শিৱসাগৰ আৰু মৰিয়নিৰ মধ্যস্থলত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ব্যাপক তৎপৰতা-বামুণপুখুৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীঃবিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত শতাধিক লোকৰ দলত যোগদান। বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।
শিৱসাগৰ আৰু মৰিয়নিৰ মধ্যস্থলত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ব্যাপক তৎপৰতা-বামুণপুখুৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীঃবিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত শতাধিক লোকৰ দলত যোগদান। বামুণপুখুৰী পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়।বনাইগড়পুৰীয়া নামঘৰৰ উদ্যোগত
আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পঞ্চায়তখনৰ প্ৰায় ৭০টা পৰিয়ালৰ শতাধিক লোকে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। অনুষ্ঠিত এই সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত
থাকি ন-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায়। যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক দিনত মৰিয়নি সমষ্টিত আৰু
অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে। উক্ত অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।
- ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷2
- জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।1
- সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।1
- আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।1
- hello friends 🤝1
- তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে সহ আন তিনিজন ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত। ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে1
- আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷1