Shuru
Apke Nagar Ki App…
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
ৰূপহী অসম দৈনিক
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।
More news from অসম and nearby areas
- ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ সংবাদকৰ্মী তথা কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীয়ে ১৫ গৰাকীকৈ সাংবাদিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। তথ্যবিহীনভাৱে বাতৰি পৰিৱেশন কৰাৰ অভিযোগত তেওঁ সাংবাদিকসকলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি নুৰুল আমিন চৌধুৰীয়ে লগতে কয় যে যিসকলে ৰাইজৰ জনাদেশক মানি নলয়, তেওঁলোক প্ৰকৃত বাংলাদেশী।1
- মৰিগাঁও জিলা আমছুৱে লাহৰীঘাটৰ ভূৰাগাঁৱত বিশ্ব নবী হজৰত মহম্মদক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হীৰেণ অসম নামৰ এজন ব্যক্তিৰ দ্বাৰা বিশ্ব নবীক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ গঢ়ি উঠিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰতিবাদত আমছুৱে হীৰেণ অসমৰ বিৰুদ্ধে তৎকালীনভাৱে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে 'ধৰ্মীয় আৱেগ-অনুভূতিক আঘাত দিয়া বন্ধ কৰক', 'সাম্প্ৰদায়িক শক্তি নিপাত যাওক' আৰু 'সাম্প্ৰদায়িক বিষবাস্প বন্ধ কৰক' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।1
- মৰিগাঁও জিলাৰ জাগীৰোডৰ শ্যামাপল্লী আৰু শিলভঙা অঞ্চলৰ জনসাধাৰণ দুৰ্ঘটনাৰ আশংকাত ভুগিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ জনতাই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই চাৰ্ভিছ পথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে। এই পথত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় লোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই।1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী বিষ্ণু পুৰাণ কথা অনুষ্ঠিত হৈছে।1
- ৱাডছ ইংলিছ স্কুলৰ শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰিছে। এই সংবাদ মেলত তেওঁলোকে স্পষ্টকৈ মন্তব্য কৰিছে যে তেওঁলোক অশিক্ষিত নহয় আৰু তেওঁলোকক অপমান কৰিলে তেওঁলোকে বহি নাথাকে।1
- কৃষি খণ্ডৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা কৃষি বিভাগে আজি বিশ্বনাথ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ হলত ‘কৃষি মেপাৰ’ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণ সন্দৰ্ভত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা কৃষি বিষয়া বাণেশ্বৰ বে'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শিবিৰত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক নডেল বিষয়া পাপৰি শৰ্মাই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষণৰ সময়ত শৰ্মাই ‘কৃষি মেপাৰ’ৰ ধাৰণা, ইয়াৰ গুৰুত্ব, সঠিক তথ্য সংগ্ৰহ পদ্ধতি ব্যাখ্যা কৰাৰ উপৰিও, কৃষি মেপাৰ এপত শস্যৰ খেতিৰ মেপিং কৰাৰ প্ৰণালী সন্দৰ্ভত সমূহ বিষয়া-কৰ্মচাৰীক বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ তত্ত্বাৱধানত আৰম্ভ হোৱা ‘কৃষি মেপাৰ’ হৈছে কৃষি ভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ এক ৰাষ্ট্ৰীয় প্ৰকল্প। ইয়াৰ জৰিয়তে শস্যৰ নিখুঁত তথ্য, মাটিৰ ব্যৱহাৰ, আৰু আঁচনিসমূহ লক্ষ্যভিত্তিকভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হ’ব। এই অনুষ্ঠানতে জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। জিলা কৃষি বিষয়াই সকলো যোগ্য কৃষক যাতে পঞ্জীয়নৰ পৰা বাদ নপৰে, তাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ এই প্ৰশিক্ষণত বিশ্বনাথ মহকুমা কৃষি বিষয়া সোনমণি শইকীয়া, গহপুৰ মহকুমা কৃষি বিষয়া শাৰঙ্গপাণি কেওঁট, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে মিডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, প্ৰগ্ৰেম বিষয়া দিব্যাশ্ৰী শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, ‘কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণ’ (ATMA)-ৰ বি.টি.এম. আৰু এ.টি.এম.-সহ জিলা কৃষি বিভাগৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।2
- মৰিগাঁও জিলাৰ পশ্চিম জালুগুটিৰ লোচনাবড়ীৰ সন্তান মিনহাজ আহমেদে গুজৰাটত অনুষ্ঠিত চতুৰ্থ পাফি ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই কঠিন প্ৰতিযোগিতাত মিনহাজে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। এই উদীয়মান ক্ৰীড়াবিদগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সফলতা লাভ কৰা।1
- এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, য'ত এখন চলন্ত এম্বুলেন্সৰ ভিতৰৰ পৰা এজন ৰোগী হঠাতে ৰাজপথত পৰি গৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।1