উচ্চতৰ মাধ্যমিকৰ ভাল ফলাফল ল'বলৈ জীয়াই নাথাকিল মৰাণৰ দীক্ষিতা শইকীয়া ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা দীক্ষিতাৰ ঘৰত শোকাকুল পৰিৱেশ আজি তিলনি দিনাই আহিল দীক্ষিতাৰ ফলাফলৰ খবৰটো মৰাণৰ এটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । মৰাণৰ ডোমৰ দলং গাঁৱৰ পিতৃ ৰত্ন শইকীয়া আৰু মাতৃ প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । কিন্তু এই ফলাফললৈ ৰৈ নাথাকিলে দীক্ষিতা শইকীয়া । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । যোৱা শনিবাৰে ছাত্ৰী গৰাকীৰ হঠাৎ পেটৰ বিষ হোৱাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰু এই চিকিৎসালয়খনতে দেওবাৰে পুৱতি নিশা মৃত্যুক আকোৱালি ললে ছাত্ৰী গৰাকীয়ে । আজি তাইৰ তিলনি । এক শোকাকুল পৰিৱেশৰ মাজত তিলনী চলি থকাৰ মাজতে আহিল পৰীক্ষা ফলাফলৰ খবৰটো । যাৰ বাবে তাত উপস্থিত থকা সকলোৱে চকুত চকুলো ববলৈ ধৰে ।

- মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।1
- Post by Mustak ali1
- *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।1
- Breaking news - লেখাপানীৰ শিঙৰি গাঁৱত দ্বিতীয় বিশ্ব যুদ্ধৰ এটা প্ৰকাণ্ড গুলি উদ্ধাৰ। উদ্ধাৰ হোৱা গুলিটো টেঙ্কৰ বুলি ধাৰণা কৰা হৈছে। মহম্মদ ইছমাইল নামৰ বক্তিজনৰ দোকান ঘৰৰ গাঁত খান্দি থকাৰ সময়তে উদ্ধাৰ গুলিটো।1
- বৰদলৈ নগৰত অনলাইন লটাৰী প্ৰৱঞ্চনা, সতৰ্কতাৰ আহ্বান1
- Post by Moran Dorpon1
- পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী।1
- *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।1