Shuru
Apke Nagar Ki App…
সুৰুয দিহিঙ্গীয়াৰ বাসগৃহত সমৰ্থকৰ ভিৰ, বিহুনাম জুৰিলে সমৰ্থকে বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
Charaideo News & Entertainment
সুৰুয দিহিঙ্গীয়াৰ বাসগৃহত সমৰ্থকৰ ভিৰ, বিহুনাম জুৰিলে সমৰ্থকে বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা । আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাই এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এজন 'ৰাজনৈতিক আৰ্কিটেক্ট' বুলি অভিহিত কৰি তেওঁৰ দূৰদৰ্শিতাৰ প্ৰশংসা কৰে। টিকট নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাজৰিকাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্ৰজোঁটৰ বিজয়ক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।1
- LIC ৰ তৰফৰ পৰা তিনিচুকীয়া ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত স্কুল বাছ প্ৰদান। ভাৰত চৰকাৰৰ অৰ্থ সাপেক্ষে নাগৰিক সুৰক্ষা প্ৰদানৰ অন্যতম অনুষ্ঠান জীৱন বীমা নিগম অৰ্থাৎ LIC ৰ গল্ডেন জুবিলী ফাউণ্ডেশ্যনৰ পুঁজিৰ তৰফৰ পৰা ভাৰত বৰ্ষৰ অন্যতম সেৱামূলক অনুষ্ঠান ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ পৰমানন্দ বিদ্যামন্দিৰত বিদ্যালয়ৰ বাবে এটা বাস গাড়ী প্ৰদান হৈছে। আজি তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ পৰমানন্দ বিদ্যালয়ত সভাকক্ষত আয়োজিত সভাত এই বাছৰ চাবি প্ৰদান কৰা হয়। বিদ্যামন্দিৰৰ দুই শিক্ষয়িত্ৰী ক্ৰমে মনিকা শৰ্মা আৰু তানিয়া মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত LIC ৰ ৰিজনেল মেনেজাৰ এচ দে চিনিয়ৰ ডিভিজনেল মেনেজাৰ মনোজ নুফানিয়াল, বিষয়া সকল ক্ৰমে নবাৰুন ঘোষ, অৰুণ বৰুৱা আৰু তিনিচুকীয়া শাখা ভাৰত সেৱাশ্ৰম সংঘৰ বিশ্বমবৰানন্দজী মহাৰাজ, পৰমানন্দ বিদ্যামন্দিৰৰ অধ্যক্ষা সুস্মিতা সেন গুপ্তা, সামন্ত দাস সহ ভাৰত সেৱাশ্ৰম সংঘৰ পদাধিকাৰ সকল উপস্থিত আছিল ৷ প্ৰদীপ প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সমবেত সংগীত পৰিবেশন কৰাৰ পাছত অনুষ্ঠিত LICৰ বিষয়া সকলে বাছ গাড়ীৰ চাবি প্ৰদান কৰা হয়। চাবি প্ৰদান কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰা হয়।1
- ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।1
- I request Our honorable MLA SIR MR Bolin chetia to look after this problem we are facing so much problem1
- গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ1
- প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ1
- তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।1
- লখিমপুৰ জিলাৰ ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ: লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱে জ্বলাকলা খুৱাইছে ৰাইজক। বন বিভাগৰ নাই গুৰুত্ব।যোৱা পুৱতি নিশা নৱগঠিত ৰঙানদী সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱৰ পাপু ভূঞাৰ ঘৰত বন্য হস্তীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে।স্থানীয় ৰাইজে জানিব দিয়া মতে এদিন পূৰ্বে গাঁওখনৰ তীৰ্থ শইকীয়াৰ গৃহত বন্য হস্তী প্ৰবেশ কৰি ঘৰ ভাঙি ধান খাই নষ্ট কৰে ।ইয়াৰ উপৰিও গাঁওখনৰ বহুজনৰ বাৰীত গছ গছনি নষ্ট কৰে।ৰাইজে জানিব দিয়া মতে অৰুণাচলী ব্যক্তিয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ গছ গছনি কাটি এফালৰ পৰা নষ্ট কৰি গৈছে।সেয়ে পাহাৰৰ পৰা বন্য হস্তী ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভঙাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু গছ গছনি নষ্ট কৰি গৈছে।ৰাইজে বাৰম্বাৰ বন বিভাগক বিষয়টো অৱগত কৰি আহিছে যদিওঁ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰা মতে এজনীয়া বন্য হস্তীয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ কাছজুলি,শান্তিপুৰ,শান্তিপুৰ মাজগাঁও,বৈঞ্চৱপুৰ,২ন বামুণ গাঁৱ,ধোৱাপাৰা আদি গাঁও সমূহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই বহু ক্ষতি কৰিছে।ৰাইজৰ অভিযোগ বন বিভাগ আহি একপি ফটো মাৰি নি দায়িত্ব সামৰি গৈছে।ৰাইজে দাবী জনাই যে চৰকাৰ তথা বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন্য হস্তীয়ে অনিষ্ট কৰা ৰাইজক ক্ষতিপুৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে।1