Shuru
Apke Nagar Ki App…
আজি ১০ দিনৰ ভিতৰত চতুৰ্থবাৰলৈ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। এই মূল্যবৃদ্ধিৰ ফলত তিনিচুকীয়াত আজি পুনৰ পেট্ৰলৰ দাম ২.৭২ টকা আৰু ডিজেলৰ দাম ২.৮৩ টকা বৃদ্ধি পাইছে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম আৰু যাত্ৰীৰ ভাড়াও বৃদ্ধি পোৱাৰ দিশে গতি কৰিছে। এই পৰিস্থিতিত জনসাধাৰণে চৰকাৰক অতি সোনকালে পেট্ৰল-ডিজেলৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।
Tinsukia TIME
আজি ১০ দিনৰ ভিতৰত চতুৰ্থবাৰলৈ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। এই মূল্যবৃদ্ধিৰ ফলত তিনিচুকীয়াত আজি পুনৰ পেট্ৰলৰ দাম ২.৭২ টকা আৰু ডিজেলৰ দাম ২.৮৩ টকা বৃদ্ধি পাইছে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম আৰু যাত্ৰীৰ ভাড়াও বৃদ্ধি পোৱাৰ দিশে গতি কৰিছে। এই পৰিস্থিতিত জনসাধাৰণে চৰকাৰক অতি সোনকালে পেট্ৰল-ডিজেলৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।
More news from অসম and nearby areas
- সোমবাৰে তিনিচুকীয়াৰ শদিয়াৰ চেংচাপ আৰক্ষী থানাৰ অন্তৰ্গত ন-পতীয়া গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এখন তীব্ৰবেগী বাইকৰ খুন্দাত দীপশিখা গুৰুং নামৰ ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে একে বয়সৰ আন এটি শিশু গুৰুত্বপূৰ্ণভাৱে আহত হয়। এই শোকাৱহ ঘটনাৰ পাছতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে। বাইক আৰোহীক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে চেংচাপ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।1
- আজি ১০ দিনৰ ভিতৰত চতুৰ্থবাৰলৈ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। এই মূল্যবৃদ্ধিৰ ফলত তিনিচুকীয়াত আজি পুনৰ পেট্ৰলৰ দাম ২.৭২ টকা আৰু ডিজেলৰ দাম ২.৮৩ টকা বৃদ্ধি পাইছে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম আৰু যাত্ৰীৰ ভাড়াও বৃদ্ধি পোৱাৰ দিশে গতি কৰিছে। এই পৰিস্থিতিত জনসাধাৰণে চৰকাৰক অতি সোনকালে পেট্ৰল-ডিজেলৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।1
- মাকুম মা পৰিবাৰৰ উদ্যোগত মাকুমত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই আধ্যাত্মিক আৰু বৰ্ণিল শোভাযাত্ৰাত অঞ্চলটোৰ বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। ধৰ্মীয় পৰম্পৰা, নাম-কীৰ্তন আৰু ভক্তিমূলক পৰিৱেশৰ মাজেৰে শোভাযাত্ৰাটিয়ে মাকুমৰ মূল পথসমূহ পৰিভ্ৰমণ কৰে।1
- ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণৰ্থে ১৮ মে’ৰ পৰা ২৫ মে’লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে” শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি কৰা, হিতাধিকাৰী সম্পৃক্তকৰণ সুনিশ্চিত কৰা আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰা। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো জিলা আয়ুক্ত সুমিত ছাত্তাৱানে ১৮ মে’ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়, য'ত যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰত সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক’ৰ আয়োজন কৰা হৈছিল, যাৰ যোগেদি বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়, য'ত ৰাইজে বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে আৰু বিভাগীয় প্ৰতিনিধিসকলে সেইসমূহ লিখিতভাৱে নথিভুক্ত কৰে যাতে পৰৱৰ্তী সময়ত দ্ৰুত সমাধান কৰিব পৰা যায়। এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভিন্ন বিভাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে, আৰু আশা কৰা হৈছে যে এই কাৰ্যসূচীয়ে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।1
- চৰকাৰৰ ভূমিকাক লৈ গভীৰ হতাশাত ভূগি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তেওঁৰ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত নোহোৱাৰ ফলত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।1
- ধেমাজিৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰিল বিদ্যালয়খনৰ চকীদাৰ দিলিন ভূঞা। স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা ইটা চুৰি কৰি নিয়াৰ সময়তে দিলিন ভূঞাক ধৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে চকীদাৰ দিলিন ভূঞাৰ বিৰুদ্ধে চিচিবৰগাওঁ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলিন ভূঞা বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে।1
- যোৰহাটৰ চিনামৰা স্থিত সন্মিলন কেন্দ্ৰত ২৪ মে' তাৰিখে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা, প্ৰশাসনিক ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু কৰ্মচাৰীৰ অধিকাৰ সুৰক্ষাৰ বিষয়কে ধৰি কেইবাটাও সাংগঠনিক তথা কৰ্মচাৰী সমস্যাৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। সভাৰ অন্তত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে সন্থাই চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰি কৰ্মচাৰীসকলৰ সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিবলৈ আহ্বান জনায়।1
- তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অধীনৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীত ২০২৫ চনৰ ১৫ আগষ্টত সংঘটিত হোৱা লোহীয়া কলেজৰ ছাত্ৰ আনিন বৰুৱাৰ মৃত্যুৰ ৰহস্য আজিও উন্মোচন হোৱা নাই। জিলাখনৰ ডুমডুমা আৰক্ষী থানাৰ অধীনৰ ১ নং চোটাহাপজানৰ নিবাসী নিলু বৰুৱাই দাবী কৰিছে যে তেওঁৰ ২০ বছৰীয়া পুত্ৰ আনিন বৰুৱাৰ সলিল সমাধিৰ বাবে ভাৰতীয় তেল নিগম জগৰীয়া। নিলু বৰুৱাই জনোৱা মতে, ২০২৫ চনৰ ১৫ আগষ্টত আনিন বৰুৱা আঠজন সতীৰ্থৰ সৈতে নাজিৰাটিং তামুলী পৰ্যটনস্থলীত পিকনিক খাবলৈ গৈছিল। বিয়লি ৪ বজাত পৰ্যটনস্থলীৰ জলপ্ৰপাতত ভাৰতীয় তেল নিগমে ব্যৱহাৰ কৰা পানী নিষ্কাশন মেচিনত লাগি মূৰত আঘাতপ্ৰাপ্ত হৈ আনিন বৰুৱাৰ সলিল সমাধি ঘটে। ঘটনাৰ পিছদিনাই নিলু বৰুৱাই ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল, যাৰ ২৪ ঘণ্টাৰ পাছত এছডিআৰএফৰ দলে ঘটনাস্থলীৰ পৰা ২০০ মিটাৰ নিলগত আনিনৰ মৃতদেহ উদ্ধাৰ কৰে। নিলু বৰুৱাৰ এজাহাৰৰ ভিত্তিত ডিগবৈ থানাত ০৯/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু আৰক্ষীয়ে আনিন বৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ফৰেনছিক মেডিচিন বিভাগৰ ডাঃ উজ্জ্বল চুতীয়াই দাখিল কৰা আনিন বৰুৱাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পিছতো আৰক্ষীয়ে ভাৰতীয় তেল নিগমৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে নিলু বৰুৱাই। পুত্ৰৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি নিলু বৰুৱাই ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজি পৰ্যন্ত ন্যায় লাভ নকৰাত দুৰ্ভগীয়া পৰিয়ালটোৱে ক্ষোভ প্ৰকাশ কৰিছে। ন্যায়পালিকাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি নিলু বৰুৱাই আজিও পুত্ৰ আনিন বৰুৱাৰ মৃত্যুৰ ন্যায়ৰ বাবে আশা পালি আছে।1