logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

4 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
4 hrs ago

বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

More news from অসম and nearby areas
  • এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। #newsfeed #NewsUpdate
    1
    এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।

এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।
#newsfeed 
#NewsUpdate
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    20 hrs ago
  • নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    1
    নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ  বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে  আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। 
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি  বিভিন্ন  দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ  সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
  • ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty
    1
    ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ..
ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা
ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে।
তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে।
চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
.
.
.
.
#everyonefollowers 
#nonfollowers #highlight #jaybharatparty
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,, লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ হয়। এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল । ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
    1
    লিডুৰ টিৰাপ কলিয়ৰিত ডেৰ কোটী টকাৰ ড্ৰাগছ জব্দ । ,,,,,,,
লিডুত মাদকবিৰোধী অভিযানত "২০ অসম ৰাইফলছ"ৰ বৃহৎ সাফল্য ৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলত মাদকবিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ২০ অসম ৰাইফলছ আৰু লিডু আৰক্ষীয়ে। 
বুধবাৰে চলোৱা এক সুপৰিকল্পিত যৌথ অভিযানত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।
জানিব পৰা মতে, লিডু চাহ বাগিচাৰ ৬ নম্বৰ লাইনৰ বাইপাছ পথৰ সমীপত গোপন তথ্যৰ ভিত্তিত অভিযান  আৰম্ভ হয়। 
এই বৃহৎ অভিযান চলায় টিপংস্থিত ২০ নম্বৰ বেটেলিয়নৰ অসম ৰাইফলছৰ এটা দলে। 
অভিযানৰ সময়ত ২৪৪.৫০ গ্ৰাম ড্ৰাগছসহ ফিনবিৰো নিবাসী আচোঁ ৱাংছু (৩১) আৰু লিডুৰ জামিৰ আলি(৩০)ক হাতে-লোটে আটক কৰা হয়। 
এই দুজনে এখন নম্বৰবিহীন বলেৰো পিকআপ বাহন  ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল ।
ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ  ড্ৰাগছ  সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 
আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    4 hrs ago
  • লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ । লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়। জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে। নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
    1
    লিডোত ২০ অসম ৰাইফলছৰ বৃহৎ অভিযান, ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ ।
লিডো, ১৬ ছেপ্টেম্বৰ ২০২৬: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে ২০ অসম ৰাইফলছে মাৰ্ঘেৰিটা অঞ্চলৰ অন্তৰ্গত লিডোৰ বৰ্মা কেম্পত বৃহৎ অভিযান চলাই প্ৰায় ডেৰ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে।
বিশেষ সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত আছু ৱাঞ্চু (Aaccho Wanchu) নামৰ এগৰাকী মহিলা আৰু জমীৰ আলী নামৰ এজন যুৱকক আটক কৰা হয়।
জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু আটকাধীন দুয়োগৰাকী ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে লিডো আৰক্ষী থানাত গতাই দিয়া হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰকাৰ আৰু সঠিক পৰিমাণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্তৃত তথ্য প্ৰকাশ পোৱা এতিয়াও বাকী আছে।
নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ২০ অসম ৰাইফলছৰ এই অভিযানক অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    22 hrs ago
  • ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop
    1
    ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop
ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি
Cover Topics :-
sarupathar ranjit traders shop
#advertising #mobileshop
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    52 min ago
  • অবৈধ বাংলাদেশী বিতাড়ন আৰু ড্ৰাগছ-সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদঃ আৰক্ষীক জবাবদিহি | ​ অবৈধ বাংলাদেশী বিতাড়নৰ লগতে অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, অবৈধ সুৰা আৰু বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত আজি আমগুৰিৰ হালোৱাটিংত অসমীয়া যুৱ মঞ্চই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ অবৈধ সুৰা আৰু নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত সন্দেহজনক বাংলাদেশী চক্ৰ জড়িত থকাৰ অভিযোগ তুলি সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
    4
    অবৈধ বাংলাদেশী বিতাড়ন আৰু ড্ৰাগছ-সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদঃ আৰক্ষীক জবাবদিহি |
​
অবৈধ বাংলাদেশী বিতাড়নৰ লগতে অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, অবৈধ সুৰা আৰু বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত আজি আমগুৰিৰ হালোৱাটিংত অসমীয়া যুৱ মঞ্চই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ অবৈধ সুৰা আৰু নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত সন্দেহজনক বাংলাদেশী চক্ৰ জড়িত থকাৰ অভিযোগ তুলি সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান 🔴 দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান 🛑 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ‘সেৱা সংকল্প অভিযান’ পালনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। 🛑 এই অভিযানৰ অংশ হিচাপে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান তথা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ অসমবাসীক আহ্বান জনাইছে বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। 🛑 ইফালে, এই আহ্বানৰ মাজতে অসমৰ সাম্প্ৰতিক বিভিন্ন বিষয়ক লৈও সামাজিক আৰু ৰাজনৈতিক পৰিসৰত আলোচনা অব্যাহত আছে। বিশেষকৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছত ন্যায় আৰু তদন্তক লৈ উত্থাপিত প্ৰশ্নসমূহে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। 🛑 এই পৰিস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ ভূমিকা সন্দৰ্ভতো একাংশৰ মাজত বিভিন্ন মতামত প্ৰকাশ পাইছে। 👉 এজন অসমীয়া হিচাপে এই বিষয়ত আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেণ্টত জনাওক। News Desk Report | Focus Axom 24 Truth, Time, and Trust . . . . #FocusAxom24 #AssamNews #SevaSankalpAbhiyan #NarendraModi #assam
    1
    দেশৰ প্ৰধানমন্ত্ৰী মাননীয়  নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান
🔴 দেশৰ প্ৰধানমন্ত্ৰী মাননীয়  নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান
🛑 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ‘সেৱা সংকল্প অভিযান’ পালনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে।
🛑 এই অভিযানৰ অংশ হিচাপে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান তথা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ অসমবাসীক আহ্বান জনাইছে বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
🛑 ইফালে, এই আহ্বানৰ মাজতে অসমৰ সাম্প্ৰতিক বিভিন্ন বিষয়ক লৈও সামাজিক আৰু ৰাজনৈতিক পৰিসৰত আলোচনা অব্যাহত আছে। বিশেষকৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছত ন্যায় আৰু তদন্তক লৈ উত্থাপিত প্ৰশ্নসমূহে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে।
🛑 এই পৰিস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ ভূমিকা সন্দৰ্ভতো একাংশৰ মাজত বিভিন্ন মতামত প্ৰকাশ পাইছে।
👉 এজন অসমীয়া হিচাপে এই বিষয়ত আপোনাৰ মতামত কি?
আপোনাৰ মতামত কমেণ্টত জনাওক।
News Desk Report | Focus Axom 24
Truth, Time, and Trust
.
.
.
.
#FocusAxom24 #AssamNews #SevaSankalpAbhiyan #NarendraModi #assam
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    8 hrs ago
  • নুমলীগড়ত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। নুমলীগড়ৰ কাষৰীয়া কাঠনিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চুৰেচ চৰেং নামৰ লোকজনৰ বাসগৃহ। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
    1
    নুমলীগড়ত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। নুমলীগড়ৰ কাষৰীয়া  কাঠনিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চুৰেচ চৰেং নামৰ লোকজনৰ বাসগৃহ। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.