Shuru
Apke Nagar Ki App…
নিখিল ভাৰত শ্ৰমিক মহাসভাৰ শিৱসাগৰ জিলা পৰিষদৰ উদ্যোগত শিৱসাগৰত আন্তৰ্জাতিক মে' দিৱস উদযাপন।শিৱসাগৰ নগৰৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাৰ্যালয়ত আজি অনুষ্ঠিত শ্ৰমিক দিৱস পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হয়।চিপিআই দলৰ জিলা সম্পাদক মনি বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে AITUCৰ সম্পাদক মদন বৰুৱাই।সভাত উপস্থিত বিভিন্ন শ্ৰমিক সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকি শ্ৰমিক দিৱস সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।সভাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক তথা AITUCৰ উপদেষ্টা কনক গগৈয়ে স্বাধীনতাৰ আগৰ পৰা স্বাধীন ভাৰতৰলৈকে কিদৰে শ্ৰমিকৰ অধিকাৰ বিঘ্নিত হৈ আহিছিল সেই কথা উল্লেখ কৰি শ্ৰমিক অধিকাৰ সন্দৰ্ভত বক্তব্য ৰাখে।আজিৰ সভাত বিভিন্ন দল-সংগঠনৰ বহু নেতৃত্বৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Mustak ali

More news from অসম and nearby areas
- Post by Mustak ali1
- এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।4
- কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ1
- Post by Charaideo news1
- Post by Moran Dorpon1
- সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।1
- EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL ৰ মতে অসমত এইবাৰ গঠন হ'ব বি জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।1
- Post by Mustak ali1