Shuru
Apke Nagar Ki App…
অবৈধ বাংলাদেশী বিতাড়ন আৰু ড্ৰাগছ-সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদঃ আৰক্ষীক জবাবদিহি | অবৈধ বাংলাদেশী বিতাড়নৰ লগতে অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, অবৈধ সুৰা আৰু বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত আজি আমগুৰিৰ হালোৱাটিংত অসমীয়া যুৱ মঞ্চই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ অবৈধ সুৰা আৰু নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত সন্দেহজনক বাংলাদেশী চক্ৰ জড়িত থকাৰ অভিযোগ তুলি সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
Farid Ali.
অবৈধ বাংলাদেশী বিতাড়ন আৰু ড্ৰাগছ-সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদঃ আৰক্ষীক জবাবদিহি | অবৈধ বাংলাদেশী বিতাড়নৰ লগতে অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, অবৈধ সুৰা আৰু বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত আজি আমগুৰিৰ হালোৱাটিংত অসমীয়া যুৱ মঞ্চই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ অবৈধ সুৰা আৰু নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত সন্দেহজনক বাংলাদেশী চক্ৰ জড়িত থকাৰ অভিযোগ তুলি সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
More news from অসম and nearby areas
- বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।1
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷4
- সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।1
- Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City Sri Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City2
- দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত।1
- বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নৱগঠিত মাকুম বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) ১.০ আৰু (CMAAA )২.০ ৰ অধীনত আৰ্থিক সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ গেলাপুখুৰীস্থিত নতুন আৱৰ্তভৱনত আয়োজন কৰে অনুষ্ঠানটো৷ সমষ্টিটোৰ পাঁচ শতাধিক লোকক সাঙুৰি আয়োজন কৰা অনুষ্ঠানটোত বিধায়ক সঞ্জয় কিষাণে উপস্থিত থাকি সম্বোধন কৰে অনুষ্ঠানটো৷1
- বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।1