logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল। লোকসভাত গৃহীত নহল মহিলাৰ ৩৩ শতাংশ সংৰক্ষণৰ বিধেয়ক। নাৰী শক্তি বন্দন সংশোধন বিধেয়ক গৃহীত নোহোৱাত বিজেপি মহিলা মৰ্চাৰ সংবাদমেল। কংগ্ৰেছ সহ ইণ্ডি এলাইন্স য়ে নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এন.ডি.এ. ৰ " মহিলা আক্ৰোশ " সংবাদমেল। বিজেপি জিলা উপ সভানেত্ৰী ইন্দ্ৰাণী সিং চৌধুৰী আৰু ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই সংবাদ মেলৰ আয়োজন কৰে। কংগ্ৰেছ আৰু বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ধুবুৰী জিলা বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । কংগ্ৰেছে প্ৰতিটো ক্ষেত্ৰত মহিলাক বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি সভানেত্ৰী কংকনা বৰুৱাই । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কেইবাটাও বিল পাছ কৰিছে । এইবাৰ নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত হোৱা নাই যদিও পৰৱৰ্তী সময়ত গৃহীত কৰা হব বুলিও মন্তব্য কৰে । তিনি তালাক, ৰাম মন্দিৰ, জি এছ টিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল গৃহীত কৰাত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছিল। সেয়া কংগ্ৰেছৰ আচল চৰিত্ৰ বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে । নাৰীক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উপস্থাপন হৈছিল কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী, প্ৰিয়ঙ্কা গান্ধী আৰু ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে নাৰী সমাজক মৰ্যদা নিদিয়াৰ কাৰণে এই বিলখনৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে । অহা ২৭ এপ্ৰিল তাৰিখে জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত কৰি নাৰী শক্তি বন্দন সংশোধন বিধেয়ক ২০২৬ গৃহীত নোহোৱাত বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰীৰ মহিলা সমাজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিলা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে।

3 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•

More news from অসম and nearby areas
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    3 hrs ago
  • Namkeen
    1
    Namkeen
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    1 hr ago
  • ঠিক করে দাও
    1
    ঠিক করে দাও
    user_Avirup Paul
    Avirup Paul
    বজালী, বজালী, অসম•
    4 hrs ago
  • Post by Shahidul Islam
    1
    Post by Shahidul Islam
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    22 hrs ago
  • ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।
    1
    ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত  হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে 
আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    1 hr ago
  • তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    1
    তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
    1
    প্ৰচণ্ড ধুমুহা হোৱাৰ ফলত বাগৰি পৰিল প্ৰকাণ্ড গছ মটৰচাইকেল ওপৰত। মটৰচাইকেলত পৰা ফলত আহত হয় এজন বাইক চালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত ধুবুৰী মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় মটৰচাইকেল চালকজনক।
    user_North East Bulletin
    North East Bulletin
    আঠানি, ধুবুৰী, অসম•
    11 hrs ago
  • তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    1
    তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.