Shuru
Apke Nagar Ki App…
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ ঢেকীয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত ব্যাপক আয়োজন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুক আদৰিবলৈ ঢেকীয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক আয়োজন
Assam sangbad 24
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ ঢেকীয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত ব্যাপক আয়োজন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুক আদৰিবলৈ ঢেকীয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক আয়োজন
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা। চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি। বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত। উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- আছাউদ্দিন ওৱেচিয়ে অসমত জাতীয় সংঘৰ্ষ লগাবলৈ অসমলৈ আহিছে।সি দিল্লীৱালা মানুহ,অসমৰ কথা কি বা*ল জানে বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।লাহৰিঘাটৰ সমীপৱৰ্তী ধূপগুড়িত এটি নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই মন্তব্য ৰমাকান্ত দেউৰীৰ।শুনক সেই এক্সক্লুছিভ মন্তব্য1
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1
- গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।1
- Post by Mahesh kumar das1
- চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই1
- ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###1