অসম দৰ্শন আঁচনিৰ চেক বিতৰণঃ ডিব্ৰুগড়ত ১৫০ নামঘৰলৈ আৰ্থিক সহায়, সৎ ব্যৱহাৰৰ আহ্বান প্ৰশান্ত ফুকনৰ ডিব্ৰুগড়ত আজি অসম দৰ্শন আঁচনিৰ অধীনত ৮০ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫০ টা উপাসনা স্থলী অৰ্থাৎ নামঘৰলৈ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে। অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ধন আবণ্টন কৰি আহিছে। আজি অনুষ্ঠিত অনুষ্ঠানত ১৫০ টা নামঘৰৰ প্ৰতিনিধিসকলৰ হাতত চেক প্ৰদান কৰা হয়। ডিব্ৰুগড়ত আজি চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে, আঁচনিৰ ধন সঠিক আৰু স্বচ্ছভাৱে ব্যৱহাৰ কৰিব লাগিব। তেওঁ সকলো নামঘৰ পৰিচালনা সমিতিক উন্নয়নমূলক কামত গুৰুত্ব দিবলৈ আহ্বান জনায়। “এই আঁচনিৰ জৰিয়তে আমাৰ ধৰ্মীয় আৰু সামাজিক স্থানসমূহ অধিক সুসংগঠিত হ’ব। সকলোয়ে ধনৰ সৎ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব।” — প্ৰশান্ত ফুকন তেওঁ লগতে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ-ৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা জনসাধাৰণলৈ আগবঢ়াই দিয়া হৈছে। অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলক চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। ডিব্ৰুগড় সমষ্টিত বৰ্তমানলৈ মুঠ ৩ শ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে ৩ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। প্ৰথম পৰ্যায়ত ডেৰ লাখ আৰু দ্বিতীয় পৰ্যায়ত ডেৰ লাখ সৰ্ব মুঠ ৩ লাখকৈ প্ৰদান কৰা হয়। অসম দৰ্শন আঁচনিৰ এই পদক্ষেপে ডিব্ৰুগড়ত ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত নতুন গতি সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

- ডিব্ৰুগড়ত আজি অসম দৰ্শন আঁচনিৰ অধীনত ৮০ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫০ টা উপাসনা স্থলী অৰ্থাৎ নামঘৰলৈ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে। অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ধন আবণ্টন কৰি আহিছে। আজি অনুষ্ঠিত অনুষ্ঠানত ১৫০ টা নামঘৰৰ প্ৰতিনিধিসকলৰ হাতত চেক প্ৰদান কৰা হয়। ডিব্ৰুগড়ত আজি চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে, আঁচনিৰ ধন সঠিক আৰু স্বচ্ছভাৱে ব্যৱহাৰ কৰিব লাগিব। তেওঁ সকলো নামঘৰ পৰিচালনা সমিতিক উন্নয়নমূলক কামত গুৰুত্ব দিবলৈ আহ্বান জনায়। “এই আঁচনিৰ জৰিয়তে আমাৰ ধৰ্মীয় আৰু সামাজিক স্থানসমূহ অধিক সুসংগঠিত হ’ব। সকলোয়ে ধনৰ সৎ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব।” — প্ৰশান্ত ফুকন তেওঁ লগতে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ-ৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা জনসাধাৰণলৈ আগবঢ়াই দিয়া হৈছে। অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলক চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। ডিব্ৰুগড় সমষ্টিত বৰ্তমানলৈ মুঠ ৩ শ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে ৩ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। প্ৰথম পৰ্যায়ত ডেৰ লাখ আৰু দ্বিতীয় পৰ্যায়ত ডেৰ লাখ সৰ্ব মুঠ ৩ লাখকৈ প্ৰদান কৰা হয়। অসম দৰ্শন আঁচনিৰ এই পদক্ষেপে ডিব্ৰুগড়ত ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত নতুন গতি সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।1
- ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে1
- তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷ দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।1
- শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত দিখৌমুখৰ ভৰলুৱাত এক উত্তেজনাপূৰ্ণ পৰিৱেশত সম্পন্ন হ’ল ভৰলুৱা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজিত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা।দিখৌমুখবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰয়াত শিক্ষাবিদ ধৰ্মকান্ত শইকীয়া আৰু সমাজকৰ্মী ৰিন্তুু শইকীয়াৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়। খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে। বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে খেলৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।4
- সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে।1
- আজি গোলাঘাটৰ কমাৰগাঁৱত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কঁহৰাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে কমাৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে।1
- গোলাঘাট জিলা কংগ্ৰেছ কাৰ্য্যালয়ত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ।সৰুপথাৰ সমষ্টি অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াক এৰি নিদিওঁ।সৰুপথাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লাগিবই।গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয় প্ৰতিবাদ কৰি হুংকাৰ মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীৰ।1
- চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।1