logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক লৈ চৰকাৰক তীব্ৰ সমালোচনা আছুৰ সভাপতি উৎপল শৰ্মাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি বিজড়িত ‘জুবিন ক্ষেত্ৰ’ৰ নিৰ্মাণ কাৰ্যত হোৱা বিলম্ব আৰু বৰ্তমানৰ শোচনীয় অৱস্থাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। মৰিগাঁৱত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে শিল্পীগৰাকীৰ প্ৰয়াণৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যত কোনো স্থায়ী অগ্ৰগতি পৰিলক্ষিত হোৱা নাই, যিটো অসমৰ ৰাইজৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। উৎপল শৰ্মাই অভিযোগ কৰে যে চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে যি নিৰ্মাণ সমিতি গঠন কৰি দিছিল, সেই সমিতিয়ে বৰ্তমানলৈকে কি কাম কৰিলে বা কি প্ৰস্তাৱ দাখিল কৰিলে সেই সম্পৰ্কে ৰাইজ সম্পূৰ্ণ অন্ধকাৰত। এজাক বৰষুণ দিলেই জুবিন ক্ষেত্ৰৰ শ্ৰদ্ধাঞ্জলি স্থলী পানীত ওপঙি থকাৰ দৃশ্যই চৰকাৰৰ বিফলতা আৰু অৱহেলাক উদঙাই দিছে বুলি তেওঁ অভিহিত কৰে।আগন্তুক লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে জুবিন ক্ষেত্ৰৰ কাম বন্ধ কৰি ৰখা নহয়, তাৰ বাবে তেওঁ সকীয়নী প্ৰদান কৰে। নিৰ্বাচন বা অন্য কোনো প্ৰশাসনিক কাৰণক অজুহাত হিচাপে লৈ এই আৱেগিক বিষয়টোত যাতে কোনো ধৰণৰ শিথিলতা নাহে, তাৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায়।জুবিন গাৰ্গক নিৰ্বাচনী ইছ্যু বা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা যিকোনো দল বা পক্ষক তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, "জুবিন গাৰ্গ এটা জ্বলন্ত আগ্নেয়গিৰিৰ নাম। তেওঁক লৈ যিয়েই ৰাজনীতিৰ ৰুটি সেকিব বিচাৰিব, তেওঁৰ হাত পুৰি ছাৰখাৰ হ’ব।" জুবিন গাৰ্গৰ হত্যাৰ (বিৰোধী পক্ষৰ দাবী অনুসৰি) তদন্তৰ ক্ষেত্ৰত এছ আই টি (SIT) আৰু চৰকাৰে অধিক তৎপৰতা দেখুৱাই প্ৰতিগৰাকী দোষীক কঠোৰ শাস্তি দিয়াৰো তেওঁ দাবী উত্থাপন কৰে।লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে শ্যামকানু মহন্তৰ বেংক একাউন্ট খুলি দিয়া সন্দৰ্ভত মন্তব্য আগবঢ়ায় । আৰু লগতে চৰকাৰে যদি বৰ্তমানলৈকে কোনো স্থায়ী নিৰ্মাণৰ কাম হাতত লোৱা নাই, তেন্তে অন্ততঃ এই বাৰিষা কালছোৱাত ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ শ্ৰদ্ধা নিবেদন কৰিব পাৰে, তাৰ বাবে অস্থায়ীভাৱে হ’লেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

4 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    22 min ago
  • প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    3
    প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • Post by Bubu Nath
    1
    Post by Bubu Nath
    user_Bubu Nath
    Bubu Nath
    Local News Reporter মিকিৰভেটা, মৰিগাঁও, অসম•
    4 hrs ago
  • মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    1
    মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে।
মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে।
মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে।
মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো।
মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো।
এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী।
পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ।
১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ।
নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত।
ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত।
অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে।
আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে।
এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    8 hrs ago
  • # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । # ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই । # ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।
    3
    # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
# ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ।
# ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    22 hrs ago
  • লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF দলৰ বিধায়কে ?
    1
    লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি ক'লে AIUDF
দলৰ বিধায়কে ?
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    47 min ago
  • Post by SAIDUR ALI
    1
    Post by SAIDUR ALI
    user_SAIDUR ALI
    SAIDUR ALI
    শিপাঝাৰ, দৰং, অসম•
    1 hr ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.