Shuru
Apke Nagar Ki App…
তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
Tinsukia TIME
তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। তিনিচুকীয়া নতুন গাঁৱত আৱকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলোৱা অভিযানত ৬২০০ লিটাৰ চুলাই মদৰ পাচৰ লগতে ভালেসংখ্যক চুলাই মদ প্ৰস্তুত কৰা সা-সামগ্ৰী আৰু চুলাই মদ নষ্ট কৰে৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই থাকিব৷
More news from Tinsukia and nearby areas
- চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা দাবী ডুমডুমা সমজিলা প্ৰশাসনক স্মাৰকপত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ ডুমডুমা সমজিলা এলেকাত চলি থকা অবৈধ বালি খনন আৰু চোৰাং বালি ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে। এই দাবীৰে সংগঠনটোৱে ডুমডুমা সমজিলা প্ৰশাসনৰ আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰত অভিযোগ কৰা হয় যে ডুমডুমা আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন অঞ্চলত একাংশ বালি ব্যৱসায়ী চক্ৰই অবৈধভাৱে বালি খনন চলাই আহিছে। সংগঠনটোৰ অভিযোগ অনুসৰি ডুমডুমা অঞ্চলত পুৱতি নিশাৰ পৰা দুপৰীয়ালৈকে নৈৰ পৰা বালি খনন কৰা হৈছে। চোৰাং বালি ব্যৱসায়ৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ লগতে নদী-নৈৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে বুলি সংগঠনটোৱে উল্লেখ কৰে। স্মাৰকপত্ৰখনৰ জৰিয়তে অবৈধ বালি ব্যৱসায়ী আৰু বিক্ৰেতাসকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে। বাইট :1
- যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।2
- নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।1
- উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী উন্নয়নৰ ফোপোলা ছবিঃ ৰচি আৰু টুলুঙা নাৱেৰে ধনশিৰি পাৰ হৈ বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী 🛑গোলাঘাটৰ টেঙানিৰ আলিচিগা পাৰঘাটত বছৰ বছৰ ধৰি বিপদসংকুল যাত্ৰা। ৰচি আৰু টুলুঙা নাৱকে সাৰথি কৰি ধনশিৰি নদী পাৰ হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। পকী দলঙৰ দাবী জনাই আহিও আজিলৈকে সমাধান নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। 🛑ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কণ্ঠধ্বনী শিল্পী সমাজৰ উদ্যোগত কেইবাগৰাকীও শিল্পীৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক লাইফ জেকেট প্ৰদান কৰা হয়। ৰিপ’ৰ্টঃ চিতা চুমু দত্ত, গোলাঘাট Focus Axom 24 . . . . #Golaghat #AssamNews #nonfollowers #follower #FocusAxom241
- সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।1
- *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।* বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।4
- যোৰহাটত আৰক্ষীৰ নাকৰ তলতে চুৰি: প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০-২৫০ মিটাৰ নিলগৰ মোকতব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰি কাৰ্য সংঘটিত হৈছে। দিনৰ ভাগত বিফল হৈ চোৰে নিশা খিৰিকীৰ হুক ভাঙি বিদ্যালয়খনৰ পৰা চাৰিখন চিলিং ফেন লৈ উধাও হয়। আৰক্ষীৰ নিচেই কাষতে সংঘটিত এই চুৰি কাৰ্য সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।4
- মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।1
- বোকাজানত ১০৮ সেৱাৰ দুৰৱস্থাক লৈ স্মাৰক পত্ৰ, মহকুমাধিপতিক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী বোকাজানত ১০৮ সেৱাৰ দুৰৱস্থাক লৈ স্মাৰক পত্ৰ, মহকুমাধিপতিক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম নাৰী শক্তি সংস্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে ১০৮ মৃত্যুঞ্জয় সেৱাৰ একাংশ জৰাজীৰ্ণ বাহনৰ বিৰুদ্ধে বোকাজান মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে। বাহনসমূহ শীঘ্ৰে পৰিদৰ্শন, মেৰামতি অথবা সলনি কৰাৰ লগতে ৰোগীৰ বাবে সুৰক্ষিত আৰু পৰিষ্কাৰ পৰিবহণ ব্যৱস্থা নিশ্চিত কৰাৰ দাবী জনায় সংস্থাটোৱে। . . . . #nonfollowers #108Ambulance #everyonefollowers #AssamNews #FocusAxom241