তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰ, ১৫ মাৰ্চ: যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰ, ১৫ মাৰ্চ: যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ
মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট
আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল
ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
- 📌বাক্সাৰ শালবাৰীত নিশা প্ৰচণ্ড ধুমুহা, ব্জ্ৰপাত। 📌শালবাৰীৰ শান্তিবজাৰত বজ্ৰপাত পৰি বিস্তৰ ক্ষতি কেইবাটাও পৰিয়ালৰ ।1
- Post by Shakil Ahmed- ABC News Digital1
- 📌প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত নাথাকিব!” – মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 📌২০২৯ত বিজেপিত যোগ দিব পাৰে প্ৰদ্যুৎ বৰদলৈ!” – হিমন্তৰ ডাঙৰ দাবী 📌 কংগ্ৰেছৰ ভিতৰতে সংঘাত? প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য 📌“স্বাভিমান আছে প্ৰদ্যুৎ বৰদলৈৰ” – ১৫ বছৰৰ অভিজ্ঞতাৰে ক’লে মুখ্যমন্ত্ৰী #PradyutBordoloi #HimantaBiswaSarma #AssamPolitics #AssamNews #AssamElection2026 #Congress #BJPAssam #BreakingNewsAssam #PoliticalNews #NewsAssam1
- ৰঙিয়া নগৰৰ ৰাইজক বিশুদ্ধ পানী খুৱাব খোজা অমৰুত আঁচনিয়ে জ্বলাকলা খুৱাইছে ৰঙিয়াবাসীক।1
- ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।1
- লাইক শেয়ার কমেন্ট করুন প্লিজ1
- ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম ➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প। #NewsUpdate #DigantaGayari #salbari #ABCNewsAssam1
- #PabitraMargherita #AssamElection #BJPAssam #AssamPolitics #HimantaBiswaSarma #AssamDevelopment #ElectionNews #AssamNews #NorthEastPolitics1
- কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।1