Shuru
Apke Nagar Ki App…
তিনিচুকীয়াৰ বৰভেটা চাহ বাগিছাত বিজেপি প্ৰাৰ্থী পুলক গোঁহাইক বাধা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰভেটা চাহ বাগিছাত আটছাৰ প্ৰতিবাদ । বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বাট আগুছি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত স্পষ্টকৈ তিনিচুকীয়াত সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব দিয়াৰ সলনি মাকুমলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভ উজাৰে আটছাই। সমান্তৰালভাৱে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক কিছু কিছু স্থানত প্ৰচাৰত বাধা দিয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আটছাই ।
Tinsukia TIME
তিনিচুকীয়াৰ বৰভেটা চাহ বাগিছাত বিজেপি প্ৰাৰ্থী পুলক গোঁহাইক বাধা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰভেটা চাহ বাগিছাত আটছাৰ প্ৰতিবাদ । বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বাট আগুছি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত স্পষ্টকৈ তিনিচুকীয়াত সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব দিয়াৰ সলনি মাকুমলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভ উজাৰে আটছাই। সমান্তৰালভাৱে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক কিছু কিছু স্থানত প্ৰচাৰত বাধা দিয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আটছাই ।
More news from অসম and nearby areas
- ডিগবৈ বগাপানী চাহ বাগিছাত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ ঝাৰখণ্ড মুখ্যমন্ত্ৰী হেমন্ত চুৰেনৰ। ঝাৰখণ্ড মুক্তি মৰ্চাৰ ডিগবৈৰ প্ৰাৰ্থী ভৰত নায়কৰ হৈ প্ৰচাৰ চলালে চুৰেনে। পাচ জন ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক হ'লেই চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকা হব বুলি উল্লেখ সভাত। ২৫০ টকাত ভাল নিমখ নাপায়, 250 টকা শ্ৰমিকক মজুৰি দি চৰম প্ৰতাৰনা কৰিছে বুলি কৰে উত্থাপন।1
- চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলা বাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়। এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই। গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি।এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়। যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱা ৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়। উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।1
- আগন্তুক ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি আনুষ্ঠানিকভাৱে নিৰ্বাচনী 'ছুইপ' (SVEEP) গীতটো মুকলি কৰা হয়। অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, গৌৰী শংকৰ, বৰ্ষাৰাণী শইকীয়া, ৱাছিম অয়ন আৰু নিপন গগৈৰ কণ্ঠৰে সজ্জিত এই গীতটোৱে জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব আৰু শক্তিৰ বিষয়ে সচেতন কৰি তুলিব।ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখি অহা ৯ এপ্ৰিল (বৃহস্পতিবাৰ) তাৰিখে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াত সকলো ৰাইজক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুয়ে কিন্তু কিয়.... ✅মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে তোলা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে ড° ইন্দ্ৰনীল পেগুয়ে ✅মাজুলীৰ মৌলিক সমস্যাৰ ওপৰত অসম বিধান সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে অৱলম্বণ কৰা মৌনতাৰ অভিযোগ1
- road broken inside1
- বুধবাৰে মাজ নিশা গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি দলংত এখন বিলাসী বাহন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । গুৰুত্বৰ ভাবে আহত লোকজনৰ নাম নচিম আলী বুলি জানিব পৰা গৈছে । আহত লোকজনৰ ঘৰ গোলাঘাটৰ আধাসত্ৰত। AS 01 AK 0965 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিংত খুন্দা মাৰে। দূৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে মূহুৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন।1
- #best photo #video graphy3
- তিনিচুকীয়া বিধানসভা সমষ্টিৰ বৰভেটা চাহ বাগিছাত আটছাৰ প্ৰতিবাদ । বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে বাট আগুছি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত স্পষ্টকৈ তিনিচুকীয়াত সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব দিয়াৰ সলনি মাকুমলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভ উজাৰে আটছাই। সমান্তৰালভাৱে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক কিছু কিছু স্থানত প্ৰচাৰত বাধা দিয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আটছাই ।1