Shuru
Apke Nagar Ki App…
তিনিচুকীয়াত অৰুণোদয় ৩.০ৰ ধনৰাশি বিতৰণ অনুষ্ঠানত বিধায়ক সঞ্জয় কিষাণ তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহুতলিৰ খেলপথাৰত আজি অসম চৰকাৰৰ অৰুণোদয় ৩.০ আঁচনিৰ জড়িয়তে হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটোত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান উপস্থিত থাকে। অনুষ্ঠানত বহু সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। এই আঁচনিখনৰ জড়িয়তে দুখীয়া আৰু আৰ্থিকভাবে পিছপৰা পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানে অৰুণোদয় আঁচনিখনে বহু পৰিয়ালৰ জীৱনত আৰ্থিক সহায় আগবঢ়াইছে বুলি উল্লেখ কৰে। লগতে আগন্তুক দিনতো চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Tinsukia TIME
তিনিচুকীয়াত অৰুণোদয় ৩.০ৰ ধনৰাশি বিতৰণ অনুষ্ঠানত বিধায়ক সঞ্জয় কিষাণ তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহুতলিৰ খেলপথাৰত আজি অসম চৰকাৰৰ অৰুণোদয় ৩.০ আঁচনিৰ জড়িয়তে হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটোত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান উপস্থিত থাকে। অনুষ্ঠানত বহু সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। এই আঁচনিখনৰ জড়িয়তে দুখীয়া আৰু আৰ্থিকভাবে পিছপৰা পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষানে অৰুণোদয় আঁচনিখনে বহু পৰিয়ালৰ জীৱনত আৰ্থিক সহায় আগবঢ়াইছে বুলি উল্লেখ কৰে। লগতে আগন্তুক দিনতো চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
More news from অসম and nearby areas
- তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে সহ আন তিনিজন ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত। ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে1
- সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷2
- জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।1
- সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।1
- Post by Sek Asik1
- আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।1
- ডিগবৈত অসম ভিত্তিত 'Fashion Icon Of Assam Season Four'ৰ ব্যাপক প্ৰস্তুতি। ডিগবৈৰ এগৰাকী উদ্যোমী মহিলা নিতু চক্ৰৱৰ্তী দাসৰ উদ্যোগত ২ আৰু ৩ এপ্ৰিলত ডিগবৈত অনুষ্ঠিত হ'বলগীয়া উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী মহিলা সকলোৱে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি গৃহিনী মহিলা সকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে নিজৰ হাতেৰে নিৰ্মান কৰা সামগ্ৰীৰে প্ৰদৰ্শনীৰ বাবে ডিগবৈ ইণ্ডিয়া ক্লাৱত অহা চাৰি এপ্ৰিলৰ দিনা ষ্টলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। অসম ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাত কণ কণ শিশুক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব Miss Fashion Icon Of Assam 2021 ৰ বিজয়ী চিমাদ্ৰিতা কাশ্যপে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্রীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ভাস্কৰ কাশ্যপ আৰু জুৰি সদস্য অসমৰে জীয়ৰী UMB Present ৰ Mrs India Director Choice 2025 ৰ অনিন্দিতা কাশ্যপ।3