Shuru
Apke Nagar Ki App…
চিৰাং জিলাৰ ৩নং ওদালগুৰিৰ নুৰে জামে মছজিদৰ উন্নতিকল্পে মধুৰ সুৰত মিলাদ অনুষ্ঠিত কৰা হৈছে। এই মছজিদ ভাগৰ উন্নয়নৰ বাবেই অতি মধুৰ সুৰেৰে মিলাদ পাঠ কৰা হৈছে।
Odalguritv viral
চিৰাং জিলাৰ ৩নং ওদালগুৰিৰ নুৰে জামে মছজিদৰ উন্নতিকল্পে মধুৰ সুৰত মিলাদ অনুষ্ঠিত কৰা হৈছে। এই মছজিদ ভাগৰ উন্নয়নৰ বাবেই অতি মধুৰ সুৰেৰে মিলাদ পাঠ কৰা হৈছে।
More news from অসম and nearby areas
- চিৰাং জিলাৰ ৩নং ওদালগুৰিৰ নুৰে জামে মছজিদৰ উন্নতিকল্পে মধুৰ সুৰত মিলাদ অনুষ্ঠিত কৰা হৈছে। এই মছজিদ ভাগৰ উন্নয়নৰ বাবেই অতি মধুৰ সুৰেৰে মিলাদ পাঠ কৰা হৈছে।1
- ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে চলাই অহা অভিযানৰ অংশস্বৰূপ ১২ জুলাই তাৰিখে বঙাইগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। বঙাইগাঁৱৰ বীৰঝোৰা চাহ বাগিচাত সম্পূৰ্ণ স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক নীতি-নিয়ম মানি চলি প্ৰায় ৬.৬৩ কোটি টকা বজাৰ মূল্যৰ জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰৱ্য জুইত পুৰি সফলতাৰে বিনষ্ট কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নষ্ট কৰা ড্ৰাগছখিনিৰ সৰ্বমুঠ বজাৰ মূল্য আছিল ৬,৬৩,৩৫,৪৫০ টকা। ইয়াৰ ভিতৰত ৫,১৩,৫৪,৬৫০ টকা মূল্যৰ ১০২৭.০৯৩ কিলোগ্ৰাম গাঞ্জা, ৫৮,৯১,৮০০ টকা মূল্যৰ ২৯৪.৫৯ গ্ৰাম হেৰোইন, ২৫,৩৫,০০০ টকা মূল্যৰ ৫০৭০ টা টেবলেট, ৬৫,৪২,০০০ টকা মূল্যৰ ১৩.০৮৪ কিলোগ্ৰাম কানি (Opium) আৰু ১২,০০০ টকা মূল্যৰ ২৪ টা কেপচুল বিনষ্ট কৰা হয়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকৰ লগতে ড্ৰাগছ নিষ্কাশন সমিতি, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, গাওঁ প্ৰতিৰক্ষা বাহিনী, নাগৰিক সমিতি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সামগ্ৰীসমূহ ধ্বংস কৰা হয়। আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ প্ৰতি এক কঠোৰ সকীয়নি প্ৰদান কৰিছে।1
- বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নিউ পিৰাধৰা হৰিপুৰ ৰাস্তাখন প্ৰায় ৫ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। সেয়েহে এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰাৰ বাবে আবেদন জনোৱা হৈছে।3
- দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।1
- বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।1
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ যুঁজৰ হুংকাৰ দিছে ছাত্ৰ সংগঠন SFI-য়ে। এক সংবাদমেল সম্বোধন কৰি SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। ইয়াৰ উপৰিও জেললৈ যোৱাৰ ভয় কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু RSS ৰহে আছে, SFI ৰ তেনেকুৱা কোনো ভয় নাই বুলি তেওঁ দাবী কৰে। সংবাদমেলত SFI ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা ‘ভাইৰাছ’ বুলি আখ্যা দিয়া হয়। ৰাজদ্বীপ মহন্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মাই বাটৰ গুণ্ডা আৰু মাৱালিৰ দৰে ভাষ্য প্ৰদান কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীগৰাকী বাটৰ গুণ্ডা আৰু মাৱালিৰ পৰা কোনো কাণতে পৃথক নহয়।1
- ধুবুৰীত এক ঐতিহাসিক অট্টালিকা কেনেকৈ খহি পৰিল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আজিকালি মাটি দুৰ্বল হৈ থকাৰ বাবেই এই ঐতিহাসিক বিল্ডিংখন খহি পৰা বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।1
- ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক ক্ৰমে অপিয়ল হক আৰু নুৰ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম সাংবাদিক মঞ্চই। শনিবাৰে সংঘটিত হোৱা এই আক্ৰমণ আৰু অপদস্থৰ ঘটনাক ধিক্কাৰ জনাই মঞ্চৰ সভাপতি ছেলিম সেখে দোষী দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।1