Shuru
Apke Nagar Ki App…
বাক্সা জিলাৰ চাইতানগুৰিত BSUৰ বিনামূলীয়া কোছিং পৰিদৰ্শন কৰে ব্লক সভাপতি বিনাৰাম বড়োৱে। এই পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে অন্যান্য নেতা তথা বিষয়ববীয়াসকলো উপস্থিত আছিল।
Laba kumar Das
বাক্সা জিলাৰ চাইতানগুৰিত BSUৰ বিনামূলীয়া কোছিং পৰিদৰ্শন কৰে ব্লক সভাপতি বিনাৰাম বড়োৱে। এই পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে অন্যান্য নেতা তথা বিষয়ববীয়াসকলো উপস্থিত আছিল।
More news from Baksa and nearby areas
- বাক্সা জিলাৰ চাইতানগুৰিত BSUৰ বিনামূলীয়া কোছিং পৰিদৰ্শন কৰে ব্লক সভাপতি বিনাৰাম বড়োৱে। এই পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে অন্যান্য নেতা তথা বিষয়ববীয়াসকলো উপস্থিত আছিল।1
- তামুলপুৰ জিলাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা জিলাখনৰ চেঁচাপানী, শান্তিপুৰ আৰু কাৰকেল আদি অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। জনবসতিপূৰ্ণ এলেকাত সোমাই পৰা এই হাতীৰ জাকটোৱে অঞ্চলকেইটাত কমেও পাঁচৰ পৰা ছয়টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ঘৰসমূহৰ বিস্তৰ ক্ষতি হোৱাৰ ফলত স্থানীয় বাসিন্দাসকলে প্ৰাণৰ ভয়ত গোটেই নিশাটো উজাগৰে কটাবলগীয়া হয়। সৌভাগ্যক্ৰমে এই সমগ্ৰ ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। উল্লেখ্য যে, ভৰ বাৰিষাৰ এই সময়ছোৱাত তামুলপুৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অতিমাত্ৰা বৃদ্ধি পাইছে। প্ৰায়েই জনবসতিপূৰ্ণ এলেকাত হাতীৰ জাক সোমাই ঘৰ-বাৰী তথা শস্যৰ বিস্তৰ ক্ষতিসাধন কৰাত স্থানীয় ৰাইজ তীব্ৰ আতংকৰ মাজত দিন কটাবলগীয়া হৈছে। এনে পৰিস্থিতিত স্থানীয় বাসিন্দাসকলে বন বিভাগক অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।1
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।1
- বৰপেটাৰ কেউটপাৰাত থকা মদৰ দোকানখন বন্ধ কৰাৰ বাবে বিধানসভাত দাবী উত্থাপন কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বিধানসভাৰ মজিয়াত বিধায়কগৰাকীয়ে এই সন্দৰ্ভত নিজৰ দাবী উত্থাপন কৰে।1
- বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।1
- দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।1
- কামৰূপৰ বকোত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান আহত লোকজন চিকিৎসাধীন হৈ আছে।1
- তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।1