধীনত ১,০১১ জন আৰু CMAA ২.০ ৰ অধীনত ২,৯৪৯ জন কৃষি, মীন পালন, পশুপালন আৰু চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপ আদি বিভিন্ন খণ্ডত অন্তর্ভুক্ত। আজিৰ জিলা পৰ্যায়ত আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীত ৩,৪০১ জন সক্রিয় হিতাধিকাৰীক আওতাভুক্ত কৰা হৈছে, যাৰ ভিতৰত CMAA ২.০ ৰ ২,৯২২ জন আৰু CMAA ১.০ ৰ ৪৭৯ জন। CMAA ১.০ ৰ হিতাধিকাৰী সকলক ১ লাখ টকা আৰু CMAA ২.০ ৰ হিতাধিকাৰী সকলক ২৫,০০০ টকা DBT (Direct Benefit Transfer) ৰ মাধ্যমত আর্থিক সহায় স্থানান্তৰ কৰা হৈছে। সমষ্টি অনুসৰি গৌৰীপুৰত  CMAA ১.০ আৰ্থিক সাহায্য লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল ৭৩, আৰু CMAA ২.০ৰ অধীনত হ'ল ৪৩৩, সৰ্বমুঠ ৫০৬ গৰাকী, ধুবুৰী সমষ্টিৰ কাৰণে CMAA 1.0 ৰ অধীনত ৪১ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২৭০, সৰ্বমুঠ ৩১১, বিৰ সিং জৰুৱাৰ ক্ষেত্ৰত CMAA 1.0 ৰ অধীনত ধন লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল ২১ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২১৬ আৰু সৰ্বমুঠ হ'ল ২৩৭, বিলাসীপাৰাৰ কাৰণে CMAA 1.0 ৰ অধীনত হ'ল ১৫৮ আৰু CMAA 2.0 হ'ল ৮২৩ সৰ্বমুঠ ৯৮১ , গোলোকগঞ্জ সমষ্টিৰ কাৰণে CMAA 1.0 ৰ অধীনত ১৮৬ আৰু CMAA 2.0 ৰ অধীনত হল ১১৮০ , সৰ্বমুঠ ১৩৬৬ গৰাকী হিতাধিকাৰী আৰু অৱশেষত সমগ্ৰ ধুবুৰী জিলাত CMAA 1.0ৰ  অধীনত সৰ্বমুঠ হিতাধিকাৰী হ'ল ৪৭৯ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২৯২২, সৰ্বমুঠ ৩৪০১ ধুবুৰী জিলাত হ'ল হিতাধিকাৰীৰ সংখ্যা। আর্থিক সহায়ৰ সমান্তৰালভাৱে ব্যাৱহাৰিক দক্ষতা প্রদানৰ বাবে ৮ৰ পৰা ১৫ চেপ্টেম্বৰ, ২০২৬ লৈকে ৫টা সমষ্টিতে বিশেষভাৱে CMAA ২.০ ৰ হিতাধিকাৰী সকলৰ বাবে হাতে-কামে প্রায়োগিক প্রশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰা হয়। অসমৰ ভিতৰতে এই প্রথম প্রকাৰৰ উদ্যোগৰ অধীনত হিতাধিকাৰী সকলক মীন পালন, কৃষি, পশুপালন আৰু চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপ আদি বিভিন্ন খণ্ডত হাতে-কামে প্রশিক্ষণ প্রদান কৰা হয়। ইয়াৰোপৰি, গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তর্জাতিক কলামন্দিৰত মাননীয় মুখ্যমন্ত্রীৰ মুখ্য উপস্থিতিত CMAA ১.০ আৰু ২.০ ৰ অধীনত অনুষ্ঠিত কেন্দ্রীয় আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীও সকলো বিতৰণী স্থানত পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুওৱা হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী

1 hr ago
user_Pranabasish Roy
Pranabasish Roy
Dhubri, Assam•
1 hr ago
27f8afee-582e-4c1f-893f-ee50fa4a3e76

ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী আত্মনিৰ্ভৰশীল অসম অভিযান ১.০ আৰু ২.০ আচনি ৰ অনুষ্ঠান অনুষ্ঠিত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১৭ ছেপ্টেম্বৰ ধুবুৰী,   নিজা প্ৰতিবেদক:১৭ ছেপ্টেম্বৰ  আজি মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান (CMAA) ১.০ আৰু ২.০ আঁচনিৰ অন্তর্গত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৫টা বিধানসভা সমষ্টিতে হিতাধিকাৰী সকলৰ মাজত বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয়। ধুবুৰী সমষ্টিৰ কাৰ্যসূচী জিলা পুথিভঁৰাল ধুবুৰীত; গৌৰীপুৰ সমষ্টিৰ কাৰ্যসূচী পি.বি. কলেজ, গৌৰীপুৰত; বিলাসীপাৰা সমষ্টিৰ কাৰ্যসূচী প্রতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহ বিলাসীপাৰাত; গোলকগঞ্জ সমষ্টিৰ কাৰ্যসূচী ধুবুৰী জিলা নিয়ন্ত্রিত বাজাৰ সমিতিৰ অধীনস্থ হালাকুৰা উপ-বাজাৰ মেৰণি গৌৰীপুৰত; আৰু বিৰসিং জৰুৱা সমষ্টিৰ কাৰ্যসূচী বি.এন. কলেজত অনুষ্ঠিত হয়। জিলা পুথিভঁৰাল ধুবুৰীৰ কাৰ্যসূচীত মুখ্য অতিথি আছিল ডা:দেবময় সান্যাল, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ৰয়, বিশ্বজিৎ কলিতা প্ৰমূখ্যেৰ লগতে প্রশাসনিক বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ মুৰব্বী আৰু হিতাধিকাৰীসকলো উপস্থিত থাকে। ২০২৩ চনত আৰম্ভ হোৱা মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান (CMAA) অসম চৰকাৰৰ এক গুৰুত্বপূর্ণ আঁচনি, যাৰ লক্ষ্য হ'ল আর্থিক সহায়, দক্ষতা বিকাশ, ঋণ সংযোগ আৰু প্রতিষ্ঠানিক সহায়ৰ মাধ্যমত যুৱ প্রজন্মৰ মাজত স্বাৱলম্বীতা,উদ্যমশীলতা আৰু বহনক্ষম জীৱিকাৰ সুযোগ প্রচাৰ কৰা। এই আচঁনিৰ অধীনত সাধাৰণ স্নাতক হিতাধিকাৰী সকলক ২ লাখ টকা পৰ্যন্ত আৰু বৃত্তিধাৰী ডিগ্রীথকা সকলক ৫ লাখ টকাপৰ্যন্ত আর্থিক সহায় পাবলৈ যোগ্য হয়। ধুবুৰী জিলাত ৩,৯৬০ জন হিতাধিকাৰী নির্বাচিত হৈছে, যাৰ ভিতৰত CMAA ১.০ ৰ অধীনত ১,০১১ জন আৰু CMAA ২.০ ৰ অধীনত ২,৯৪৯ জন কৃষি, মীন পালন, পশুপালন আৰু চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপ আদি বিভিন্ন খণ্ডত অন্তর্ভুক্ত। আজিৰ জিলা পৰ্যায়ত আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীত ৩,৪০১ জন সক্রিয় হিতাধিকাৰীক আওতাভুক্ত কৰা হৈছে, যাৰ ভিতৰত CMAA ২.০ ৰ ২,৯২২ জন আৰু CMAA ১.০ ৰ

20d6dfda-8a55-404e-835b-c566a6ce6029

৪৭৯ জন। CMAA ১.০ ৰ হিতাধিকাৰী সকলক ১ লাখ টকা আৰু CMAA ২.০ ৰ হিতাধিকাৰী সকলক ২৫,০০০ টকা DBT (Direct Benefit Transfer) ৰ মাধ্যমত আর্থিক সহায় স্থানান্তৰ কৰা হৈছে। সমষ্টি অনুসৰি গৌৰীপুৰত  CMAA ১.০ আৰ্থিক সাহায্য লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল ৭৩, আৰু CMAA ২.০ৰ অধীনত হ'ল ৪৩৩, সৰ্বমুঠ ৫০৬ গৰাকী, ধুবুৰী সমষ্টিৰ কাৰণে CMAA 1.0 ৰ অধীনত ৪১ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২৭০, সৰ্বমুঠ ৩১১, বিৰ সিং জৰুৱাৰ ক্ষেত্ৰত CMAA 1.0 ৰ অধীনত ধন লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল ২১ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২১৬ আৰু সৰ্বমুঠ হ'ল ২৩৭, বিলাসীপাৰাৰ কাৰণে CMAA 1.0 ৰ অধীনত হ'ল ১৫৮ আৰু CMAA 2.0 হ'ল ৮২৩ সৰ্বমুঠ ৯৮১ , গোলোকগঞ্জ সমষ্টিৰ কাৰণে CMAA 1.0 ৰ অধীনত ১৮৬ আৰু CMAA 2.0 ৰ অধীনত হল ১১৮০ , সৰ্বমুঠ ১৩৬৬ গৰাকী হিতাধিকাৰী আৰু অৱশেষত সমগ্ৰ ধুবুৰী জিলাত CMAA 1.0ৰ  অধীনত সৰ্বমুঠ হিতাধিকাৰী হ'ল ৪৭৯ আৰু CMAA 2.0 ৰ অধীনত হ'ল ২৯২২, সৰ্বমুঠ ৩৪০১ ধুবুৰী জিলাত হ'ল হিতাধিকাৰীৰ সংখ্যা। আর্থিক সহায়ৰ সমান্তৰালভাৱে ব্যাৱহাৰিক দক্ষতা প্রদানৰ বাবে ৮ৰ পৰা ১৫ চেপ্টেম্বৰ, ২০২৬ লৈকে ৫টা সমষ্টিতে বিশেষভাৱে CMAA ২.০ ৰ হিতাধিকাৰী সকলৰ বাবে হাতে-কামে প্রায়োগিক প্রশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰা হয়। অসমৰ ভিতৰতে এই প্রথম প্রকাৰৰ উদ্যোগৰ অধীনত হিতাধিকাৰী সকলক মীন পালন, কৃষি, পশুপালন আৰু চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপ আদি বিভিন্ন খণ্ডত হাতে-কামে প্রশিক্ষণ প্রদান কৰা হয়। ইয়াৰোপৰি, গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তর্জাতিক কলামন্দিৰত মাননীয় মুখ্যমন্ত্রীৰ মুখ্য উপস্থিতিত CMAA ১.০ আৰু ২.০ ৰ অধীনত অনুষ্ঠিত কেন্দ্রীয় আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীও সকলো বিতৰণী স্থানত পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুওৱা হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী

More news from অসম and nearby areas
  • ধুবুৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধিনত নিবনুৱা যুৱকযুৱতী সকলক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান৷ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' (CMAAA) ১.০ আৰু ২.০ৰ অধীনত নিবনুৱা যুৱকযুৱতী সকলক আর্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কণ্ফাৰেন্সিংৰ জৰিয়তে মুকলি কৰে এই ধনৰাশি৷ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো মুঠ ৩০০ গৰাকী যুৱকযুৱতী লৈ আগবঢ়োৱা হয় ২৫০০০,৭৫০০০ আৰু এক লাখ টকাকৈ চেক৷ অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে জিলাখনৰ যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ দিশত এক নতুন মাত্রা প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড°দেবময় সান্যালে৷ ইপিনে প্ৰথম অৱস্থাত মিনাক্ষী দাস চক্ৰৱৰ্তীয়ে ৭৫০০০ টকা লাভ কৰিছিল৷ লাভ কৰাৰ ফলত এটা Fast Food Corner খুলি স্বাভলম্বী হৈছিল।
    1
    ধুবুৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধিনত নিবনুৱা যুৱকযুৱতী সকলক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান৷
ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান' (CMAAA) ১.০ আৰু ২.০ৰ অধীনত নিবনুৱা যুৱকযুৱতী সকলক আর্থিক অনুদান বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কণ্ফাৰেন্সিংৰ জৰিয়তে মুকলি কৰে এই ধনৰাশি৷ 
সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো মুঠ ৩০০ গৰাকী যুৱকযুৱতী লৈ আগবঢ়োৱা হয় ২৫০০০,৭৫০০০ আৰু এক লাখ টকাকৈ চেক৷ 
অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে জিলাখনৰ যুৱ-প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ দিশত এক নতুন মাত্রা প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড°দেবময় সান্যালে৷ ইপিনে প্ৰথম অৱস্থাত মিনাক্ষী দাস চক্ৰৱৰ্তীয়ে ৭৫০০০ টকা লাভ কৰিছিল৷ লাভ কৰাৰ ফলত এটা Fast Food Corner খুলি স্বাভলম্বী হৈছিল।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    42 min ago
  • বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।
    1
    বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান
যুব প্রজন্মক স্বাবলম্বী কৰাৰ অনন্য পদক্ষেপ অসম চৰকাৰৰ 
বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত আর্থিক অনুদান বিতৰণ অনুষ্ঠান
অনুষ্ঠানত উপস্থিত হৈ সাংসদ ফণী ভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ , জিলা পৰিষদৰ সদস্যা মনালিছা কোচে হিতাধিকাৰী সকলক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে 
উল্লেখ যোগ্য যে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত মুঠ ২৯৯ গৰাকী হিতাধিকাৰীক এক লাখ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত মুঠ ১৭৩১ গৰাকী হিতাধিকাীক পচিশ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হয় ।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    3 hrs ago
  • সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য
সংখ্যালঘু খিলঞ্জীয়া নেকি? খিলঞ্জীয়াৰ Definition ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰেও দিব নোৱাৰেঃ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইনৰ বিস্ফোৰক মন্তব্য
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা। ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।
    1
    ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা।

ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    4 hrs ago
  • 🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ 🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ 🔹 ১,৪৮০ গৰাকী হিতাধিকাৰীক সামৰি বিশেষ কাৰ্যসূচী 🔹 উপস্থিত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী 🔹 উদ্যমী যুৱক-যুৱতীক আৰ্থিক সাহাৰ্য প্ৰদান 🔹 অভিযান ১.০ৰ দ্বিতীয় কিস্তিৰ সুতমুক্ত ঋণ বিতৰণ 🔹 অভিযান ২.০ৰ অধীনত বাকী ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান
    1
    🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ

🔴 তামুলপুৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ বিত্তীয় সাহাৰ্য বিতৰণ
🔹 ১,৪৮০ গৰাকী হিতাধিকাৰীক সামৰি বিশেষ কাৰ্যসূচী
🔹 উপস্থিত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
🔹 উদ্যমী যুৱক-যুৱতীক আৰ্থিক সাহাৰ্য প্ৰদান
🔹 অভিযান ১.০ৰ দ্বিতীয় কিস্তিৰ সুতমুক্ত ঋণ বিতৰণ
🔹 অভিযান ২.০ৰ অধীনত বাকী ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    21 min ago
  • গোৰেশ্বৰত মুখ্যমন্ত্ৰী আত্ম নিৰ্ভৰশীল অসমৰ অনদান বিতৰণ তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত গোৰেশ্বৰ বিধান সভাভিত্তিত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ অনুদান হিতাধীকাৰীৰ মাজত বিতৰণ।অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তা হিমাশ্ৰী খনিকৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধক্ষা ড° প্ৰতিভা পাটোৱাৰীয়ে।
    1
    গোৰেশ্বৰত মুখ্যমন্ত্ৰী আত্ম নিৰ্ভৰশীল অসমৰ অনদান বিতৰণ
তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত গোৰেশ্বৰ বিধান সভাভিত্তিত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ অনুদান হিতাধীকাৰীৰ মাজত বিতৰণ।অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তা হিমাশ্ৰী খনিকৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধক্ষা ড° প্ৰতিভা পাটোৱাৰীয়ে।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • জুবিন দিৱসৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ১০০ জোপা নাহৰৰ গছপুলি ৰোপণ জুবিন দিবসৰ প্ৰতি সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষৰ সহযোগত আৰু ধুবুৰীৰ কল্পতৰু নামৰ সংগঠন এটাৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ চৌহদত এশ জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে, শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ তথা শ্ৰদ্ধাঞ্জলিৰ পিছত আৰম্ভ হয় আজিৰ সেই বিশেষ বৃক্ষ ৰোপণ কাৰ্যসূচী। আজিৰ সেই বিশেষ কাৰ্যসূচীত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষা ডাঃ অংকুমণি শইকীয়া, ডাঃ দিনা ৰাজা, ডাঃ তাপস মজুমদাৰ প্ৰমুখ্যে বিশিষ্ট চিকিৎসক সকলৰ উপৰিও ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰখ্যাত নৃত্য- পটীয়সী ইৰিকা ইনগ্ৰিড নন্দী, "কল্পতৰু"ৰ সভাপতি সূচিব্ৰত সিনহা
    1
    জুবিন দিৱসৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত  ১০০ জোপা নাহৰৰ গছপুলি ৰোপণ
জুবিন দিবসৰ প্ৰতি সংগতি ৰাখি  ধুবুৰী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষৰ সহযোগত আৰু ধুবুৰীৰ  কল্পতৰু নামৰ সংগঠন এটাৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ চৌহদত এশ জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে, শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ তথা শ্ৰদ্ধাঞ্জলিৰ পিছত আৰম্ভ হয় আজিৰ সেই বিশেষ বৃক্ষ ৰোপণ কাৰ্যসূচী। আজিৰ সেই বিশেষ কাৰ্যসূচীত  চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষা ডাঃ অংকুমণি শইকীয়া, ডাঃ দিনা ৰাজা, ডাঃ  তাপস মজুমদাৰ প্ৰমুখ্যে বিশিষ্ট চিকিৎসক সকলৰ উপৰিও  ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰখ্যাত নৃত্য- পটীয়সী ইৰিকা ইনগ্ৰিড নন্দী, "কল্পতৰু"ৰ সভাপতি সূচিব্ৰত সিনহা
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    21 hrs ago
  • ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
    1
    ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ 
ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.